Gold Price: ইজৰাইল-ইৰাণ যুদ্ধৰ ফলত আকাশলংঘী হ’ব পাৰে সোণৰ মূল্য!
এই যুদ্ধৰ মাজতো একাংশ স্মাৰ্ট বিনিয়োগকাৰী লাভৱান হ’ব পাৰে । কেনেকৈ জানেনে? দুয়োখন দেশৰ যুদ্ধৰ পৰিৱেশত সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে । ইতিমধ্যে MCX ত সোণৰ মূল্যই ১ লাখৰ সীমা অতিক্ৰম কৰিছে।
অশান্ত মধ্যপ্ৰাচ্য ! ক’লা ধোঁৱাৰে আৱৰি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ । এফালে ইজৰাইলে ক্ষেপণাস্ত্ৰৰে তেহৰাণক লক্ষ্য কৰি লোৱাৰ বিপৰীতে ইৰাণেও প্ৰতিশোধমূলকভাৱে টেল আভিভৰ সামৰিক ঘাটিক লক্ষ্য কৰি হৈছে । এই যুদ্ধৰ আশংকাই প্ৰভাৱিত কৰিছে বিনিয়োগ ক্ষেত্ৰখনক ।
এই যুদ্ধৰ মাজতো একাংশ স্মাৰ্ট বিনিয়োগকাৰী লাভৱান হ’ব পাৰে । কেনেকৈ জানেনে? দুয়োখন দেশৰ যুদ্ধৰ পৰিৱেশত সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে । ইতিমধ্যে MCX ত সোণৰ মূল্যই ১ লাখৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে বিশেষজ্ঞসকলে এই সময়খিনি ক্ৰয়ৰ বাবে সৰ্বোত্তম সময় বুলি গণ্য কৰে। কাৰণ, তেওঁলোকে অনুমান কৰিছে যে, দাম আৰু বৃদ্ধি পাব।
এছ এছ ৱেলথষ্ট্ৰীটৰ প্ৰতিষ্ঠাপক সুগন্ধা সচদেৱে বিজনেছ টুডেক কয় যে, সমগ্ৰ বিশ্বতে সংঘাতৰ পৰিৱেশ বৃদ্ধি পাইছে। সেই অনুপাতে উত্তেজনাও বাঢ়িছে। এই পৰিস্থিতিত আশা কৰিব পাৰি যে, অহা কেইমাহমানলৈ যদি এই উত্তেজনা অব্যাহত থাকে তেন্তে সোণৰ মূল্য কমেও ৫০ হাজাৰ টকা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । কিন্তু সোণ কিনাৰ এইটোৱেই উত্তম সময় নেকি?