নতুন বিপদৰ আশংকা! ট্ৰাম্পৰ সকীয়নিৰ পাছতে আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ..
ড'নাল্ড ট্ৰাম্পৰ সকীয়নিৰ পাছতে আমেৰিকাৰ সামৰিক ঘাটি আইন আল আছাদত তিনিটা ড্ৰণ নিক্ষেপ কৰা হয়। ইৰাণ-ইজৰাইলৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এই খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে ইৰাকত থকা বিমান ঘাটিত ড্ৰ’ণ আক্ৰমণ সংঘটিত হৈছে। খবৰ অনুসৰি, ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটি আইন আল আছাদত তিনিটা ড্ৰণ নিক্ষেপ কৰা হয়। আমেৰিকাৰ বিষয়াসকলে নিশ্চিত কৰিছে যে সকলো ড্ৰ’ণ আক্ৰমণ সফলতাৰে নিষ্ক্ৰিয় কৰা হৈছে। এই আক্ৰমণৰ পূৰ্বে ট্ৰাম্পে ইৰাণক সকীয়াই দিছিল যে যদিহে অঞ্চলটোত থকা তেওঁলোকৰ সামৰিক ঘাটিত লক্ষ্য কৰি লোৱা হয়, তেন্তে ইয়াৰ পৰিমাণ ভয়ানত হ’ব। কিন্তু এই ড্ৰ’ণ আক্ৰমণ কোনে সংঘটিত কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
এই আক্ৰমণ ইৰাণ নে ইৰাকত থকা মিলিচিয়া গ্ৰুপে সংঘটিত কৰিছে এতিয়ালৈকে এই সন্দৰ্ভত তথ্য পোহৰলৈ অহা নাই। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ইৰাকৰ ছিয়া মিলিচিয়া গ্ৰুপে আমেৰিকাৰ এই সামৰিক ঘাটিত লক্ষ্য কৰি লৈছিল। কিন্তু ইজৰাইল-ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজত হোৱা এই আক্ৰমণে যুদ্ধৰ আশংকা সৃষ্টি কৰিব পাৰে।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ”আজি নিশা ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ ক্ষেত্ৰত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। যদি আমাক ইৰাণে কোনো ধৰণৰ আক্ৰমণ কৰে তেন্তে আমেৰিকাৰ সশস্ত্ৰ বাহিনীয়ে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি আক্ৰমণ কৰিব। যি আক্ৰমণ আগতে কোনোৱে দেখা নাই”। উল্লেখ্য যে, ইৰাণৰ শাসন ব্যৱস্থাৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ সৈতে জড়িত তেহৰাণত ইজৰাইলে আক্ৰমণ কৰা বুলি জনোৱাৰ পাছতে এই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইয়াৰ পূৰ্বে ইৰাণে ভাবুকি দিছিল যে, যদি আক্ৰমণ কৰিবলৈ অঞ্চলটোত থকা আমেৰিকাৰ ঘাটিসমূহে ইজৰাইলক সহায় কৰে, তেন্তে ইজৰাইলৰ লগতে সেই ঘাটিসমূহক লক্ষ্য কৰি ল’ব। ইৰাণৰ এই সকীয়নিৰ পাছতে এতিয়া যুদ্ধৰ আশংকাই দেখা দিছে।
উল্লেখ্য যে, ইজৰাইল-ইৰাণৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। ইজৰাইলতে ইৰাণৰ সামৰিক ঘাটিত কৰা আক্ৰমণৰ পাছতে এতিয়া দেশখনেও এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে। দেওবাৰে ইৰাণে ইজৰাইলৰ হাইফা চহৰত আক্ৰমণ কৰে। ইজৰাইলৰ হাইফা চহৰত কৰা আক্ৰমণৰ ফলত বহু অট্টালিকা ধ্বংস হৈ যায়। খবৰ অনুসৰি এই আক্ৰমণত হাইফাৰ তেল শোধনাগাৰক লক্ষ্য কৰি লোৱা হৈছে।
ইজৰাইলৰ স্থানীয় সংবাদ মাধ্যমে হাইফাৰ সমীপৰ এটা কৌশলগত কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হাইফা শোধনাগাৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় বুলি আই আৰ জি টেলিগ্ৰাম চেনেলে প্ৰকাশ কৰে। ইজৰাইলৰ বাবে এই চহৰখন অতি গুৰুত্বপূৰ্ণ। গতিকে এই আক্ৰমণৰ দ্বাৰা ইৰাণে ইজৰাইলক অৰ্থনৈতিকভাৱ দুৰ্বল কৰাৰ চেষ্টা কৰিছে। গতিকে এই আক্ৰমণ-প্ৰত্যাক্ৰমণ কি পৰ্যায়লৈ যায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
অন্য খবৰ পঢ়কঃ ঘনিষ্ঠতা বৃদ্ধি! আমেৰিকাৰ সেনা দিৱসত উপস্থিত থাকিব পাকিস্তানী সেনা প্ৰধান অসীম মুনিৰ…