শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ সুৰ সলনি ড’নাল্ড ট্ৰাম্পৰ! ইৰাণক দিলে স্মাৰ্ট আখ্যা, ইফালে ইজৰাইলক ক’লে…

পুনৰ সুৰ সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। কিছুদিন পূৰ্বে আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছিল। কিন্তু এতিয়া সেই ট্ৰাম্পে ইৰাণক স্মাৰ্ট আখ্যা দিছে।

পুনৰ সুৰ সলনি ড’নাল্ড ট্ৰাম্পৰ! ইৰাণক দিলে স্মাৰ্ট আখ্যা, ইফালে ইজৰাইলক ক’লে…
ইৰাণ, ইজৰাইল,আমেৰিকাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Jun 2025 21:55 PM

পুনৰ সুৰ সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। অৱশ্যে সুৰ সলনি ট্ৰাম্পৰ বাবে কোনো ডাঙৰ কথা নহয়। ইয়াৰ উদাহৰণ বিশ্বই ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত দেখিছে। এসময়ত ভাৰতক বন্ধু বুলি গণ্য কৰা ট্ৰাম্পে এতিয়া পাকিস্তানৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা ট্ৰাম্পে এতিয়া প্ৰতিটো ক্ষেত্ৰতে দেখে ভাৰতৰ দোষ। সেই একেই গতি যে ইজৰাইলৰ লগতো হ’বলৈ গৈ আছে। এইবাৰ ইৰাণক স্মাৰ্ট আখ্যা দিলে ট্ৰাম্পে।

ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতিৰ পাছত বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নেদাৰলেণ্ড ভ্ৰমণত আছে। এই সময়চোৱাত ট্ৰাম্পে নাটো দেশৰ নেতাসকলক সাক্ষাৎ কৰিছে। যুদ্ধবিৰতিৰ পিছত এই যুদ্ধত কোনে অগ্ৰগতি লাভ কৰিলে বা কোনে জয়ী হ’ল সেই বিষয়ে আলোচনা কৰাটো সাধাৰণ কথা। শেহতীয়াকৈ ট্ৰাম্পে কৰা এক মন্তব্যৰ দ্বাৰা এই প্ৰশ্নৰ কিছু উত্তৰ পোৱা বুলি ক’ব পাৰি।

নাটোৰ সদস্য ৰাষ্ট্ৰৰ সৈতে বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, “ইৰাণৰ হাতত তেল আছে, তেওঁলোক স্মাৰ্ট মানুহ। ইজৰাইলৰ বহু ক্ষতি হৈছে। বিশেষকৈ যোৱা দুদিনত। বাপৰে! (Oh boy!) ইৰাণৰ সেই বেলিষ্টিক মিছাইলে ইজৰাইলৰ  বহু অট্টালিকা ধ্বংস কৰিছে”। ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে ইৰাণৰ দাবী নিশ্চিত কৰিব পাৰি যে ইজৰাইলে যুদ্ধ বিৰতিৰ কথা প্ৰথমে উত্থাপন কৰিছিল।

ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ ১৩ জুনত আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পাছতে ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰ দিছিল। ইজৰাইলৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি ইৰাণৰ আক্ৰমণত ইজৰাইলৰ যথেষ্ঠ ক্ষতি হৈছে। এক প্ৰতিবেদন অনুসৰি মাত্ৰ ১২ দিনৰ যুদ্ধৰ ভিতৰত ইজৰাইলৰ প্ৰায় ৩৯ হাজাৰ লোকে ক্ষতিপূৰণৰ বাবে আবেদন কৰিছে। ইয়াৰে অধিকাংশল লোকে ঘৰ ধ্বংস হোৱাৰ কথা উল্লেখ কৰিছে।

ইজৰাইলৰ টেক্স অথৰিটিৰ ক্ষতিপূৰণ বিভাগে এই পৰ্যন্ত মুঠ ৩৮,৭০০ দাবী লাভ কৰিছে। ইয়াৰে ৩০,৮০৯টা দাবী ঘৰৰ ক্ষতিৰ বাবে। অৰ্থাৎ ইজৰাইৰ ইমান সংখ্যক লোকে অভিযোগ কৰিছে যে তেওঁ ঘৰ ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰোপৰি যান-বাহনৰ ক্ষতিৰ বাবে ৩৭১৩ খন আবেদন আৰু যন্ত্ৰপাতি, অন্যান্য সামগ্ৰীৰ বাবে ৪০৮৫ খন আবেদন লাভ কৰিছে।

অৱশ্যে এই যুদ্ধত ক্ষতিগ্ৰস্ত হৈছে ইৰাণো। দাবী অনুসৰি, ইজৰাইলেও ইৰাণত ব্যাপক ধ্বংসলীলা চলাইছে। অৱশ্যে ইৰাণৰ কিমান ক্ষতি হৈছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট তথ্য প্ৰকাশ হোৱা নাই। খবৰ অনুসৰি, ইজৰাইলতকৈ ইৰাণত ক্ষতিৰ সংখ্যা বহুত বেছি। ইয়াৰোপৰি ইৰাণত ইজৰাইলৰ আক্ৰমণত প্ৰায় ৬০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ইজৰাইলত ইৰাণৰ আক্ৰমণৰ ফলত মৃত্যু হয় প্ৰায় ৩০জন।

 

 

অন্য খবৰ পঢ়কঃ Khorramshahr-4: ৮০ টাতকৈ অধিক স্থানত একেলগে আক্ৰমণ! জানক ইৰাণৰ খোৰামশ্বহৰ-৪ মিছাইলৰ বিষয়ে…