হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ইৰাণ-ইজৰাইলৰ যুদ্ধলৈকে! চাওক ৯টা গুৰুত্বপূৰ্ণ খবৰ…
আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ যাত্ৰা। অহা ১৫ৰ পৰা ১৯ জুনলৈ ৫ দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ কৰিব মোদীয়ে। এই সময়চোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

হেলিকপ্টাৰImage Credit source: tv9 hindi
আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান তলত উল্লেখ কৰা হ’ল-
- অসমত নিৰ্মাণ কৰা হ’ব আন এখন অত্যাধুনিক চিৰিয়াখানা । এই চিৰিয়াখানা নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ মতে, এইবাৰ অসমৰ ডিব্ৰুগড় জিলাত এই চিৰিয়াখানাখন স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।
- শিৱসাগৰৰ ভটিয়াপাৰস্থিত RDS -147 ৰীগত গেছ নিৰ্গত। যোৱা ৩ দিন ধৰি অনিয়ন্ত্ৰিতভাৱে ওলাই আছে গেছ। কিন্তু গেছৰ নিৰ্গমন বন্ধ কৰাত ব্যৰ্থ হৈছে ONGC, যাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুৰ্গন্ধ। ইয়াৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত বৃদ্ধি পাইছে শংকা। ইতিমধ্যে স্থানান্তৰ কৰা হৈছে ৪৭ টা পৰিয়াল।
- অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। ২৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় T20 মেচ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব মেচখন।
- আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ যাত্ৰা। অহা ১৫ৰ পৰা ১৯ জুনলৈ ৫ দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ কৰিব মোদীয়ে। এই সময়চোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই পাঁচ দিনত তিনিখন দেশ ভ্ৰমণ কৰিব। য’ত তেওঁ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰি বৈদেশিক সম্পৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰিব।
- উত্তৰাখণ্ডৰ কেদাৰনাথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীকুণ্ড অঞ্চলৰ সমীপত। ইয়াৰ ফলত হেলিকপ্টাৰৰ পাইলটসহ ৭ জন লোকৰ মৃত্যু হয়। বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
- ১২ জুনত আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনেই প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে মৃতদেহ চিনাক্তৰ বাবে DNA পৰীক্ষাৰ সহায় ল’বলগীয়া হৈছিল। এইপৰ্যন্ত DNA পৰীক্ষাত ৩১ জন লোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে।
- গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা কলকাতা অভিমুখী ১৫১১ নম্বৰৰ এয়াৰ ইণ্ডিয়াৰ বিমান কাৰিকৰী বিজুতিৰ বাবে টেক অফ স্থগিত ৰখা হয়। তথ্য অনুসৰি এই বিমানখন গাজিয়াবাদৰ পৰা কলকাতালৈ উৰা মাৰিব লগা আছিল। কাৰিকৰী বিজুতিৰ বাবে এঘণ্টা ধৰি ৰাণৱেত আবদ্ধ হৈ থাকে বিমানখন। যাৰ বাবে শংকিত হৈ পৰে যাত্ৰী।
- পুনৰ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ ইৰানৰ। ইজৰাইলৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰানে আক্ৰমণ কৰে। দেওবাৰে পুৱা ইৰাণৰ আক্ৰমণত জোকাৰি গৈছে ইজৰাইলৰ হাইফা চহৰ। এই আক্ৰমণৰ পিছত মহানগৰীৰ বহু অট্টালিকা ধ্বংস হৈ যায়। খবৰ অনুসৰি এই আক্ৰমণত হাইফাৰ তেল শোধনাগাৰক লক্ষ্য কৰি লোৱা হৈছে।
- ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে ইৰাকত থকা আমেৰিকাৰ বিমান ঘাটিত ড্ৰ’ন আক্ৰমণ । খবৰ অনুসৰি ইৰাকৰ আমেৰিকাৰ সামৰিক ঘাটি আইন আল আছাদত তিনিখন ড্ৰ’ন নিক্ষেপ কৰা হয়। আমেৰিকাৰ বিষয়াসকলে নিশ্চিত কৰিছে যে সকলো ড্ৰ’ন আক্ৰমণ সফলতাৰে নিষ্ক্ৰিয় কৰা হৈছে। অৱশ্যে কোনে এই আক্ৰমণ কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।