শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্প শত্ৰু-চীন বন্ধু! ‘আমেৰিকা পাৰ্টী’ নামেৰে নতুন দল গঠন কৰিব ইলন মাস্কে…

নতুন ৰাজনৈতিক দল মুকলি কৰাৰ হুংকাৰ বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ। ৱান বিগ বিউটিফুল বিল গৃহীত হোৱাৰ পৰৱৰ্তী দিনাই মাস্কে নতুন দল গঠন কৰাৰ ঘোষণা কৰে। মাস্কৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে একাংশ চীনৰ নাগৰিকে।

ট্ৰাম্প শত্ৰু-চীন বন্ধু! ‘আমেৰিকা পাৰ্টী’ নামেৰে নতুন দল গঠন কৰিব ইলন মাস্কে…
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 03 Jul 2025 15:33 PM

কোৱা হয়, শত্ৰুৰ শত্ৰু আমাৰ বন্ধু হয়! শেহতীয়াকৈ চীনৰ এক কাণ্ডই যেন এই কথাকেই প্ৰমাণ কৰিছে। ইলন মাস্কলৈ সমৰ্থন চীনৰ নাগৰিকৰ। যোৱা কেইটামান দিনৰ পৰা বিশ্বৰ ধনী ব্য়ক্তি ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বিবাদক লৈ চৰ্চা চলি আছে। ইয়াৰ মাজতে চীনৰ এই সিদ্ধান্তই দুয়োৰে বিবাদত নতুন গতি প্ৰদান কৰিব বুলি ক’ব পাৰি।

ইলন মাস্কে ট্ৰাম্পৰ ‘ৱান বিগ বিউটিফুল বিল’ক সস্তীয়া আৰু উন্মাদ বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে ‘আমেৰিকা পাৰ্টি’ নামৰ নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে। এই বিধেয়কখন শেহতীয়াকৈ আমেৰিকাৰ চেনেটত গৃহীত হৈছে, যাৰ বাবে দেশখনৰ ঋণ ৩.৩ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

সামাজিক মাধ্যমত মাস্কে এটা পোষ্টত লিখিছে যে, “যদি পাগলামিৰে ভৰা বিধেয়কখন গৃহীত হয় তেন্তে ইয়াৰ এদিন পাছতেই আমেৰিকা পাৰ্টী গঠন হ’ব। আমাৰ দেশক ডেম’ক্ৰেট-ৰিপাব্লিকান একদলীয় ব্যৱস্থাৰ পৰা পৃথক হৈ এটা এনে দলৰ প্ৰয়োজন যিয়ে আমেৰিকাৰ জনতাৰ কণ্ঠ হয়”।

মাস্কৰ এই মন্তব্যৰ পাছতেই চীনৰ ছ’চিয়েল মিডিয়া চাইট ৱেইব’ত #MuskWantsToBuildAnAmericaParty হেচটেগ ভাইৰেল হৈ পৰে আৰু ৩৭ মিলিয়নতকৈ অধিক লোকে এই পোষ্ট চায়।

 

ইলন মাস্কে চীনৰ পৰা বিপুল সমৰ্থন লাভ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে- ‘ইলন মাস্কে যদি নতুন দল গঠন কৰে তেন্তে তেওঁৰ প্ৰযুক্তিগত চিন্তাধাৰাই ৰাজনীতিত নতুন শক্তি কঢ়িয়াই আনিব। এই পৰিৱৰ্তন চোৱাৰ যোগ্য’। আন এজনে লিখে যে- ‘মাস্ক, আপোনাৰ লগত আমাৰ এক বিলিয়নতকৈও অধিক মানুহ আছে।’চীনত মাস্কৰ জনপ্ৰিয়তাৰ কাৰণ হৈছে তেওঁৰ ব্যৱসায়িক সফলতা আৰু তাত থকা শীৰ্ষ নেতাসকলৰ সৈতে সম্পৰ্ক।

ইয়াৰ পাছতে ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যম ট্ৰুথত কয় যে, ‘ৰাজসাহায্য অবিহনে মাস্কে নিজৰ দোকান বন্ধ কৰি দক্ষিণ আফ্ৰিকালৈ উভতি যাব লাগিব।’ ইয়াৰ উত্তৰত মাস্কে এক্সত লিখিছে যে ‘মই সঁচাকৈ কৈছো, সকলো ৰাজসাহায্য নিৰ্মূল কৰক।’ মাস্কে কয় যে এই বিধেয়কখনে কেৱল ঋণ বৃদ্ধি কৰাই নহয়, বৈদ্যুতিক বাহন আৰু নবীকৰণযোগ্য শক্তিৰ বাবে দিয়া ৰাজসাহায্য বন্ধ কৰি লাখ লাখ চাকৰি বিপন্ন কৰিব।

উল্লেখ্য যে, এই বিধেয়কখন মাস্কে ৰাজজনৈতিক আত্মহত্যা বুলি অভিহিত কৰিছিল। তাৰ পাছতেই ট্ৰাম্প আৰু মাস্কৰ মাজত বিবাদ আৰম্ভ হৈছিল। ইয়াৰ উত্তৰত ট্ৰাম্পে মাস্কৰ কোম্পানীয়ে লাভ কৰা ৰাজসাহাৰ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। লগতে হুংকাৰ দিছিল যে, মাস্কৰ কোম্পানীৰ ওপৰত ট্ৰাম্পে ৰাজসাহাৰ্য বন্ধ কৰি দিব। দুয়ো মাজত চলি থকা এই বিবাদে এতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। গতিকে মাস্কে নতুন দল খুলিলে আমেৰিকাৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ যে ডাঙৰ পৰিবৰ্তন হব সেয়া নিশ্চিত। লগতে ই বিশ্ব ৰাজনীতিতো প্ৰভাৱ পেলাব।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্প আৰু ইলনৰ সম্পৰ্কত ফাঁট! মুকলিকৈ কৰি গৈছে বিৰোধিতা, ক’লে ডাঙৰ কথা…