কেতিয়া ভাৰতলৈ আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি?
Zelensky: শীঘ্ৰেই ভাৰত আহিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। কেইদিনমান পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ভাৰতলৈ আহিছিল। ইয়াৰ পাছতে খবৰ আহিছে যে এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আহিব পাৰে।
শীঘ্ৰেই ভাৰতলৈ আহিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। বৰ্তমান ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও দুয়োখন দেশৰ মাজত এই সন্দৰ্ভত আলোচনা চলি আছে। সম্ভৱতঃ ২০২৬ চনৰ প্ৰথমভাগত জেলেনস্কিয়ে ভাৰত ভ্ৰমণ কৰিব পাৰে। তাৰিখৰ ওপৰত আলোচনা চলি আছে। যদি জেলেনস্কি ভাৰতলৈ আহে তেন্তে এয়া ভাৰতৰ বাবে ডাঙৰ কূটনৈতিক জয় বুলি কব পাৰি। কিয়নো জেলেনস্কিৰ হ’ব এয়া প্ৰথম ভাৰত ভ্ৰমণ।
ইয়াৰোপৰি কিছুদিন পূৰ্বে ভাৰত ভ্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। সেই সময়চোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছিল। গতিকে পুটিনৰ পাছত জেলেনস্কিৰ ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। কিয়নো ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ বহুতে ভাৰতৰ হস্তক্ষেপ বিচাৰিছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
