কোনে খাব নালাগে খালী পেটত নহৰু?

9 Dec 2025

TV9 ASSAM

নহৰু স্বাস্থ্যৰ বাবে উপকাৰী। নহৰুত বহু উপকাৰী গুণ আছে। যাৰ বাবে খাদ্য প্ৰস্তুত কৰা লগতে বহুতে কেঁচাই নহৰু খোৱা দেখা যায়।

নহৰু

বহুতে খালী পেটত কেঁচা নহৰু খায়। কিন্তু সকলোৰে বাবে এয়া ভাল নহয়। কিছুমান মানুহে খালী পেটত নহৰু খাব নালাগে। সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

খালী পেট

যদি কাৰোবাৰ পেটৰ লগত জড়িত সমস্যা যেনে, এচি়ডিটি, গেছ আদি আছে তেন্তে তেনে লোকে ভুলতো খালী পেটত নহৰু খাব নালাগে। বমিৰ সমস্যা থকা সকলেও খাব নালাগে।

পেটৰ সমস্যা

যিসকল লোকৰ লো ব্লাড প্ৰেচাৰৰ সমস্যা আছে তেনে লোকে ভুলতো খালী পেটত নহৰু খাব নালাগে। এনে কৰিলে দুৰ্বল অনুভৱ কৰিব পাৰে। ব্লাড থিনাৰ ঔষধ খোৱা সকলেও খালী পেটত নহৰু খাব নালাগে।

নিম্ন ৰক্তচাপ

যিসকল লোকৰ পেটৰ ঘাঁৰ দৰে সমস্যা আছে, বা গেষ্ট্ৰাইটিছৰ সমস্যাত ভুগি আছে তেনে লোকে খালী পেটত নহৰু খাব নালাগে।

পেটৰ ঘাঁ

গৰ্ভৱতী মহিলাসকলে ভুলতো খালী পেটত নহৰু খাব নালাগে। যিকোনো বস্তু খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

গৰ্ভৱতী মহিলা

কিছুমান লোকৰ নহৰুৰ পৰা এলাৰ্জি আছে। গতিকে যদি আপোনাৰো এনে সমস্যা আছে তেন্তে নহৰু খাব নালাগে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

এলাৰ্জি

পঢ়িবলৈ ক্লিক কৰক

যকৃতৰ সমস্যাৰ লক্ষণ