জুবিন গাৰ্গলৈ ডি. লিট সন্মানৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ টি-২০ লৈ… দিনটোৰ শীৰ্ষ খবৰ
চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
আজি অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহ। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে সন্মানীয় ডি. লিট প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ এছ আই টি তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ভগ্নী পাল্মী বৰঠাকুৰৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ৰাইজে যি জানে তেওঁলোকেও সেয়াই জানে। চাৰ্জশ্বীটখন শক্তিশালী হোৱাৰ আশা কৰি তেওঁ কয় যে পানী নসৰকা চাৰ্জশ্বীট হ’ব লাগে। অসমবাসী আগ্ৰহেৰে ৰৈ আছে, গতিকে দোষীয়ে শাস্তি পাব লাগে বুলি দাবী কৰে পাল্মী বৰঠাকুৰে।
খানাপাৰাত যোৱা নিশা অনুষ্ঠিত হোৱা পপ ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টক ঐতিহাসিক অনুষ্ঠান আখ্যা মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে এই অনুষ্ঠানে চহৰখনক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…