স্বাধীনতাৰ পাছৰ পৰা অসমৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ চলি আছেঃ মুখ্যমন্ত্ৰী
ধুবুৰীৰ শ্বুট এণ্ড চাইট সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে, ইয়াৰ শিপা স্বাধীনতাৰ সময়ৰ পৰা জড়িত। গতিকে ইয়াক নিৰ্মূল কৰিব লাগিব।

ধুবুৰী জিলাত সাম্প্ৰদায়িক উত্তেজনাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বুট এট চাইট নিৰ্দেশনা জাৰি কৰে। ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, স্বাধীনতাৰ পাছৰে পৰা ৰাজ্যত চলি থকা ডাঙৰ ষড়যন্ত্ৰৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে, এনে ষড়যন্ত্ৰ শেষ কৰিবলৈ কিছু সময় লাগিব, কেৱল সতৰ্কবাণীৰেই কাম নচলে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে, “অসম এখন জটিল ৰাজ্য। কেৱল সতৰ্কবাণীৰ দ্বাৰাই জাতিৰ বিৰুদ্ধে চলি থকা দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ বন্ধ নহয়। ইয়াৰ শিপা স্বাধীনতাৰ সময়ৰ পৰা জড়িত। ইয়াৰ অন্ত পেলাবলৈ নিৰন্তৰ প্ৰচেষ্টা প্ৰয়োজনীয়।”
উল্লেখ্য যে, ৮ জুনত ধুবুৰীৰ এটা মন্দিৰৰ সমীপত গো মাংস উদ্ধাৰ হৈছিল। ইয়াৰ পাছতে সংঘৰ্ষৰ সৃষ্টি হয় আৰু আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটে। আনকি প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ লগতে ১৬৩ নং ধাৰাত নিষেধাজ্ঞা আদেশ জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে পৰিপ্ৰেক্ষিতত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
Our campaign against anti nationals will continue, no matter what. pic.twitter.com/fywCxkxaxB
— Himanta Biswa Sarma (@himantabiswa) June 15, 2025
ইয়াৰোপৰি এই ঘটনাৰ পাছতে আৰক্ষী সষ্টম হৈ পৰিছে আৰু কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে-” ঈদৰ পাছত সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ অৰ্থে ইচ্ছাকৃতভাৱে মন্দিৰৰ সমীপত গো-মাংস পেলোৱাৰ অভিযোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে কেইবাগৰাকীও লোকক আটক কৰিছে৷ আটাইকেইজন লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকিলামাৰীৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা৷
আটকাধীনসকল —১) বোদিৰ আলী (৫৭), পিতৃ প্ৰয়াত জব্বৰ আলী, ২) হজৰত আলী (৫৮), পিতৃ ৰিয়াজ উদ্দিন, ৩) তাৰা মিঞা (৩৬), পিতৃ ৰূপচান্দ আলী, ৪) শ্বাজামাল মিঞা (৪২), পিতৃ প্ৰয়াত হজৰত আলী, ৫) জাহাংগীৰ আলম (৩২), পিতৃ প্ৰয়াত অমোৰ আলী৷ আটাইকেইজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে সম্পূৰ্ণ আইনী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে”।
মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ বিভিন্নজনে কঠোৰ সমালোচনা কৰিছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গগৈয়ে কয় যে এই সমগ্ৰ ঘটনাই ৰাজ্যৰ চোৰাংচোৱা বিফলতাৰ প্ৰতিফলন ঘটায়। তেওঁ অভিযোগ কৰে যে ৰাজ্য চৰকাৰে ধৰ্মীয় স্থানৰ পবিত্ৰতা ৰক্ষা কৰাত ব্যৰ্থ হৈছে। বৰ্তমান সময়তো ইয়াক লৈ সৃষ্টি হৈ আছে চাঞ্চল্যৰ।
অন্য খবৰ পঢ়কঃ কেনেকৈ ভাঙিল দলং? মৃত্যু কেইবাজনৰ, নদীত উটি গ’ল প্ৰায় ৩০ জন লোক…