শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পৰ সুৰ সলনি! ইলন মাস্কৰ কোম্পানীৰ ওপৰত ডাঙৰ ঘোষণা…

পুনৰ ভাল হ'ব নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ মাজত সম্পৰ্ক। শেহতীয়াকৈ ট্ৰাম্পে মাস্ক সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে।

ট্ৰাম্পৰ সুৰ সলনি! ইলন মাস্কৰ কোম্পানীৰ ওপৰত ডাঙৰ ঘোষণা…
ট্ৰাম্প-ইলন মাস্কImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Jul 2025 10:58 AM

বিগত কেইটামান মাহ ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ মাজত সংঘৰ্ষ চলি আছে। ট্ৰাম্পে মুকলিকৈ মাস্কক সকীয়নি দি আহিছে যদিও শেহতীয়াকৈ সুৰ সলনি হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ। মাস্কৰ প্ৰতি ট্ৰাম্পৰ সুৰ যেন কোমল হৈ পৰিছে। বৃহস্পতিবাৰে ট্ৰাম্পে সকলো দাবী স্পষ্ট কৰি কয় যে, আমেৰিকাই মাস্কৰ কোম্পানী ধ্বংস নকৰে। তেওঁ বিচাৰে ইলন মাস্ক আৰু আমেৰিকাৰ আন ব্যৱসায়ীসকল আমেৰিকাত থাকক।

চলিত মাহৰ আৰম্ভণিত ট্ৰাম্পে ইংগিত দিছিল যে তেওঁ ইলন মাস্কৰ কোম্পানীসমূহক দিয়া ৰাজসাহায্যৰ অন্ত পেলাব পাৰে। কিন্তু এতিয়া যেন ট্ৰাম্পৰ স্থিতি সলনি হৈছে। ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথত পোষ্ট কৰি কয় যে, “বিভিন্নজনে কৈছে যে মই ইলন মাস্কৰ কোম্পানীসমূহে আমেৰিকা চৰকাৰৰ পৰা লাভ কৰা বৃহৎ ৰাজসাহায্য কাঢ়ি লৈ ধ্বংস কৰিম। সেয়া সঁচা নহয়! মই বিচাৰো ইলন আৰু আমাৰ দেশৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে আগৰ তুলনাত আৰু অধিক অগ্ৰগতি লাভ কৰক”।

ট্ৰাম্পৰ এই পোষ্টে এতিয়া বিভিন্নজনক আচৰিত কৰি তুলিছে। কিয়নো কিছুমান পূৰ্বে মিত্ৰ বুলি পৰিচিত টেছলাৰ চিইঅ’ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল। আনকি ট্ৰাম্পে মুকলিকৈ মাস্কক সকীয়নি দিছিল যে তেওঁ মাস্কৰ কোম্পানীয়ে লাভ কৰা ৰাজসাহাৰ্য কাঢ়ি ল’ব। এই সংঘাত ইলন মাস্কে ৰাষ্ট্ৰপতিৰ “বিগ বিউটিফুল বিল”ক সমালোচনা কৰাৰ পাছত হোৱা বুলি ক’ব পাৰি। আনকি এই বিধেয়কখন গৃহীত হোৱাৰ পাছত মাস্কে এটা নতুন ৰাজনৈতিক দল গঠন কৰিছিল।

ট্ৰাম্পে কৈছিল যে মাস্কে ইভিৰ ৰাজসাহায্য হেৰুৱাইছে বুলি ভয় খাইছে, কিন্তু যদি তেওঁ এইদৰেই চলি থাকে তেন্তে তেওঁ আৰু বহুত হেৰুৱাব পাৰে। ট্ৰাম্প আৰু মাস্কৰ মাজত হোৱা বিভাজনে বহুতকে আচৰিত কৰি তুলিছিল, কিয়নো টেছলাৰ চিইঅ’ মাস্ক এসময়ত ৰাষ্ট্ৰপতিগৰাকীৰ আটাইতকৈ ডাঙৰ প্ৰচাৰক আছিল, যিয়ে তেওঁক পুনৰ হোৱাইট হাউছলৈ ঘূৰাই আনিবলৈ লাখ লাখ ডলাৰ খৰচ কৰিছিল।

টেছলাৰ শ্বেয়াৰ হ্ৰাস পায়

ট্ৰাম্পে নতুন কৰ আইন কাৰ্যকৰী কৰাৰ পিছৰে পৰা টেছলাৰ শ্বেয়াৰ হ্ৰাস পাইছে। বৃহস্পতিবাৰে কোম্পানীটোৰ শ্বেয়াৰ ৭.৬৭ শতাংশ হ্ৰাস পাই ৩০৭.০৫ ডলাৰ হয়, যিটো সন্ধিয়া ৭:৩৪ বজালৈকে (ভাৰতৰ সময় অনুসৰি) ৭.৬৭ শতাংশ। ইয়াৰ মাজতে এতিয়া ট্ৰাম্পে পুনৰ মাস্কৰৰ প্ৰতি স্থিতি নৰম কৰিছে। গতিকে এই স্থিতিয়ে দুয়োৰে সম্পৰ্কত কিবা পৰিবৰ্তন আনে নে নাই সেয়া সময়ে ক’ব।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ সংসদত গৃহীত ‘ৱান বিগ বিউটিফুল বিল’, বৃদ্ধি পোৱাৰ দিশে ট্ৰাম্প-ইলনৰ সংঘাত…