তৃতীয় বিশ্বযুদ্ধৰ সংকেত, ইজৰাইলৰ পিছত আমেৰিকাক আক্ৰমণ কৰিবলৈ সাজু ইৰাণ!
ইৰাণে সন্দেহ কৰিছে যে এই সংঘাতত আমেৰিকাই পৰোক্ষভাৱে ইজৰাইলক সমৰ্থন কৰিছে। ৰাষ্ট্ৰসংঘত পোনপটীয়াকৈ এই অভিযোগ উত্থাপন কৰিছে ইৰাণৰ প্ৰতিনিধিয়ে । কেৱল ইমানেই নহয় আমেৰিকাক সকীয়াই দিছে ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষই ।

ইতিমধ্যে আৰম্ভ হৈছে ইৰান-ইজৰাইলৰ সংঘাত । আমেৰিকাই তেওঁলোকক সমৰ্থন কৰিলে বহুত বেয়া হ’ব পাৰে পৰিস্থিতি। পূৰ্বেও এই সকীয়নি দিছিল ইৰানে। এইবাৰ পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ কথা সকীয়াই দিছে ইৰাণে। এতিয়া প্ৰশ্ন হৈছে আমেৰিকাৰ সৈতেও ইৰাণে যুদ্ধ আৰম্ভ কৰিব নেকি ?
যদি আমেৰিকাও এই সংঘাতত জড়িত হৈ পৰে তেন্তে ই তৃতীয় বিশ্বযুদ্ধতকৈ কম ভয়াৱহ নহ’ব। আমেৰিকাক আৰম্ভণিৰে পৰাই ইৰাণ-ইজৰাইল সংঘাতৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। কিন্তু এইটো স্পষ্ট যে আমেৰিকাই ইজৰাইলক গভীৰভাৱে সমৰ্থন কৰিছে। ইজৰাইলী যুদ্ধবিমানলৈ আকাশৰ মাজত ইন্ধন যোগান ধৰি হওক বা ইৰাণক আক্ৰমণ কৰিবলৈ আমেৰিকাৰ সামৰিক ঘাটি ব্যৱহাৰ কৰি হওক। ইজৰাইলৰ পক্ষত থিয় হৈছে আমেৰিকা।
ইৰাণে সন্দেহ কৰিছে যে এই সংঘাতত আমেৰিকাই পৰোক্ষভাৱে ইজৰাইলক সমৰ্থন কৰিছে। ৰাষ্ট্ৰসংঘত পোনপটীয়াকৈ এই অভিযোগ উত্থাপন কৰিছে ইৰাণৰ প্ৰতিনিধিয়ে । কেৱল ইমানেই নহয় আমেৰিকাক সকীয়াই দিছে ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষই । ফাৰ্চ নিউজ নামৰ ইৰাণৰ এখন বাতৰি কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কমাণ্ডাৰগৰাকীয়ে পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত আক্ৰমণ কৰাৰ সতৰ্কবাণী প্ৰদান কৰে।
যদি সঁচাকৈয়ে ইৰাণে আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ আৰম্ভ কৰে তেন্তে প্ৰথম লক্ষ্য হ’ব পাৰে কাটাৰত থকা আল উডেইক আমেৰিকাৰ সামৰিক ঘাটি। এই ঘাটিত ৮ হাজাৰ আমেৰিকান সৈন্য আৰু আমেৰিকাৰ বোমাৰু বিমান আছে। সংযুক্ত আৰব আমিৰশ্বাহীৰ আল-ডাব্ৰা সামৰিক ঘাটিতো ইৰাণে আক্ৰমণ কৰিব পাৰে।
আক্ৰমণৰ ক্ষেত্ৰত আমেৰিকাকো এৰি নিদিয়ে ইৰাণে । ইফালে চীনে ইতিমধ্যে ইৰাণৰ পক্ষ লৈছে। এতিয়া দুই মহাশক্তি দুটা শিবিৰত বিভক্ত হোৱাৰ লগে লগে এই সংঘাতে তৃতীয় বিশ্বযুদ্ধৰ দিশতো আগবাঢ়িব পাৰে বুলি আশংকা কৰা হৈছে।