শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Air India Plane Crash Live: বিমান দুৰ্ঘটনাত পৰিয়ালৰ সকলো সদস্য মৃত্যু হ'লে কোনে পায় ক্ষতিপূৰণ?

Air India Plane Crash Live: বিমান দুৰ্ঘটনাত পৰিয়ালৰ সকলো সদস্য মৃত্যু হ’লে কোনে পায় ক্ষতিপূৰণ?

manas-borah
Manas Borah | Published: 14 Jun 2025 20:26 PM

সাধাৰণতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালে লাভ কৰে ক্ষতিপূৰণ । এতিয়া প্ৰশ্ন হয় আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়ালসহ বহু লোকৰ মৃত্যু হৈছে । তেনে ক্ষেত্ৰত সেইসকল লোকৰ ক্ষতিপূৰণ কোনে লাভ কৰিব ?

আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২৫০ জনতকৈ অধিক লোকে । দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান । এই দুৰ্ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াই শোক বাৰ্তাৰে নিজৰ সামাজিক মাধ্যমৰ প্ৰফাইল ফটো ক’লা কৰি ৰাখিছিল । একে সময়তে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে ক্ষতিপূৰণ ঘোষণা কৰে ।

এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে এন চন্দ্ৰশেখৰনে । একেদৰে আহতসকলৰ চিকিৎসাৰ সকলো দায়িত্ব টাটা গ্ৰুপে লয়। ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত চিকিৎসা মহাবিদ্যালয়খনকো সহায় কৰিব টাটা গ্ৰুপে।

সাধাৰণতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালে লাভ কৰে ক্ষতিপূৰণ । এতিয়া প্ৰশ্ন হয় আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়ালসহ বহু লোকৰ মৃত্যু হৈছে । তেনে ক্ষেত্ৰত সেইসকল লোকৰ ক্ষতিপূৰণ কোনে লাভ কৰিব ? এই সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা অৰিন্দম দাসে কেইবাটাও কথা জানিবলৈ দিছে ।