শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ধুবুৰীৰ উত্তেজনাৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিশ্ব জয়লৈ...চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ

ধুবুৰীৰ উত্তেজনাৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিশ্ব জয়লৈ…চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ

trishna-kalita
Trishna Kalita | Published: 14 Jun 2025 21:06 PM

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

১. গো-মাংসক কেন্দ্ৰ কৰি অসমৰ ধুবুৰী চহৰত সৃষ্টি হৈছিল উত্তেজনা । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ পাচত আৰক্ষীয়ে চহৰ খনত টহল দিয়া আৰম্ভ কৰে । যোৱা নিশা আৰক্ষীয়ে ধুবুৰীৰ ৮ খন থানাৰ অধীনৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৩৮ গৰাকীকৈ লোকক ।

২. শিৱসাগৰৰ ভটিয়াপাৰস্থিত ONGC ৰ RDS -147 ৰীগত গেছ নিৰ্গমন। তিনিদিন ধৰি অহৰহ গেচ নিৰ্গত হৈ আছে ৰীগটোৰ পৰা । ফলত আতংকিত হৈ পৰিছে ওচৰ-চুবুৰীয়া ।  ইতিমধ্যে অঞ্চলটোৰ পৰা প্ৰায় অৰ্ধশতাধিক পৰিয়ালক স্থানান্তৰ কৰা হৈছে । গেছ নিৰ্গমণৰ ফলত দুৰ্গন্ধ বিয়পি পৰিছে সমগ্ৰ অঞ্চলটোত ।

৩. বিগত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা অসমৰ একাধিক স্থানত আই ই ডি সংস্থাপন কৰিছিল নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে। এই বিস্ফোৰণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) ৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি তিনিজন ব্যক্তিৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগনামা দাখিল কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। সংস্থাটোৰ বিবৃতিত কোৱা হৈছে যে এই ষড়যন্ত্ৰৰ লক্ষ্য আছিল জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰা।

৪. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঋষিকেশত অসম যুৱতীৰ মৃত্যুৰ ঘটনাৰ উপযুক্ত তথা বিশদ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ডিজিপিক । যোৱা ৬ জুনত ঋষিকেশত নিৰুদ্দেশ হোৱা অসমৰ ডিমা হাচাও জিলাৰ ৰশ্মিতা হোজাই নামৰ যুৱতীগৰাকীৰ মৃতদেহ গংগা নদীত পাঁচ দিনৰ মূৰত উদ্ধাৰ হৈছিল। ৰশ্মিতাৰ মৃত্যুৰ তদন্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও পত্ৰ প্ৰেৰণ কৰিছিল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ ।

৫. বেদখলৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যৰ কেবাটাও স্থানত উচ্ছেদ চলায় প্ৰশাসনে । ধুবুৰী চহৰত প্ৰায় ৪০ খন দোকান উচ্ছেদ কৰাৰ বিপৰীতে গোৱালপাৰাৰ বাদলমাৰী অঞ্চলতো ২৩ খন দোকান উচ্ছেদ কৰা হয় । ইফালে গুৱাহাটী মহানগৰীৰ কামাখ্য জংচন আৰু গুৱাহাটী ষ্টেচনৰ সমীপতো ৰেল বিভাগে চলায় উচ্ছেদ অভিযান ।

৬. অসমৰ বঙাইগাঁও জিলাৰ পশ্চিম ভদ্ৰগাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । নদীত গা ধুই থাকোঁতেই বজ্ৰপাতত নিহত হয় আব্দুল লতিফ নামৰ এজন যুৱক । প্ৰচণ্ড গৰমৰ বাবে কানিভুৰ নদীত গা ধুবলৈ নামিছিল যুৱকজন ।

৭. আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ স্তৰীয় কমিটী গঠন কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে । এই উচ্চ স্তৰীয় কমিটীয়ে বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ এছ অ’ পি আৰু বিস্তৃত নিৰ্দেশনা প্ৰদান কৰিব।

৮. ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ইজৰাইল আৰু ইৰাণৰ সংঘাতে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত চলোৱা আক্ৰমণৰ পিছতে ইজৰাইলত ভয়ংকৰ প্ৰত্যাক্ৰমণ চলালে ইৰাণে। এই আক্ৰমণৰ সময়ত দুয়োখন চহৰত ২১ জন লোক আহত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।

৯. অৱশেষত বিশ্ব চেম্পিয়নৰ খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়াক হৰুৱাই খিতাপ দখল প’টিয়াৰ্ছ বাহিনীৰ । ইংলেণ্ডৰ লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই ।