শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কি হৈছে দেশত! দিনটোত ঘটিল আন এক ভয়ানক ঘটনাঃ নদীত ডুবিল ৫ জন লোক, চাৰিজনৰ মৃতদেহ উদ্ধাৰ

মহাৰাষ্ট্ৰৰ নন্দেদ জিলাৰ গোদাবৰী নদীত স্নানৰ বাবে যোৱাৰ সময়তে পানীত ডুবি চাৰিজন যুৱকে প্ৰাণ হেৰুৱাইছিল। আনহাতে আন এজন যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই আটাইকেইজন যুৱকেই ৰাজস্থানৰ পৰা পৰিয়ালসহ গোদাবৰী নদীত স্নানৰ বাবে নন্দেদ ভ্ৰমণ কৰিছিল।

কি হৈছে দেশত! দিনটোত ঘটিল আন এক ভয়ানক ঘটনাঃ নদীত ডুবিল ৫ জন লোক, চাৰিজনৰ মৃতদেহ উদ্ধাৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 15 Jun 2025 21:58 PM

দেশত সংঘটিত ইটোৰ পিছত সিটোকৈ শোকাৱহ ঘটনাই আজি দখল কৰিছে সংবাদ শিৰোনাম। পুৱাৰ ভাগতে উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৭ জন লোকে। ইয়াৰ পিছতে মথুৰাত ছয়টাকৈ ঘৰ বাগৰি পৰাৰ ফলত দুই শিশুসহ তিনিজন লোকৰ মৃত্যুৰ খবৰে জোকাৰে সকলোকে। ইফালে পুনেত এক দলং ভাঙি নদীত বাগৰি পৰে বহুকেইজন লোক। ইয়াৰে ৬ জনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলিও খবৰ পোহৰলৈ আহিছে। এইবাৰ আন এক ঘটনাই জোকাৰি তুলিছে সকলোকে। এই ঘটনাত এইপৰ্যন্ত চাৰিজন লোকৰ মৃত্যু ঘটিছে।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নন্দেদ জিলা। নন্দেদৰ গোদাবৰী নদীত স্নানৰ বাবে যোৱাৰ সময়তে পানীত ডুবি চাৰিজন যুৱকে প্ৰাণ হেৰুৱাইছিল। আনহাতে আন এজন যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই আটাইকেইজন যুৱকেই ৰাজস্থানৰ পৰা পৰিয়ালসহ গোদাবৰী নদীত স্নানৰ বাবে নন্দেদ ভ্ৰমণ কৰিছিল। নদীত গা ধুই থকাৰ সময়ত তেওঁলোক হঠাত পিছলি পৰি গভীৰ পানীত ডুব যায়।

প্ৰকাশিত খবৰ অনুসৰি নন্দেদত অৱস্থিত সৰস্বতী মন্দিৰ পৰিদৰ্শন কৰিবলৈ ৰাজস্থানৰ পৰা মুঠ ১৮ জন লোক আহিছিল। এই সময়তে দেওবাৰে দুপৰীয়া গোদাবৰী নদীত গা ধুই আছিল লোককেইজনে। তাৰ পাছত পাঁচজন যুৱক গভীৰ পানীত সোমায় আৰু মুহূৰ্ততে তেওঁলোকক পানীয়ে উটুৱাই নিয়ে। এনে পৰিস্থিতিত পৰিয়ালৰ আন সদস্যসকলে সহায় বিচাৰি চিঞৰিবলৈ ধৰিলে।

কিন্তু তাৎক্ষণিক সহায় নোপোৱাৰ বাবে ৫জন যুৱক গভীৰ পানীত উটি যায়। ইয়াৰ পিছতে ডুবাৰুৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও যুৱককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাত ব্যৰ্থ হয়। ডুবাৰুৰ দলে চাৰিজনল যুৱকক উদ্ধাৰ কৰি সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেতিয়ালৈকে তেওঁলোকৰ মৃত্যু হৈছিল। আনহাতে আনজন যুৱকক উদ্ধাৰত ব্যৰ্থ হৈছে উদ্ধাৰকাৰী দল।

নিৰুদ্দিষ্ট এই যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। নিহত যুৱককেইজনক ৰাকেশ (১৭), বিনোদ (১৮), ৰুটিক আৰু মদন (১৮) বুলি চিনাক্ত কৰা হৈছে। আনহাতে নিৰুদ্দিষ্ট যুৱকজনৰ নাম ভৰত বুলি জানিব পৰা গৈছে। নিহত চাৰিজনৰ ভিতৰত তিনিজন একেটা পৰিয়ালৰ সদস্য বুলি পোহৰলৈ আহছে। এই শোকাৱহ ঘটনাই এতিয়া নিহত যুৱককেইজনৰ পৰিয়ালক শোকস্তব্ধ কৰি তুলিছে।