‘অসম আন্দোলনৰ সত্বা, জাতীয় শ্বহীদসকলৰ ত্যাগ কেনে আছিল মানুহে সেই কথা উপলব্ধি কৰিব পাৰিব’- উৎপল শৰ্মা
সাংবাদিকৰ আগত উৎপল শৰ্মাই কয়, "আজিৰ দিনটোত ছাত্ৰসন্থা আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী এটা পূৰণ হ'ল। দীৰ্ঘদিন ধৰি দুটা দাবী উত্থাপন কৰা হৈছিল- অসম আন্দোলনৰ সত্বা, জাতীয় শ্বহীদসকলৰ ত্যাগ কেনে আছিল মানুহে সেই কথা উপলব্ধি কৰিব পৰাকৈ এখন ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে।"
কাইলৈ ৰাজ্যজুৰি পালন কৰা হ’ব শ্বহীদ দিৱস। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকো কালিলৈ উন্মোচন কৰা হ’ব। আজি সেই উপলক্ষে অনুষ্ঠিত কৰা হয় মাংগলিক অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মা।
এই সন্দৰ্ভত সাংবাদিকৰ আগত উৎপল শৰ্মাই কয়, “আজিৰ দিনটোত ছাত্ৰসন্থা আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী এটা পূৰণ হ’ল। দীৰ্ঘদিন ধৰি দুটা দাবী উত্থাপন কৰা হৈছিল- অসম আন্দোলনৰ সত্বা, জাতীয় শ্বহীদসকলৰ ত্যাগ কেনে আছিল মানুহে সেই কথা উপলব্ধি কৰিব পৰাকৈ এখন ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে। লগতে অসম আন্দোলনটো অসমৰ ইতিহাস পাঠ্যক্ৰমৰ অন্তৰ্ভূুক্ত হ’ব লাগে। আজি ইয়াৰ এটা দাবী পূৰণ হ’ল”।
আজি বৰাগাঁৱত অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পিযুষ হাজৰিকা , বিমল বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বকে ধৰি মুখ্যমন্ত্ৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলন,ভাগৱত পাঠ,গায়ন বায়ন আদি হয়। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…
