শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকাৰ সংসদত গৃহীত ‘ৱান বিগ বিউটিফুল বিল’, বৃদ্ধি পোৱাৰ দিশে ট্ৰাম্প-ইলনৰ সংঘাত…

আমেৰিকাৰ সংসদত গৃহীত ৱান বিগ বিউটিফুল বিল। বিধেয়কখনে ২১৮জন সাংসদৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে ২১৪ জনে ইয়াৰ বিৰোধিতা কৰে।

আমেৰিকাৰ সংসদত গৃহীত ‘ৱান বিগ বিউটিফুল বিল’, বৃদ্ধি পোৱাৰ দিশে ট্ৰাম্প-ইলনৰ সংঘাত…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
barasha-sarma
Barasha Sarma | Published: 04 Jul 2025 08:16 AM

অৱশেষত সংসদত গৃহীত হ’ল আমেৰিকাৰ বহু চৰ্চিত ‘ৱান বিগ বিউটিফুল বিল’। বৃহস্পতিবাৰে গভীৰ নিশা ড’নাল্ড ট্ৰাম্পৰ অভিলাষী বিধেয়কখনে দেশৰ সংসদৰ চূড়ান্ত অনুমোদন লাভ কৰিছে। বিধেয়কখনে ২১৮জন সাংসদৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে ২১৪ জনে ইয়াৰ বিৰোধিতা কৰে। এই কৰ বিধেয়কখন সদনে চূড়ান্ত অনুমোদন দিয়াৰ লগে লগে বিধেয়কখন স্বাক্ষৰৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ প্ৰেৰণ কৰা হয়। বিধেয়কখন গৃহীত হোৱা ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।

ছিনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ পৰা বিধেয়কখন গৃহীত হোৱাৰ পিছত এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হৈছে। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ট্ৰাম্পৰ বহু ডাঙৰ নীতিয়ে আইনী শক্তি লাভ কৰে, য’ত গণ বিতাড়ন (বহু সংখ্যক অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱা), সামৰিক আৰু সীমান্ত নিৰাপত্তাৰ বাবে অধিক খৰচ কৰা, আৰু প্ৰথম কাৰ্যকালৰ কৰ ৰেহাই বৃদ্ধি কৰা আদি অন্তৰ্ভুক্ত।

বিশেষত্ব কি

এই বিধেয়কখনত কৰ কৰ্তন, সামৰিক বাজেট, প্ৰতিৰক্ষা আৰু শক্তি উৎপাদনৰ বাবে ব্যয় বৃদ্ধিৰ লগতে স্বাস্থ্য আৰু পুষ্টি কাৰ্যসূচী কৰ্তন আদি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। বিধেয়কখনত অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বাবে ব্যয় বৃদ্ধিৰ কথাও উল্লেখ আছে। অৱশ্যে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে ইলন মাস্কে।

  • এই পেকেজৰ অগ্ৰাধিকাৰ হৈছে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত কাৰ্যকৰী কৰা ৪.৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ কৰ কৰ্তন কাৰ্যকৰী কৰা।
  • কৰ্মচাৰীসকলে টিপচ্ আৰু অভাৰটাইম পে’ কৰ্তনৰ অনুমতি।
  • বছৰি ৭৫,০০০ মাৰ্কিন ডলাৰৰ কম উপাৰ্জন কৰা বৃদ্ধসকলৰ ৬,০০০ মাৰ্কিন ডলাৰ কৰ্তন।

সমালোচনাত কিয়

  • দৰিদ্ৰৰ ওপৰত প্ৰভাৱ পৰিব। খবৰ অনুসৰি এই বিধেয়কখনে ১.৭ কোটি লোকৰ স্বাস্থ্য বীমা নোহোৱা কৰিব পাৰে।
  • গ্ৰাম্য চিকিৎসালয়সমূহো বন্ধ হোৱাৰ সম্ভাৱনা আছে।
  • ডেম’ক্ৰেটসকলে ইয়াক ধনী লোকৰ বাবে কৰ উপহাৰ আৰু দুখীয়াৰ বাবে কৰ কৰ্তন বুলি অভিহিত কৰিছে।
  • ইভি (ইলেক্ট্ৰিক ভেহিকেল) ৰাজসাহায্যৰ অন্ত পৰাৰ ফলত ট্ৰাম্প আৰু ইলন মাস্কৰ মাজতো সংঘাত বৃদ্ধি পাইছে।এই
  • বিধেয়কখনে ধনী লোকক লাভান্বিত কৰিব আৰু মধ্যবিত্ত আৰু দুখীয়াৰ ক্ষতি কৰিব পাৰে।

এই বিধেয়কখন কি

ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ নীতিগত কাৰ্যসূচী আৰু প্ৰচাৰৰ প্ৰতিশ্ৰুতিসমূহ ‘ৱান বিগ বিউটিফুল বিল’ (OBBB)ত একেলগে ৰাখিছে। কিন্তু ইয়াৰ ফলত ফেডাৰেল ঘাটি আৰু অধিক বৃদ্ধি পাব। ইয়াৰোপৰি একাংশই ইয়াৰ ফলত আমেৰিকাৰ ঋণৰ পৰিমাণ বৃদ্ধি পাব বুলি আশংকা কৰিছে। এই বিধেয়কখন কাৰ্যকৰী হ’লে এফালে কৰ কৰ্তন আৰু আনফালে ব্যয় বৃদ্ধি হ’ব। ইয়াৰ ফলত আমেৰিকা চৰকাৰৰ আৰ্থিক অৱস্থা আৰু বেয়া হ’ব পাৰে।

উল্লেখ্য যে, আৰম্ভণিৰ পৰা এই বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কে। কিছুদিন পূৰ্বে মাস্কে কৈছিল যে, যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে তাৰ পিছদিনাই আমেৰিকা পাৰ্টী গঠন কৰা হ’ব। অৱশ্যে বিধেয়কখন গৃহীত হোৱাৰ পাছত এতিয়ালৈকে মাস্কে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। এই বিধেয়কৰ ফলত ইলন মাস্ক আৰু ট্ৰাম্পৰ মাজত দূৰত্ব আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে দুয়োৰে মাজত চলি থকা বিবাদ কি পৰ্যায় পাইগৈ সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্প শত্ৰু-চীন বন্ধু! ‘আমেৰিকা পাৰ্টী’ নামেৰে নতুন দল গঠন কৰিব ইলন মাস্কে…