শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Video: কৰিশ্মাৰ দুই সন্তান বাবে কিমান সম্পত্তি এৰি থৈ গ’ল প্ৰাক্তন স্বামী সঞ্জয়ে?

Video: কৰিশ্মাৰ দুই সন্তান বাবে কিমান সম্পত্তি এৰি থৈ গ’ল প্ৰাক্তন স্বামী সঞ্জয়ে?

barasha-misra
Barasha Misra | Published: 14 Jun 2025 22:11 PM

সঞ্জয় কাপুৰে ২০০৩ চনত অভিনেত্ৰী কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ জীৱনলৈ দুটিকৈ সন্তানো আহে, নাম সমেইৰা আৰু কিয়ান।

কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ দেহাৱসান। এই মুহূৰ্তত শোকত ভাগি পৰিছে কাপুৰ পৰিয়াল। বিবাহ বিচ্ছেদৰ পিছত বিগত ১১ বছৰ ধৰি দুয়োজনে পৃথকে পৃথকে আছিল। সঞ্জয় কাপুৰে ২০০৩ চনত অভিনেত্ৰী কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ জীৱনলৈ দুটিকৈ সন্তানো আহে, নাম সমেইৰা আৰু কিয়ান।

২০১৪ চনত দম্পতীহালে বিবাহ বিচ্ছেদৰ বাবে আবেন দাখিল কৰে। ২০১৬ চনত আইনীভাৱে দুয়োৰে বিবাহ বিচ্ছেদ হয়। বিচ্ছেদৰ পিছতো সঞ্জয়ে কেতিয়াও সন্তানৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰা নাছিল। বৰঞ্চ তেওঁ বিচাৰিছিল যে তেওঁৰ সন্তান দুটি কোনো সমস্যা নোহোৱাকৈ ডাঙৰ হওক। সেইবাবে ২০১৬ চনত তেওঁ ১৪ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। যাৰ পৰা কৰিশ্মা কাপুৰে সন্তানৰ খৰচৰ বাবদ সুত হিচাপে ১০ লাখ টকা লাভ কৰে। ইয়াৰ উপৰিও সঞ্জয় কাপুৰৰ পিতৃ গৃহ কৰিশ্মা কাপুৰৰ নামত লিখি দিয়ে।