শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী আদিল আৰু আছিফৰ ঘৰ ধ্বংস…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত কেইবাজন সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰে নিৰাপত্তাৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা কৰা অভিযানত এই পদক্ষেপ গ্ৰহণ কৰে। জানিব পৰা মতে কাশ্মীৰৰ এই যুৱককেইজনে পহলগাম কাণ্ডৰ বাবে প্ৰয়োজনীয় তথ্য সন্ত্ৰাসবাদীক দিছিল।

পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী আদিল আৰু আছিফৰ ঘৰ ধ্বংস…
সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংসImage Credit source: x (PTI)
barasha-sarma
Barasha Sarma | Published: 25 Apr 2025 10:37 AM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই সষ্টম হৈ উঠিছে নিৰাপত্তা ৰক্ষী। বৃহস্পতিবাৰে নিশা কৰা অভিযানত নিৰাপত্তাৰক্ষীয়ে পহলগাম ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদী আদিল থোকৰৰ ঘৰ ধ্বংস কৰি পেলায়। জানিব পৰা মতে, আদিলৰ ঘৰত বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে। ইয়াৰোপৰি তালাচীৰ সময়ত বহু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে। তথ্য অনুসৰি আদিলৰ ঘৰত বিপুল পৰিমাণৰ আই ই ডি ৰখা হৈছিল, যাৰ বাবে বিস্ফোৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰাপত্তাৰক্ষীয়ে।এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে আদিলৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি যায়।

উল্লেখ্য যে, অনন্তনাগ আৰক্ষীয়ে লস্কৰ-ই-তৈবা (এএলটি)ৰ তিনিজন সন্ত্ৰাসবাদী আদিল হুচেইন থোকৰ, আলী ভাই আৰু হাছিম মুছাৰ ওপৰত মুছাৰ ওপৰত ২০ লাখ টকাৰ পুৰস্কাৰ ৰাখিছিল। ২২ এপ্ৰিলত পহলগামৰ বৈচাৰনত সংঘটিত ঘটনাত এই ৩ জন জড়িত থকা বুলি সন্দেহ কৰা হৈছে।

 

জানিব পৰা মতে, সন্ত্ৰাসবাদী থোকৰ ২০১৮ চনত আটাৰী-বাঘা সীমান্তৰে পাকিস্তানলৈ গৈছিল। সন্দেহ কৰা হৈছে সেই সময়তে তেওঁ প্ৰশিক্ষণ লৈছিল। সূত্ৰ অনুসৰি, শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত আদিলে সহায় কৰিছিল আৰু প্ৰয়োজনীয় তথ্য যোগান ধৰিছিল।

 

ইয়াৰোপৰি পহলগাম ঘটনাত জড়িত আছিফ শ্বেইখৰ ঘৰো নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰি পেলায়। তথ্য অনুসৰি ত্ৰালৰ বাসিন্দা আছিফ শ্বেইখে পহলগাম কাণ্ডত সন্ত্ৰাসবাদীক সহায় কৰি প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছিল। বৃহস্পতিবাৰে নিশা অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ ঘৰ ধ্বংস কৰে। আছিফ ২৬ বছৰীয়া এজন যুৱক আৰু তেওঁৰ ওপৰত ইতিমধ্যেই ৰাজ্য চৰকাৰে ৩ লাখ টকাৰ পুৰস্কাৰ ৰাখিছিল। আৰক্ষীয়ে জনোৱা মতে, আছিফৰ ঘৰতো বহু বিস্ফোৰক সামগ্ৰী আছিল।

পহলগাম ঘটনাৰ পাছতে সেনা এলাৰ্ট আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰিব পৰা প্ৰতিটো ঘৰত তালাচী চলাইছে আৰক্ষীয়ে। আনহাতে এল অ চিত পাকিস্তানৰ পৰা কৰা গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই। এতিয়াও দুয়োফালৰ পৰা সীমান্তত গুলীচালনা চলি আছে যদিও এতিয়ালৈকে অন্য কোনো তথ্য পোহৰলৈ অহা নাই। জানিব পৰা মতে, ভাৰতীয় সেনাই পাকিস্তানৰ বহু চকী ধ্বংস কৰিছে। পহলগাম ঘটনা সংঘটিত হোৱাৰ পাছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

 

 

অন্য খবৰ পঢ়কঃ কল্পনাতকৈ বহু ওপৰত…বিচাৰি বিচাৰি শাস্তি দিয়া হ’ব সন্ত্ৰাসবাদী আৰু সমৰ্থনকাৰী প্ৰতিজনকঃ মোদী

অন্য খবৰ পঢ়কঃ ৱাঘা সীমান্ত বন্ধ, সন্ত্ৰাসবাদীক সমৰ্থনৰ অভিযোগ…পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কি কি সিদ্ধান্ত ল’লে…