শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ ওচৰত নৰশিৰ পাকিস্তান! দুই দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা…

পাকিস্তানৰ ড্ৰ’ন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিমান ঘাটিত নিখুঁত আক্ৰমণ চলায়। ইয়াৰ পিছত আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত  কাৰ্যকৰী কৰা হয় যুদ্ধবিৰতি। ভাৰতে কেৱল সামৰিক লক্ষ্যতহে আঘাত কৰিছিল, যাৰ ফলত সাধাৰণ নাগৰিকৰ ক্ষতি হোৱাটো নূন্যতম হোৱাটো নিশ্চিত হৈছিল।

ভাৰতৰ ওচৰত নৰশিৰ পাকিস্তান! দুই দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা…
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি
trishna-kalita
Trishna Kalita | Updated On: 10 May 2025 18:45 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। ইয়াৰ পাছত বিগত ৭২ ঘণ্টা ধৰি পাকিস্তানে অবিৰতভাৱে উচটনিমূলক কার্য চলাই আছিল আৰু ড্ৰ’ন আৰু মিছাইলেৰে ভাৰতক আক্ৰমণ কৰিছিল। ভাৰতৰ পশ্চিম অঞ্চলত অসামৰিক অঞ্চল আৰু সামৰিক আন্তঃগাঁথনি লক্ষ্য কৰি পাকিস্তানে নিৰ্বিচাৰে ড্ৰোন আৰু মিছাইল আক্ৰমণৰ প্ৰতিশোধ হিচাপে শনিবাৰে পুৱাই ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে ৰফিকী, মুৰিদ আৰু চাকলালাত থকা পাকিস্তান বায়ুসেনাৰ ঘাটিসমূহক লক্ষ্য কৰি লয়।

ইতিমধ্যে ভাৰতৰ প্ৰতিশোধত সম্পূৰ্ণৰূপে আতংকিত হৈ আমেৰিকাৰ আশ্ৰয় বিচাৰে পাকিস্তান। অৱশেষত আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰে। আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল। এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে ট্ৰাম্পে । এই বিবৃতিত কোৱা হৈছে যে পাকিস্তান আৰু ভাৰত দুয়োখন দেশ যুদ্ধবিৰতিৰ বাবে সাজু। পিছত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰেও যুদ্ধবিৰতিৰ বাবে সাজু বুলি ঘোষণা কৰে।

পাকিস্তানক উপযুক্ত উত্তৰ দিলে ভাৰতে

ইয়াৰ পূৰ্বে চৰকাৰী ব্রিফিঙত উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয় যে ভাৰতৰ নিখুঁত আক্রমণত কেৱল সামৰিক ইনষ্টলেশ্যনকহে লক্ষ্য কৰি লোৱা হয়৷ তেওঁ কয়, ‘ৰফিকি, মুৰিদ, চাকলালা, ৰহিম ইয়াৰ খান, চুক্কুৰ আৰু চুনিয়ানত থকা পাকিস্তানী সামৰিক ইনষ্টলেশ্যনসমূহক আমাৰ যুদ্ধ বিমানৰ পৰা নিখুঁত আকাশৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ ব্যৱহাৰ কৰি লক্ষ্য কৰি লোৱা হৈছিল।”

তেওঁ কয়, “পাছৰুৰ আৰু ছিয়ালকোট বিমান ঘাটিৰ ৰাডাৰ ছাইটসমূহকো নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰি লক্ষ্য কৰি লোৱা হৈছিল। এই প্ৰতিশোধমূলক কাৰ্য্যসমূহ সংঘটিত কৰাৰ সময়ত ভাৰতে নূন্যতম ক্ষতি হোৱাটো নিশ্চিত কৰিছিল। ভাৰতে নিজৰ লক্ষ্য সযতনে বাছি লৈছিল। ইয়াৰ লক্ষ্য আছিল ড্ৰোন আৰু যুদ্ধ বিমান ব্যৱহাৰ কৰি পাকিস্তানৰ বিমান আক্ৰমণৰ ক্ষমতা দুৰ্বল কৰা। এই গুৰুত্বপূৰ্ণ বায়ুসেনাৰ ঘাটিসমূহত হোৱা আক্ৰমণে হয়তো পাকিস্তানৰ আকাশী গোপনীয়তা আৰু দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ ক্ষমতাত প্ৰভাৱ পেলাইছে”।