সেনাৰ মাজত পুটিন, শংকিত জেলেনস্কি! আত্মসমৰ্পন কৰাৰ দিশে ইউক্ৰেইনৰ সেনা…
আত্মসমৰ্পন কৰাৰ দিশে ইউক্ৰেইনৰ সেনা। শেহতীয়াকৈ ৰাছিয়াই ৰণনীতি সলনি কৰি ইউক্ৰেইনৰ ওপৰত বোমা বৰ্ষণ কৰে। যাৰফলত ইউক্ৰেইনৰ যথেষ্ঠ ক্ষতি হয়। এই আক্ৰমণত পুটিনে নিজেই নজৰ ৰাখিছে।

বিগত সময়চোৱাত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। যাৰ আগত তিষ্টি থাকিব নোৱাৰি আত্মসমৰ্পনৰ দিশে আগবাঢ়িছে ইউক্ৰেইনৰ সেনা। এই কথা কেৱল ইউক্ৰেইনবাসীৰ বাবেই নহয়, ৰাষ্ট্ৰপতি জেলেনস্কিৰ বাবেও যেন স্পষ্ট হৈ পৰিছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে ইউক্ৰেইনৰ সেনাই আত্মসমৰ্পন কৰা নাই যদিও জেলেনস্কিৰ সুৰ প্ৰায় সলনি হৈছে। কিয়নো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক বিনাচৰ্তে সাক্ষাৎ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইমানেই নহয়, তেওঁ আত্মসমৰ্পনৰ ইংগিতো দিছে।
অৰ্থাৎ ইউক্ৰেইনে এতিয়া ৰাছিয়াৰ চৰ্তমতে যুদ্ধ বিৰতি কৰাৰ ইংগিত দিছে। বছৰ বছৰ ধৰি যুদ্ধ কৰাৰ পাছত ইউক্ৰেইনৰ এই স্থিতিয়ে এতিয়া এক প্ৰশ্ন উত্থাপন কৰিছে যে, জেলেনস্কিৰ এই পৰিবৰ্তন কিয়? কিয় তেওঁ যুদ্ধ বিৰতিৰ ইংগিত দিছে?
সেনাৰ কাষত পুটিন
জানিব পৰা মতে, যুদ্ধ কক্ষত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। সেই কক্ষৰ পৰাই তেওঁৰ সেনাবাহিনীক আক্ৰমণৰ বাবে নিৰ্দেশ প্ৰদান কৰি আছে। এক কথাত পুটিনৰ কথা মতেই আক্ৰমণ কৰি গৈছে ৰাছিয়াৰ সেনাই। পুটিনৰ এই নিৰ্দেশৰ পাছতে ৰাছিয়ান সেনাই ইউক্ৰেইনত এক ধ্বংসলীলাৰ আৰম্ভণি কৰিছে। যিয়ে এক ভয়ানক ভৱিষ্যতৰ ইংগিত দিছে। এনেস্থলত যোৱা দুটা দিন ধৰি ইউক্ৰেইনৰ সেনাই আত্মসমৰ্পনৰ দিশে আগবাঢ়িছে।
জাপাড সামৰিক অনুশীলনৰ, সময়ত সেনাৰ পোচাক পৰিধান কৰি পুটিনে ৰাছিয়ান সেনাৰ মনোবল বৃদ্ধি কৰাৰ চেষ্টা কৰে। ইয়াৰোপৰি প্ৰশিক্ষণ ক্ষেত্ৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিয়ে আমন্ত্ৰিত বিদেশী প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে পুটিনে অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলি আদিও পৰিদৰ্শন কৰে।
ক্ৰমান্বয়ে পিছলৈ গৈছে জেলেনস্কি়
ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণৰ পাছতে জেলনস্কি যেন প্ৰায় পিছুৱাই গৈছে। যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জেলেনস্কিয়ে আত্মসমৰ্পন কৰাৰ ইংগিত দিছে। খবৰ অনুসৰি যোৱা নিশা ৰাছিয়াই ইউক্ৰেইনত ০০ৰো অধিক ড্ৰ’ন, ৩০০ৰো অধিক গ্লাইড বোমা আৰু প্ৰায় ৩০টা মিছাইলৰ বেৰেজ নিক্ষেপ কৰে। এনেকৈ ৰাছিয়াই মুঠ ৮৫০ টা ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছিল।
ইউক্ৰেইনৰ কেইবাখনো প্ৰদেশত চলিছিল এই আক্ৰমণ। ধাৰাবাহিক বোমা বিস্ফোৰণে সমগ্ৰ ইউক্ৰেইন কপাই তুলিছিল। যাৰ বাবে জেলেনস্কিৰ ভয় বৃদ্ধি পাইছে। ৰাছিয়াৰ এনে আক্ৰমণৰ বাবে ইউক্ৰেইনৰ সেনাই এক প্ৰকাৰ আত্মসমৰ্পন কৰিবলৈ বাধ্য হোৱাৰ দৰে হৈছে। যদি ইউক্ৰেইনৰ সেনাই আত্মসমৰ্পন কৰে তেন্তে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত হ’ব।
উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যথেষ্ঠ চেষ্টা কৰিছিল। ইয়াৰ বাবে তেওঁ জেলেনস্কি আৰু ৰাছিয়াৰ সৈতে আলোচনাত মিলিত হৈছিল। কিন্তু এই বৈঠকে যেন কাম নিদিলে। এতিয়া সম্ভৱতঃ ৰাছিয়াৰ আগত আঁঠু ল’ব ইউক্ৰেইনৰ সেনাই।
অন্য খবৰ পঢ়কঃ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিনামূলীয়া…মহিলাৰ বাবে মোদী চৰকাৰৰ নতুন অভিযান…