শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ ৱাণ্টেড তালিকাৰ শীৰ্ষত থকা দুধৰ্ষ সন্ত্ৰাসবাদী, অপাৰেশ্যন সেন্দূৰে বিধ্বস্ত কৰিলে যাৰ জীৱন…

ভাৰতৰ তালিকাত ৫৭জন সন্ত্ৰাসবাদীৰ নাম আছে। এইসকল সন্ত্ৰাসবাদীয়েই ভাৰতৰ লক্ষ্য। তালিকাত এক নম্বৰত থকা সন্ত্ৰাসবাদীজন পাকিস্তানৰ আৰু তাতেই আশ্ৰয় লৈ আছে। মঙলবাৰে মাজনিশা ভাৰতে সংঘটিত কৰা আক্ৰমণত এই সন্ত্ৰাসবাদীয়ে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। তেওঁৰ সমগ্ৰ পৰিয়ালটো নিঃশেষ হৈছে।

ভাৰতৰ ৱাণ্টেড তালিকাৰ শীৰ্ষত থকা দুধৰ্ষ সন্ত্ৰাসবাদী, অপাৰেশ্যন সেন্দূৰে বিধ্বস্ত কৰিলে যাৰ জীৱন…
প্ৰতীকি ফটোImage Credit source: AI
trishna-kalita
Trishna Kalita | Published: 08 May 2025 14:23 PM

বিশ্বত ৫৭জন এনে সন্ত্ৰাসবাদী আছে যিসকল ভাৰতৰ বাবে ৱাণ্টেড। গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি এই তালিকাত এজনতকৈ এনে অধিক সন্ত্ৰাসবাদী সন্নিবিষ্ট কৰা হৈছে, যিয়ে  এতিয়ালৈকে ভাৰতত বহু নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লৈছে। ইয়াৰ ভিতৰত আছে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰা আৰম্ভ কৰি লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছাইদলৈকে।  মঙলবাৰে মাজনিশা পাকিস্তান আৰু  PoKত ভাৰতে চলোৱা ষ্ট্ৰাইকত মাছুদক নৰকলৈ যোৱাৰ পৰা মাত্ৰ কিছু ক্ষণহে দূৰত আছিল। ভাৰতৰ এই তালিকাত প্ৰথম স্থানত আছে মাছুদ আজহাৰ।

ভাৰতৰ অপাৰেশ্যন সেন্দূৰত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়ালটো নিঃশেষ হৈ গ’ল। য’ত একেলগতে তেওঁৰ পৰিয়ালৰ ১০ জন লোকৰ মৃত্যু হয়। এই কাৰ্যৰ পিছত মাছুদ আজহাৰে চকুলো টুকিছিল। তেওঁ কৈছিল, “ময়ো মৰি যোৱাহেঁতেন।”

ভাৰতৰ এই আক্ৰমণত কেৱল মাছুদ আজহাৰৰ পৰিয়ালেই ধ্বংস হোৱাই নহয়, তেওঁৰ শিবিৰসমূহো ক্ষতিগ্ৰস্ত হয়। মুজাফ্ফৰাবাদৰ জৈছৰ চৈয়দনা বিলাল শিবিৰত ভাৰতে আক্ৰমণ কৰে। এই শিবিৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু জংঘলৰ মাজত জীয়াই থকাৰ কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছিল।ইয়াৰ উপৰিও ভাৰতে বাহাৱালপুৰত জয়ছৰ মুখ্য কাৰ্যালয়তো আক্ৰমণ চলাই ভাৰতে। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত আছে এই স্থান। এই শিবিৰত জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক নিযুক্তি আৰু প্ৰশিক্ষণ দিয়া হৈছিল। মছুদ আজহাৰকে ধৰি সন্ত্ৰাসবাদী নেতাসকলে সঘনাই এই শিবিৰলৈ গৈ সন্ত্ৰাসবাদীক নিৰ্দেশ দিছিল।

Masood Azhar 2 1024x576

মাছুদ আজহাৰ

আক্ৰমণৰ পিছত কি ক’লে মাছুদে?

ভাৰতৰ এই আক্ৰমণৰ পাছত মাছুদ আজহাৰে ক’লে, “মোৰ পৰিয়ালৰ ১০জন সদস্যই একেলগে এই সুখ লাভ কৰিলে।” তেওঁ কয় যে, ইয়াৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই আৰু কোনো হতাশাও নাই৷ তেওঁ কয়, ” মোৰ হৃদয়লৈ বাৰে বাৰে এই চিন্তা আহি পৰে যে ময়ো এই সদস্যসকলৰ সুখত যোগদান কৰিব লাগিছিল।” সন্ত্ৰাসবাদীয়ে আকৌ ক’লে, তেওঁৰ যোৱাৰ সময় আহিছিল, কিন্তু ভগৱানে তেওঁক হত্যা কৰা নাছিল।

উল্লেখ যে,  ৫৬ বছৰীয়া মাছুদ আজহাৰে ভাৰতত ২০০১ চনৰ সংসদ আক্ৰমণ, ২০০৮ চনৰ মুম্বাই আক্ৰমণ, ২০১৬ চনৰ পাঠানকোট আক্ৰমণ আৰু ২০১৯ চনৰ পুলৱামা আক্ৰমণকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰত জড়িত হৈ আছে।

তালিকাত আৰু কোন আছে?

হাফিজ ছাইদ
জাকিৰ উৰ ৰেহমান লাকৱী
ডাউদ ইব্ৰাহিম
ৱাধৱা বাব্বৰ
লখবীৰ সিং
ৰঞ্জিত সিং
পৰমজিৎ সিং
ভূপিন্দৰ সিং ভিন্দা
গুৰমীন সিং বাগ্গা
গুৰপতৱন্ত সিং পান্নু
হৰদীপ সিং নিজাৰ
পৰমজিৎ সিং
সাজিদ মিৰ
ইউছুফ মুজ্জামিল
আব্দুৰ ৰেহমান মক্কি
শ্বাহিদ মেহমুদ
ফাৰহাতুল্লাহ ঘৌৰী
আব্দুল আছঘৰ
ইব্ৰাহিম অথৰ
ইউছুফ আজহাৰ
শ্বাহিদ লতিফ
চৈয়দ মহম্মদ ইউছুফ শ্বাহ
গুলাম নবী খান
জাফৰ ভাট
ৰিয়াজ ইছমাইল
মহম্মদ ইকবাল
শ্বেখ শ্বেকীল
মহম্মদ আনিছ শ্বেখ
ইব্ৰাহিম মেমন
জাভেদ চিকনা হাফিজ তালহা
ঔৰংজেব আলমগীৰ
আলী কাচিফ
মুস্তাক আহমেদ
আছিক আহমেদ
শ্বেখ ছাজাদ
গুলজাৰ দাৰ
ইমতিয়াজ আহমেদ
শৌকত আহমেদ শ্বেখ
বাছিত আহমেদ
হাবিবুল্লাহ মালিক
বছিৰ আহমেদ
ইৰছাদ আহমেদ
ৰফিক নাপিত
জফৰ ইকবাল
বিলাল আহমেদ
শ্বেখ জমীল ৰেহমান
এজাজ আহমেদ
মহম্মদ আমিন
আৰবাজ আহমেদ
আছিফ মকবুল দাৰ
আৰ্শদীপ সিং গিল
হৰবিন্দৰ সিং
লখবীৰ সিং
সতৱিন্দৰ সিং
মহম্মদ কাছিম