শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইৰাণৰ আক্ৰমণত জোকাৰি গ’ল হাইফা, ইজৰাইলৰ বাবে কিয় গুৰুত্বপূৰ্ণ এই চহৰখন?

ইৰাণে ইজৰাইলৰ হাইফা চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে। এই চহৰখন ইজৰাইলৰ তৃতীয় বৃহত্তম চহৰ আৰু প্ৰধান বন্দৰ, যাৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব অতিশয় বেছি। এই আক্ৰমণে ইজৰাইলৰ আমদানি আৰু ৰপ্তানিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব।

ইৰাণৰ আক্ৰমণত জোকাৰি গ’ল হাইফা, ইজৰাইলৰ বাবে কিয় গুৰুত্বপূৰ্ণ এই চহৰখন?
ইৰাণৰ আক্ৰমণত জোকাৰি গ'ল হাইফা
barasha-misra
Barasha Misra | Published: 15 Jun 2025 11:37 AM

ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰাণে পুনৰবাৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। দেওবাৰে পুৱা ইৰাণৰ আক্ৰমণত জোকাৰি গৈছে ইজৰাইলৰ হাইফা চহৰ। এই আক্ৰমণৰ পিছত মহানগৰীৰ বহু অট্টালিকা অগ্নিগদগ্ধ হয়। খবৰ অনুসৰি এই আক্ৰমণত হাইফাৰ তেল শোধনাগাৰক লক্ষ্য কৰি লোৱা হৈছে, য’ত আক্ৰমণৰ পিছত জুইৰ লেলিহান শিখাই এফালৰ পৰা সকলো শেষ কৰি গৈছে।

ইজৰাইলৰ স্থানীয় সংবাদ মাধ্যমে হাইফাৰ সমীপৰ এটা কৌশলগত কমপ্লেক্সত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হাইফা শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বুলি আই আৰ জি টেলিগ্ৰাম চেনেলে প্ৰকাশ কৰে। ইজৰাইলৰ চেনেল ১২ ই হাইফাৰ সমীপৰ এটা কৌশলগত স্থানত অগ্নিকাণ্ড সংঘটিত হোৱাটো নিশ্চিত কৰিছে। ইজৰাইলৰ বাবে হাইফা চহৰখন অতি গুৰুত্বপূৰ্ণ, এই চহৰখনৰ ওপৰত আক্ৰমণে ইজৰাইলক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি তুলিব।

হাইফা কিয় গুৰুত্বপূৰ্ণ?

ইৰাণে আক্ৰমণ কৰা ইজৰাইলৰ হাইফা চহৰখন ইজৰাইলৰ তৃতীয় বৃহত্তম চহৰ, য’ত প্ৰায় তিনি লাখ লোক বাস কৰে। এইখন ইজৰাইলৰ পোৰ্ট চিটি আৰু ইয়াৰ কৌশলগত গুৰুত্ব আছে। ইজৰাইলৰ অধিকাংশ আমদানি হাইফাৰ পৰা কৰা হয়। হুথী দ্ধাৰ লাল সাগৰক বন্ধ কৰাৰ পিছত ইজৰাইলেও কিছু ব্যৱসায় ইলাট পোৰ্টৰ পৰা হাইফালৈ স্থানান্তৰিত কৰিছে।

ট্ৰু প্ৰ’মিচ ৩ ৰ নতুন ঢৌ

ইৰাণে শনিবাৰে নিশা এক বিবৃতিত কয় যে, ইজৰাইল শাসনৰ বিৰুদ্ধে বেলিষ্টিক মিছাইল আৰু ড্ৰ’নেৰে ‘ট্ৰু প্ৰ’মিচ ৩ অপাৰেচন’ৰ নতুন ঢৌ আৰম্ভ কৰিছে। ইজৰাইল সেনাৰ তথ্য অনুসৰি উত্তৰ অঞ্চলত ইৰাণৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়।

অপাৰেচন ট্ৰু প্ৰ’মিজ ৩ আৰু অপাৰেচন ৰাইজিং লায়ন

শুকুৰবাৰে সন্ধিয়া ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণে অপাৰেচন ট্ৰু প্ৰমিজ ৩ আৰম্ভ কৰিছে আৰু দুদিন পিছতো অপাৰেচন চলি আছে। শুকুৰবাৰে পুৱাৰ ভাগত ইজৰাইলে ইৰাণৰ বিৰুদ্ধে অপাৰেচন ৰাইজিং লায়ন আৰম্ভ কৰিছিল, যাৰ লক্ষ্য ইৰাণক পাৰমাণৱিক সক্ষম হোৱাত বাধা দিয়া বুলি কোৱা হৈছে।