ইজৰাইলৰ পোনপটীয়া আক্ৰমণ ইৰাণৰ তেল শোধনাগাৰত, যুদ্ধৰ মূল্য আপুনিও ভৰিব লাগিব!
Iran-Israel Clash: আইডিএফৰ লক্ষ্য তেহৰাণৰ তেল শোধনাগাৰ। ইজৰাইলে তেহৰাণকে ধৰি কেইবাটাও স্থানত তেল শোধনাগাৰত আক্ৰমণ চলাইছে।

ইজৰাইল-ইৰাণৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে। এইবাৰ ইৰাণৰ তৈল ভাণ্ডাৰৰ ওপৰত প্ৰত্যক্ষ আঘাত। জানিব পৰা মতে, ইজৰাইলৰ সেনা আইডিএফে তেহৰাণৰ তেল শোধনাগাৰক লক্ষ্য কৰি আক্ৰমণ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ দক্ষিণ প্ৰাচ্যও জ্বলি আছে। সমগ্ৰ বিশ্বই এই সংঘাতৰ মূল্য ভোগ কৰিব লাগিব। এই সংঘাতৰ ফলত তেল আৰু প্ৰাকৃতিক গেছৰ দাম আকাশলংঘী হ’ব, যাৰ ফলত সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ হৈ পৰিব বুলি এয়া বিশেষজ্ঞসকলে চিন্তিত হৈছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে শনিবাৰে ইৰাণক সকীয়াই দিয়ে যে, এই আক্ৰমণ বৃদ্ধি পাব। ইজৰাইলে আৰম্ভ কৰিছে অপাৰেচন ৰাইজিং লাঅন। প্ৰথম নিশাৰ লক্ষ্য আছিল ইৰাণৰ নাটাঞ্জ, ইছফাহান আৰু তেহৰাণত থকা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ। নিহত হৈছে কমেও ৬ গৰাকী পাৰমাণৱিক বিজ্ঞানী। ইৰাণৰ এজন সামৰিক সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ বিষয়াইও প্ৰাণ হেৰুৱাইছে।
কিছু ঘণ্টাৰ ভিতৰতে ইৰাণে প্ৰতিশোধ লয় আৰু ইজৰাইলত ২০০ৰো অধিক বেলিষ্টিক মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰে। ইজৰাইলে এইদৰে আক্ৰমণ অব্যাহত ৰাখিলে পৰিণাম ভয়াৱহ হ’ব বুলি সকীয়াই দিয়ে তেহৰাণে।
কিন্তু ইজৰাইল সেই সতৰ্কবাণীত থমকি ৰোৱা নাছিল। লগে লগে ইৰাণক আক্ৰমণ কৰে। এফালে ইৰাণৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষতি হোৱাৰ সময়ত ইৰাণে ইজৰাইলৰ আইৰন ড’মৰ মাজেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰি আছে। ইজৰাইলৰ ঘৰ-দুৱাৰ ধ্বংস কৰা হৈছে। নেতান্যেহুৱে দাবী কৰিছে যে, ইৰাণে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক আক্ৰমণ কৰিছে।
এইবাৰ আইডিএফে তেহৰাণৰ তেল শোধনাগাৰক লক্ষ্য কৰি লয়। ইজৰাইলে তেহৰাণকে ধৰি কেইবাটাও স্থানত তেল শোধনাগাৰত আক্ৰমণ চলাইছে। বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ দক্ষিণ প্ৰাচ্যও জ্বলি উঠিছে।
যিহেতু ইৰাণ বিশ্বৰ অন্যতম বৃহৎ তেল যোগানকাৰী দেশ, গতিকে শোধনাগাৰৰ ওপৰত আক্ৰমণে তেল যোগানত ব্যাঘাত জন্মিব। আনফালে তেলৰ মূল্য আকাশলংঘী হ’ব। ইয়াৰ লগতে আনুষংগিক সামগ্ৰীৰ মূল্যও বৃদ্ধি পাব। খাৰুৱা তেল আৰু সোণৰ মূল্য ইতিমধ্যে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। কেইদিনমান সংঘাত অব্যাহত থাকিলে সমগ্ৰ বিশ্বই সংকটৰ সন্মুখীন হ’ব।