শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Donald Trump Talks About Tariff on India: ‘ভাৰতৰ সৈতে সম্পৰ্কত আউল লাগিছে’… ভাৰতৰ প্ৰতি হঠাৎ নৰম স্থিতি ড’নাল্ড ট্ৰাম্পৰ

India-US Relation: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, "চাওক, ভাৰত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ গ্ৰাহক আছিল। মই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক ৰাখিছিলো কাৰণ তেওঁলোকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল। সেয়া সহজ কাম নাছিল। কিন্তু মই কৰিলোঁ।"

Donald Trump Talks About Tariff on India: ‘ভাৰতৰ সৈতে সম্পৰ্কত আউল লাগিছে’… ভাৰতৰ প্ৰতি হঠাৎ নৰম স্থিতি ড’নাল্ড ট্ৰাম্পৰ
barasha-misra
Barasha Misra | Published: 13 Sep 2025 14:47 PM

শুল্কই লগালে লেঠা! এই শুল্কৰ ফলতেই বন্ধুত্বপূৰ্ণ সম্পৰ্কত কিছু ফাঁট মেলিছে ভাৰতৰ সৈতে আমেৰিকাৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই স্বীকাৰ কৰে এই কথা ৷ তেওঁ কয়, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ৫০ শতাংশ শুল্কই দুয়োখন দেশৰ সম্পৰ্ক অধিক বেয়া কৰি তুলিছে।

ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, “চাওক, ভাৰত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ গ্ৰাহক। মই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিলো, কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল। কিন্তু সেয়া সহজ নাছিল, কিন্তু মই কৰিলোঁ। আমাৰ এই সমস্যাতকৈ ইউৰোপৰ সমস্যা বেছি ডাঙৰ।”

শুল্কৰ বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্ক তিক্ত হোৱাৰ বিষয়ে ট্ৰাম্পে উল্লেখ কৰাৰ সময়তে বৃহস্পতিবাৰে ভাৰতত থকা মাৰ্কিন ৰাষ্ট্ৰদূত চাৰ্জিও গোৰে কয়, ট্ৰাম্প প্ৰশাসনে ভাৰতে ৰাছিয়াৰ পৰিৱৰ্তে আমেৰিকাৰ পৰা খাৰুৱা তেল আৰু অন্য সামগ্ৰী ক্ৰয় কৰাটো বিচাৰে। লগতে তেওঁ কয় যে দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা চলি আছে।

প্ৰসংগক্ৰমে ভাৰতৰ ওপৰত আৰোপিত শুল্ক ২৫ শতাংশৰ পৰা দুগুণ কৰাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যুক্তি দিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বাবেই লোৱা হৈছে এই সিদ্ধান্ত । ভাৰতে ট্ৰাম্পৰ এই সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ কৰি অনৈতিক বুলি অভিহিত কৰে। শেহতীয়াকৈ যেতিয়া চীন আৰু ৰাছিয়াই ভাৰতৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়ায়, তেতিয়া ট্ৰাম্পে পুনৰ নিজৰ সুৰ সলনি কৰে। বন্ধুত্ব আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক থকাৰ কথা বাৰে বাৰে উল্লেখ কৰি আছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

শুল্ক বিষয়ত আলোচনা কৰাৰ সময়ত তেওঁ পুনৰবাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰাত কৃতিত্ব দাবী কৰিছিল। ট্ৰাম্পে কয়, “মই সাতখন যুদ্ধ বন্ধ কৰিলোঁ। ভাৰত-পাকিস্তান যুদ্ধকে ধৰি একাধিক যুদ্ধ বন্ধ কৰিছোঁ। ডাঙৰ ডাঙৰ যুদ্ধ, যিবোৰ কেতিয়াও সমাপ্ত হোৱা নাছিল, সেয়া মই অৱনতি ঘটাইছোঁ। যেনে কংগো আৰু ৰোৱাণ্ডাৰ যুদ্ধ। ৩১ বছৰ ধৰি চলা এই যুদ্ধত লাখ লাখ মানুহে প্ৰাণ হেৰুৱালে। সেই যুদ্ধ আন কোনেও শেষ কৰিব পৰা নাছিল, কিন্তু মই কৰিলোঁ।”