শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজ্যৰ পৰা বিশ্বলৈ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ...

ৰাজ্যৰ পৰা বিশ্বলৈ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

barasha-sarma
Barasha Sarma | Published: 15 Jun 2025 23:16 PM

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। ২৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় T20 মেচ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব মেচখন।

1)অসমত নিৰ্মাণ কৰা হ’ব আন এখন অত্যাধুনিক চিৰিয়াখানা । এই  ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীৰ মতে, এইবাৰ অসমৰ ডিব্ৰুগড় জিলাত এই চিৰিয়াখানা স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।

2)শিৱসাগৰৰ ভটিয়াপাৰস্থিত RDS -147 ৰীগত গেছ নিৰ্গত। যোৱা ৩ দিন ধৰি অনিয়ন্ত্ৰিতভাৱে ওলাই আছে গেছ। কিন্তু গেছৰ নিৰ্গমন বন্ধ কৰাত ব্যৰ্থ হৈছে ONGC, যাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুৰ্গন্ধ। ইয়াৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত বৃদ্ধি পাইছে শংকা। ইতিমধ্যে স্থানান্তৰ কৰা হৈছে ৪৭ টা পৰিয়াল।

3)অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। ২৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় T20 মেচ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব মেচখন।