TV9 ASSAM
যেতিয়া যকৃতত অত্যাধিক পৰিমাণৰ চৰ্বি জমা হয় তেতিয়া ইয়াক ফেটি লিভাৰ বুলি কোৱা হয়। ই যকৃতৰ কাম কাজত প্ৰভাৱিত কৰে। ইয়াৰ বাবে যকৃতৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।
ফেটি লিভাৰৰ কাৰণ বহুত আছে। অত্য়াধিক সুৰাপান, বেয়া খাদ্য, ধুমপান, মেদবহুলতা, ব্যায়াম নকৰা আদিৰ বাবে ফেটি লিভাৰ হয়। গতিকে সুস্থ জীৱনশৈলী মানুহে গ্ৰহণ কৰিব লাগে।
ফেটি লিভাৰ হোৱাৰ ফলত শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণসমূহ আওকান কৰিব নালাগে। লক্ষণ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
ডাঃ সুভাষ গিৰিয়ে কয় যে, পুৱা সাৰ পোৱাৰ পাছত পেটৰ সোঁফালে সামান্য বিষ বা ওজন অনুভৱ হ'লে ই ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে। যকৃতত চৰ্বি জমা হোৱাৰ ফলত এই বিষ হয়।
পুৱা শুই উঠাৰ পাছত ভাগৰুৱা অনুভৱ বা এলেহুৱা অনুভৱ কৰা ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। ফেটি জমা হ'লে যকৃতে ডিটক্স কৰিব নোৱাৰে। ইয়াৰ ফলত শৰীৰ ভাগৰুৱা লাগে।
ফেটি লিভাৰ হোৱাৰ ফলত কিছুমানৰ ওজন তীব্ৰগতিত বৃদ্ধি পায়। কেতিয়াবা কোনো কষ্ট নকৰাকৈ ওজন কম হোৱা দেখা যায়। গতিকে ই ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে।
পুৱা শুই উঠাৰ লগে লগে ভোক নলগা বা বুকু জলা পোৰা কৰা ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। যকৃত চৰ্বিৰে ভৰি থাকিলে পাচন ক্ৰিয়াত প্ৰভাৱিত কৰে। ফলত ভোক নালাগে।
পঢ়িবলৈ ক্লিক কৰক