শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চিকিৎসালয়ত ভৰ্তি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, বৰ্তমান কেনে স্বাস্থ্যৰ অৱস্থা, জানক…

অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। দেওবাৰে গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান স্বাস্থ্য পৰীক্ষা চলি আছে কংগ্ৰেছ নেত্ৰীগৰাকীৰ।

চিকিৎসালয়ত ভৰ্তি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, বৰ্তমান কেনে স্বাস্থ্যৰ অৱস্থা, জানক…
ছোনিয়া গান্ধীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 15 Jun 2025 22:46 PM

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক হাস্পাতালত ভৰ্তি। দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গান্ধীক। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, পেটৰ লগত জড়িত সমস্যাৰ বাবে গান্ধীক গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান চিকিৎসকে পৰীক্ষা কৰি আছে। জানিব পৰা মতে,চিকিৎসকৰ এটা দলে অহৰহ পৰ্যবেক্ষন কৰি আছে কংগ্ৰেছ নেত্ৰীগৰাকীক। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চিকিৎসালয় কৰ্তৃপক্ষই কোনো বিবৃতি জাৰি কৰা নাই।

ইয়াৰ পূৰ্বে যোৱা ৭ জুনত নিয়মীয়া পৰীক্ষাৰ বাবে গান্ধীক ছিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা পৰীক্ষাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। অৱশ্যে এয়াই প্ৰথম হয়, ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহতো কংগ্ৰেছ নেত্ৰীগৰাকীক পেটৰ লগত জড়িত সমস্যাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

 

দলৰ এগৰাকী নেতাই কয় যে, তেওঁক ছিমলাৰ ছাৰবৰাত থকা ব্যক্তিগত বাসগৃহৰ পৰা আনি বিয়লিৰ ভাগত হাস্পাতালত ভৰ্তি কৰোৱা হয়। আই জি এম চিৰ এজন চিকিৎসকে তেওঁৰ ৰক্তচাপ “স্বাভাৱিকতকৈ অলপ বেছি” বুলি কয়। কিন্তু নিশ্চিত কৰিছে যে তেওঁ অৱস্থা স্বাভাৱিক আৰু সুস্থিৰ।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৰ প্ৰধান উপদেষ্টা (সংবাদ মাধ্যম) নৰেশ চৌহানে কয় যে, কিছু সৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে নিয়মীয়া পৰীক্ষা কৰাবলৈ গান্ধীক হাস্পাতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও গান্ধী মেডিকেল চেক আপ কৰিবলগীয়া হৈছিল। ফেব্ৰুৱাৰী মাহত পেটৰ সমস্যাৰ বাবে তেওঁক দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

উল্লেখ্য যে, যোৱা কিছু বছৰৰ পৰা ছোনিয়া গান্ধীয় বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে। যোৱা ফেব্ৰুৱাৰী মাহত চিকিৎসালয়ত ভৰ্তি হৈছিল এদিনৰ বাবে, সেই সময়ছোৱাত তেওঁ গেষ্ট্ৰ’এণ্টেৰ’লজী বিশেষজ্ঞৰ তত্বাৱধানত আছিল। বৰ্তমান কংগ্ৰেছ নেত্ৰীগৰাকীৰ অৱস্থা সুস্থিৰ আছে বুলি জানিব পৰা গৈছে।

 

 

অন্য খবৰ পঢ়কঃ স্বাধীনতাৰ পাছৰ পৰা অসমৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ চলি আছেঃ মুখ্যমন্ত্ৰী