শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাটিত পেলাই হেঁচি ধৰিলে ডিঙিত, তাৰ পাছত…পুনৰ বিদেশত প্ৰাণ গ’ল ভাৰতীয়ৰ…

পুনৰ বিদেশত প্ৰাণ গ'ল ভাৰতীয়ৰ। এজন অষ্ট্ৰেলিয়াৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই হত্যাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাটিত পেলাই হেঁচি ধৰিলে ডিঙিত, তাৰ পাছত…পুনৰ বিদেশত প্ৰাণ গ’ল ভাৰতীয়ৰ…
গৌৰৱImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 15 Jun 2025 21:09 PM

পুনৰ বিদেশত হত্যা ভাৰতীয়ক। অষ্ট্ৰেলিয়াত এজন ভাৰতীয়ক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে। অভিযোগ অনুসৰি আৰক্ষী বিষয়াগৰাকীয়ে অনিচ্ছাকৃতভাৱে এই কাণ্ড সংঘটিত কৰে। আৰক্ষী বিষয়াগৰাকীয়ে ভাৰতীয় মূলৰ এই যুৱকজনক ধৰি মাটিত পেলাই দিয়ে আৰু তাৰ পাছত আঁঠুৰে ডিঙিত হেঁচা মাৰি ধৰে। ইয়াৰ ফলত যুৱকজনৰ অৱস্থাৰ অধিক অৱনতি হয় আৰু লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাধীন অৱস্থাত যুৱকজনে মৃত্যুক সাৱতি লয়।

ভাৰতীয় মূলৰ বাসিন্দা ৪২ বছৰীয়া গৌৰৱ কুণ্ডী অষ্ট্ৰেলিয়াৰ এডিলেইডৰ মডবেৰী নৰ্থত বাস কৰিছিল। কিছুদিন পূৰ্বে যুৱকজনক মগজুৰ আঘাতৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে দুদিন পূৰ্বে তেওঁৰ মৃত্যু হয়। ইয়াৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে। য’ত প্ৰকাশ পাই যে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ মতে, আৰক্ষী বিষয়াজনে আঁঠুৰে কুণ্ডীৰ ডিঙিত হেঁচা মাৰি ধৰিছিল।

অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৰয়ষ্টন পাৰ্কত কুণ্ডীক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলোৱা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছিল যে, কুণ্ডী আৰু এগৰাকী মহিলাই কাজিয়া কৰি আছিল। সেই মহিলাগৰাকী আছিল তেওঁৰ পত্নী অমৃতপাল কৌৰ। আৰক্ষীয়ে তেতিয়া কুণ্ডীক ঘৰুৱা হিংসাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰিছিল। তেতিয়া মহিলাগৰাকী আৰু কুণ্ডীয়ে কৈছিল যে তেওঁলোকৰ কাজিয়া লগা নাই , সকলো ঠিকে আছে।

গ্ৰেপ্তাৰৰ সময়তে আৰক্ষীয়ে কুণ্ডীৰ ডিঙিত আঁঠুৰে হেঁচি ধৰে। কিন্তু তেতিয়াই গৌৰৱৰ অৱস্থা অধিক বেয়া হ’বলৈ ধৰে আৰু লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰৰ সময়ত কুণ্ডীয়ে আৰক্ষীৰ সৈতে মাৰপিট কৰাৰ চেষ্টা কৰিছিল আৰু সেই সময়ত তেওঁ মদ্যপানো কৰি আছিল। আৰক্ষীয়ে জনাই যে, গৌৰৱ আৰু মহিলাগৰাকীয়ে তৰ্কা-তৰ্কি থকা অৱস্থাত সেই সময়ত ওচৰৰে গৈ থকা টহলকাৰী দলে সেয়া ঘৰুৱা হিংসা ঘটনা বুলি ভাবিছিল।

ঘটনা সন্দৰ্ভত কুণ্ডীৰ পত্নী অমৃতপাল কৌৰে কয় যে, তেওঁ স্বামী নিচাযুক্ত অৱস্থাত আছিল আৰু সেইবাবে চিঞৰি আছিল। সেয়া কোনো ঘৰুৱা হিংসাৰ ঘটনা নাছিল। ইয়াৰ মাজতে দক্ষিণ অষ্ট্ৰেলিয়া (এছএ) আৰক্ষী আয়ুক্ত গ্ৰাণ্ট ষ্টিভেন্সে এবিচি ৰেডিঅ’ এডিলেইডক জনোৱা মতে এই ঘটনাৰ তদন্ত কৰা হ’ব। তদন্তৰ সময়ত আৰক্ষীৰ নীতি, পদ্ধতি, পদ্ধতি, য’ত পৰিঘটনাৰ প্ৰতি সঁহাৰি জনোৱাৰ সন্দৰ্ভত প্ৰশিক্ষণো পৰ্যালোচনা কৰা হ’ব। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ নতুন বিপদৰ আশংকা! ট্ৰাম্পৰ সকীয়নিৰ পাছতে আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ..