শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পূৰ্বতকৈও হ’ব কঠোৰ…! পাকিস্তানৰ CDFৰ দায়িত্ব লৈয়ে ভাৰতক সকীয়নি দিয়াত লাগিল অসীম মুনিৰ

প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীৰ দায়িত্ব লাভৰ পিছত প্ৰথম ভাষণতে অসীম মুনিৰে ভৱিষ্যতে যিকোনো আগ্ৰাসনৰ প্ৰতি পাকিস্তানৰ সঁহাৰি পূৰ্বতকৈ দ্ৰুত, শক্তিশালী আৰু তীব্ৰ হ’ব বুলি হুংকাৰ দিছে। মুনিৰে ভাৰত এতিয়া কোনো ভ্ৰমত থাকিব নালাগে বুলিও মন্তব্য কৰে।

পূৰ্বতকৈও হ’ব কঠোৰ…! পাকিস্তানৰ CDFৰ দায়িত্ব লৈয়ে ভাৰতক সকীয়নি দিয়াত লাগিল অসীম মুনিৰ
অসীম মুনিৰ
Monjit Dutta
Monjit Dutta | Published: 09 Dec 2025 09:22 AM

পাকিস্তানৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী (CDF) হিচাপে নিযুক্তি লাভ কৰিছে ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে। এই দায়িত্ব লাভৰ পিছত নিজৰ প্ৰথমটো ভাষণতে ভাৰতক ভাবুকি দিয়াত নামি পৰিছে মুনিৰ। নতুন দায়িত্বৰ আধাৰত অসীম মুনিৰৰ ক্ষমতা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী হিচাপে মুনিৰৰ এতিয়া কেৱল তিনিওটা সামৰিক শাখা ক্ৰমে স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ ওপৰত নিয়ন্ত্ৰণ থকাই নহয়; পাৰমাণৱিক অস্ত্ৰৰ ওপৰতো তেওঁৰ নিয়ন্ত্ৰণ থাকিব।

প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীৰ দায়িত্ব লাভৰ পিছত প্ৰথম ভাষণতে অসীম মুনিৰে ভৱিষ্যতে যিকোনো আগ্ৰাসনৰ প্ৰতি পাকিস্তানৰ সঁহাৰি পূৰ্বতকৈ দ্ৰুত, শক্তিশালী আৰু তীব্ৰ হ’ব বুলি হুংকাৰ দিছে। গাৰ্ড অৱ অনাৰৰ পিছত বিষয়াসকলক সম্বোধন কৰি মুনিৰে ভাৰত এতিয়া কোনো ভ্ৰমত থাকিব নালাগে বুলি মন্তব্য কৰে।

এতিয়া যিকোনো আগ্ৰাসনৰ প্ৰতি পাকিস্তানৰ সঁহাৰি পূৰ্বতকৈ দ্ৰুত আৰু তীব্ৰ হ’ব বুলিৰে মুনিৰে লগতে কয়। মুনিৰে লগতে প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয় স্থাপনক ঐতিহাসিক আখ্যা দিয়ে। স্থল সেনা, বায়ুসেনা আৰু নৌসেনাক একত্ৰিত কৰি কাৰ্যকলাপ শক্তিশালী কৰি তোলাটো ইয়াৰ উদ্দেশ্যে হ’ব বুলি তেওঁ উল্লেখ কৰে।

অপাৰেচন সিন্দুৰৰ প্ৰসঙ্গ

অসীম মুনিৰে লগতে নিজ ভাষণত ক্ৰমবৰ্ধমান আৰু পৰিৱৰ্তিত ভাবুকিৰ কথা উল্লেখ কৰে। মুনিৰৰ মতে, নতুনকৈ স্থাপন কৰা প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অধীনত তিনিওটা সেনা শাখা একত্ৰিত কৰাটো প্ৰয়োজনীয়। এই প্ৰসঙ্গতে তেওঁ অপাৰেচন সেন্দূৰৰ কথা কয়। অপাৰেচন সেন্দূৰৰ সময়ত সেনাবাহিনীৰ কাম-কাজৰ প্ৰশংসা কৰি ভৱিষ্যতৰ সংঘাতৰ বাবে এই সংঘৰ্ষক ‘কেছ ষ্টডি’ বুলি অভিহিত কৰে মুনিৰে।

দেশৰ আটাইতকৈ শক্তিশালী সামৰিক বিষয়া

এই নতুন পদত মুনিৰক দেশৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থা পৰিচালনা কৰা নেশ্যনেল ষ্ট্ৰেটেজিক কমাণ্ডৰ তদাৰকীও দিয়া হৈছে। ইয়াৰ ফলত মুনীৰ দেশৰ আটাইতকৈ শক্তিশালী সামৰিক বিষয়া হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, “যুদ্ধ এতিয়া চাইবাৰ স্পেচ, ইলেক্ট্ৰ’মেগনেটিক স্পেকট্ৰম, মহাকাশ, তথ্য অভিযান, AI, আৰু কোৱাণ্টাম কম্পিউটিংলৈকে বিস্তৃত।”

গতিকে সশস্ত্ৰ বাহিনীয়ে যুদ্ধৰ নতুন ক্ষেত্ৰৰ সৈতে খাপ খাব লাগিব বুলি অসীম মুনিৰে মন্তব্য কৰে। এই অনুষ্ঠানত এয়াৰ চিফ মাৰ্শ্বাল জহীৰ আহমদ বাবৰ সিদ্ধু আৰু চিফ অফ নেভেল ষ্টাফ এডমিৰেল নবীদ আশ্ৰাফকে ধৰি তিনিওটা সেৱাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।