টিয়ানজিন সন্মিলনে চিন্তা বঢ়াইছে ট্ৰাম্পৰ! এইবাৰ শুল্ক সন্দৰ্ভত ক’লে, ইতিমধ্যেই বহু পলম…
টিয়ানজিনৰ SCO সন্মিলনৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভিন্ন মন্তব্য কৰি আহিছে। এতিয়া পুনৰ শুল্ক সন্দৰ্ভত ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ড’নাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ভাৰতৰ সৈতে এতিয়া আমেৰিকাৰ একপক্ষীয় সম্পৰ্ক গঢ় লৈ উঠিছে।

শুল্ক নীতিক কেন্দ্ৰ কৰি ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে ভাৰত আৰু আমেৰিকাৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰে পৰা এই বিষয়ত ধাৰাবাহিকভাৱে বাদ–বিবাদৰ সূত্ৰপাত হৈছে। এনে বিবাদৰ মাজতে শেহতীয়াকৈ চীনৰ টিয়ানজিনত SCO সন্মিলনত অংশ লয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ লগতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে মিলিত হয়। টিয়ানজিন সন্মিলনৰ পিছতে যেন ক্ৰমাৎ চিন্তা বৃদ্ধি পাইছে ট্ৰাম্পৰ।
টিয়ানজিনৰ SCO সন্মিলনৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভিন্ন মন্তব্য কৰি আহিছে। এতিয়া পুনৰ শুল্ক সন্দৰ্ভত ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ড’নাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ভাৰতৰ সৈতে এতিয়া আমেৰিকাৰ একপক্ষীয় সম্পৰ্ক গঢ় লৈ উঠিছে। ভাৰতে আন যিকোনো দেশতকৈ আমেৰিকাৰ পৰা অধিক শুল্ক আদায় কৰিছে বুলিও ট্ৰাম্পে দাবী কৰে।
ট্ৰাম্পৰ মতে, ভাৰতৰ সৈতে আমেৰিকাই অতি কম ব্যৱসায় কৰে বুলি কম সংখ্যক লোকেহে বুজি পায়। আনহাতে ভাৰতে আমেৰিকাৰ সৈতে বহু ব্যৱসায় কৰে বুলি ট্ৰাম্পে উল্লেখ কৰে। ট্ৰাম্পে কয়, “ভাৰতে আমাক বিপুল পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰে, কিন্তু আমি ভাৰতক অতি কম সামগ্ৰী বিক্ৰী কৰোঁ।”
“ভাৰতে অধিকাংশ তেল আৰু সামৰিক সামগ্ৰী ৰাছিয়াৰ পৰা ক্ৰয় কৰে, আমেৰিকাৰ পৰা যথেষ্ট কম। তেওঁলোকে এতিয়া নিজৰ শুল্ক সম্পূৰ্ণৰূপে হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে যদিও ইতিমধ্যে বহু পলম হৈছে।”- এইদৰে কয় ট্ৰাম্পে। তেওঁ লগতে কেইবাবছৰ পূৰ্বেই ভাৰতে শুল্ক হ্ৰাস কৰিব লাগিছিল বুলিও দাবী কৰে।
উল্লেখ্য যে ভাৰতৰ ওপৰত ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে দুয়োখন দেশৰ সম্পৰ্ক তিক্তহৈ পৰিছে। প্ৰধানতঃ ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাক কেন্দ্ৰ কৰিয়েই আমেৰিকাই এনে পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকাৰ দাবী, ভাৰতে ৰাছিয়াৰ পৰা সস্তাত তেল ক্ৰয় কৰি ইয়াৰ পৰা বিপুল লাভ কৰিছে। ট্ৰাম্পৰ এই দাবী সন্দৰ্ভত ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।