শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰা জাপানৰ ভূমিকম্পলৈ, পলকতে চাওক পুৱাৰ মুখ্য খবৰ

বহু চৰ্চাৰ অন্তত যোৱা নিশা গুৱাহাটীত অনুষ্ঠিত হয় বিখ্যাত পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। এই অনুষ্ঠানত ব্যাপকসংখ্যক অনুৰাগীৰ ভিৰ দেখা যায়। অনুষ্ঠানৰ মাজতে পোষ্ট মেলনে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সন্মান জনায়।

Morning News: পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰা জাপানৰ ভূমিকম্পলৈ, পলকতে চাওক পুৱাৰ মুখ্য খবৰ
পুৱাৰ মুখ্য খবৰ
Monjit Dutta
Monjit Dutta | Published: 09 Dec 2025 08:06 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বহু চৰ্চাৰ অন্তত যোৱা নিশা গুৱাহাটীত অনুষ্ঠিত হয় বিখ্যাত পপষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। এই অনুষ্ঠানত ব্যাপকসংখ্যক অনুৰাগীৰ ভিৰ দেখা যায়। অনুষ্ঠানৰ মাজতে পোষ্ট মেলনে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সন্মান জনায়।
  2. আজি ৰাজ্যৰ ৩,২৫,২৩৪টা গ্ৰামীণ পৰিয়ালক প্রধানমন্ত্রী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পোষ্ট যোগে এইবিষয়ে সদৰী কৰে। “আমাৰ চৰকাৰ সমাজৰ শেষৰজন ব্যক্তিৰ প্ৰতিও সমানে দায়বদ্ধ৷”- এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  3. ৰাজ্যৰ প্রকৃতি আৰু জীৱকুলৰ সংৰক্ষণৰ দিশত গ্ৰহণ কৰা হ’ব এক অনন্য পদক্ষেপ। ৰাণীৰ শগুন সংৰক্ষণ প্রজনন কেন্দ্রৰ পৰা শীঘ্ৰেই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ষষ্ঠ সংযোজনত ৩০টা পাতি শগুন আৰু ৫টা লাহী ঠোঁটীয়া শগুন মুকলি কৰা হ’ব।
  4. কালি মহানগৰীত অনুষ্ঠিত হয় পোষ্ট মেলনৰ অনুষ্ঠান। এই অনুষ্ঠানক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত প্ৰখ্যাত পপষ্টাৰ ছাকিৰাক ‘ৱাকা ৱাকা’ পৰিৱেশন কৰোৱাৰ ইচ্ছা আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  5. শেহতীয়াকৈ গোৱাৰ এটা নাইট ক্লাবত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল কেইবাজনো লোকে। এই অগ্নিকাণ্ডৰ অভিযোগত অভিযুক্ত বাৰৰ মালিক গৌৰৱ লুথ্ৰা আৰু সৌৰভ লুথ্ৰা থাইলেণ্ডলৈ পলায়ন কৰিছে। তেওঁলোকৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক আউট চাৰ্কুলাৰ।
  6. বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সোমবাৰে লোকসভাত হয় বিশেষ আলোচনা। প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে মাতৰমৰ ইতিহাস পৰ্যালোচনা কৰি কংগ্ৰেছক সমালোচনা কৰাৰ পিছত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সাম্প্ৰতিক সংকটৰ পৰা দৃষ্টি আঁতৰাবলৈ শাসকীয় দলে ঐতিহাসিক ব্যক্তিক ব্যৱহাৰ কৰা বুলি কটাক্ষ কৰে।
  7. যোৱা নিশা এক প্ৰবল ভূমিকম্পই জোকাৰে জাপানৰ উত্তৰ-পূব উপকূল। ৰিখটাৰ স্কেলত ৭.৬ প্ৰাবল্যৰ এই ভূমিকম্পই কোনো ধন-জন হানি কৰাৰ খবৰ প্ৰকাশ পোৱা নাই যদিও কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে।
  8. আজিৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ শৃংখলা। পাঁচখনীয়া মেচৰ এই শৃংখলাটোৰ প্ৰথমখন মেচ আজি কটকৰ বাৰাবাতি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।