ৰক্তাক্ত মধ্যপ্ৰাচ্যই আনিছে ভয়ংকৰ বাৰ্তা! আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ?
আমেৰিকাক আৰম্ভণিৰে পৰাই ইৰাণ-ইজৰাইল সংঘাতৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। কিন্তু এইটো স্পষ্ট যে আমেৰিকাই ইজৰাইলক গভীৰভাৱে সমৰ্থন কৰিছে। ইজৰাইলী যুদ্ধবিমানলৈ আকাশৰ মাজত ইন্ধন যোগান ধৰি হওক বা ইৰাণক আক্ৰমণ কৰিবলৈ আমেৰিকাৰ সামৰিক ঘাটি ব্যৱহাৰ কৰি হওক।
ইতিমধ্যে আৰম্ভ হৈছে ইৰান-ইজৰাইলৰ সংঘাত । আমেৰিকাই তেওঁলোকক সমৰ্থন কৰিলে বহুত বেয়া হ’ব পাৰে পৰিস্থিতি। পূৰ্বেও এই সকীয়নি দিছিল ইৰানে। এইবাৰ পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ কথা সকীয়াই দিছে ইৰাণে। এতিয়া প্ৰশ্ন হৈছে আমেৰিকাৰ সৈতেও ইৰাণে যুদ্ধ আৰম্ভ কৰিব নেকি ?
যদি আমেৰিকাও এই সংঘাতত জড়িত হৈ পৰে তেন্তে ই তৃতীয় বিশ্বযুদ্ধতকৈ কম ভয়াৱহ নহ’ব। আমেৰিকাক আৰম্ভণিৰে পৰাই ইৰাণ-ইজৰাইল সংঘাতৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। কিন্তু এইটো স্পষ্ট যে আমেৰিকাই ইজৰাইলক গভীৰভাৱে সমৰ্থন কৰিছে। ইজৰাইলী যুদ্ধবিমানলৈ আকাশৰ মাজত ইন্ধন যোগান ধৰি হওক বা ইৰাণক আক্ৰমণ কৰিবলৈ আমেৰিকাৰ সামৰিক ঘাটি ব্যৱহাৰ কৰি হওক। ইজৰাইলৰ পক্ষত থিয় হৈছে আমেৰিকা। ইফালে চীনে ইতিমধ্যে ইৰাণৰ পক্ষ লৈছে। এতিয়া দুই মহাশক্তি দুটা শিবিৰত বিভক্ত হোৱাৰ লগে লগে এই সংঘাতে তৃতীয় বিশ্বযুদ্ধৰ দিশতো আগবাঢ়িব পাৰে বুলি আশংকা কৰা হৈছে।