শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অবৈধ উৎপাদনৰ ক্ষেত্ৰত চীন প্ৰথম! ভাৰতো আছে তালিকাত, আমেৰিকাৰ ২৩ খন দেশৰ তালিকা জাৰি…

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এখন তালিকা জাৰি কৰিছে। য'ত ২৩ খন দেশৰ নাম উল্লেখ কৰিছে। অভিযোগ অনুসৰি এই দেশকেইখনে ড্ৰাগছ সৰবৰাহৰ আৰু অবৈধ উৎপাদন কৰে। এই তালিকাত চীনৰ নামো আছে।

অবৈধ উৎপাদনৰ ক্ষেত্ৰত চীন প্ৰথম! ভাৰতো আছে তালিকাত, আমেৰিকাৰ ২৩ খন দেশৰ তালিকা জাৰি…
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Sep 2025 09:57 AM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ এখন তালিকা জাৰি কৰিছে য’ত বিশ্বৰ ২৩ খন দেশৰ নাম উল্লেখ কৰিছে ট্ৰাম্পে। অভিযোগ অনুসৰি, এই দেশকেইখনে ড্ৰাগছ সৰবৰাহৰ আৰু অবৈধ উৎপাদনৰ সৈতে জড়িত। ইমানেই নহয়, এই দেশকেইখন ড্ৰাগছৰ বাবে প্ৰধান ট্ৰেনজিট পথ হিচাপে চিনাক্ত কৰিছে আমেৰিকাই।

কাংগ্ৰেছত দাখিল কৰা এই প্ৰতিবেদনৰ শিৰোনাম ‘প্ৰেচিডেন্সিয়েল ডিটাৰমিনেশ্যন’ ৰখা হৈছে। ট্ৰাম্পে কয় যে, অবৈধ ড্ৰাগছৰ উৎপাদন আৰু সৰবৰাহৰ ফলত আমেৰিকা আৰু দেশৰ নাগৰিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ঠ ভাবুকি আহি পৰিছে।

কোন কোন আছে তালিকাত

এই তালিকাত ২৩ খন দেশৰ নাম আছে। য’ত এছিয়াৰ কেইবাখনো দেশৰ নাম অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত আছে আফগানিস্তান, বাৰ্মা, চীন, ভাৰত আৰু পাকিস্তান। ইয়াৰোপৰি বাহামাছ, বেলিজ, বলিভিয়া, কলম্বিয়া, কোষ্টা ৰিকা, ডমিনিকান ৰিপাব্লিক, ইকুৱেডৰ, এল ছালভাডৰ, গুৱেটামালা, হাইটি, হণ্ডুৰাছ, জামাইকা, লাওছ, মেক্সিকো, নিকাৰাগুয়া, পানামা, পেৰু, আৰু ভেনিজুৱেলা আদি অন্তৰ্ভুক্ত কৰা হৈছে।

কিন্তু এই প্ৰতিবেদনত ট্ৰাম্পে আফগানিস্তান, বলিভিয়া, বাৰ্মা, কলম্বিয়া, ভেনিজুৱেলা আদিক স্পষ্টভাৱে ব্যৰ্থ বুলি উল্লেখ কৰিছে। বিশেষকৈ তেওঁ আফগানিস্তানক সমালোচনা কৰি কয় যে, মুকলি নিষেধাজ্ঞাৰ পাছতো আফিং আৰু অন্যান্য নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ চলি আছে।

চীনক আক্ৰমণ

এই প্ৰতিবেদনত ট্ৰাম্পে চীনত লক্ষ্য কৰি লয়। য’ত কোৱা হয়, নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰাৰ ক্ষেত্ৰত চীন মূল উৎস। চীনে ফেন্টানিল, অন্যান্য ড্ৰাগছৰ বাবে প্ৰয়োজনীয় কেমিকেল বিশ্বত বিয়পাই আছে। প্ৰতিবেদনত আৰু কয়, মেথামফেটামাইন আৰু নতুন, বিপজ্জনক ঔষধ (যেনে নাইট্ৰাজেপাম) আদি বিয়পোৱাৰ ক্ষেত্ৰত চীনৰ ভূমিকা বহুত বেছি। এই ক্ষেত্ৰত ট্ৰাম্পে চীনৰ চৰকাৰত কঠোৰ হৈ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে।

ভাৰতৰ  সফলতা

উল্লেখ্য যে, নিচাযুক্ত পদাৰ্থৰ বিৰুদ্ধে ভাৰতেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে (এনচিবি) আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ছিণ্ডিকেটক আটক কৰে। জানিব পৰা মতে, এই গেঙটোৱে ডিজিটেল প্লেটফৰ্ম, ক্ৰিপ্টো বা অন্য ধৰণে আমেৰিকা, অষ্ট্ৰেলিয়া, ইউৰোপ আদিলৈ ড্ৰাগছ সৰবৰাহ কৰিছিল।

দিল্লীৰ বঙালী মাৰ্কেটৰ সমীপত চলা তালাচীৰ সময়ত এই নেটৱৰ্কৰ তথ্য পোহৰলৈ আহিছিল। ভাৰতৰ এই কাৰ্যক আমেৰিকাই প্ৰশংসা কৰিছিল। এই সন্দৰ্ভত দিল্লীক ধন্যবাদ জনাই আমেৰিকাৰ দূতাবাসে কৈছিল যে, ভাৰতীয় সংস্থাসমূহে আমেৰিকাৰ জনসাধাৰণক অবৈধ ড্ৰাগছৰ পৰা ৰক্ষা কৰাত যথেষ্ট সহায় কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ সেনাৰ মাজত পুটিন, শংকিত জেলেনস্কি! আত্মসমৰ্পন কৰাৰ দিশে ইউক্ৰেইনৰ সেনা…