এতিয়াৰে পৰা দেখুৱাব নালাগে আধাৰ কাৰ্ডৰ জেৰক্স, এটা QR কোডতে হ’ব পৰিচয় প্ৰমাণ
অতি ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰা হৈছে এই নতুন নিয়ম। এই কাৰ্যকৰীকৰণৰ আঁৰত এটাই মূল লক্ষ্য আছে। কাগজভিত্তিকৰ পৰা ডিজিটেললৈ স্থানান্তৰিত কৰিবলৈ হাতত লোৱা হৈছে এই পৰীক্ষণ প্ৰক্ৰিয়াটো।
এতিয়ালৈকে বিভিন্ন ঠাইত পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড দেখুৱাব লাগিছিল। ইয়াৰ ফলত ফাদিল হৈ পৰে আপোনাৰ আধাৰ নম্বৰৰ দৰে গুৰুত্বপূৰ্ণ তথ্য। আৰু সেইবাবে ই আছিল মাস্কড আধাৰ। এই নতুন QR ক’ডৰ জৰিয়তে পৰিচয় পৰীক্ষণৰ বিষয়টো অধিক স্পষ্ট আৰু দ্ৰুত হ’ব। ইয়াৰ বাহিৰেও আপুনি প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত হ’ব।
এই নতুন এপটোৰ আগমনৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ ফটোকপি বা জেৰক্স কপি ইতিহাস হ’বলৈ গৈ আছে। দেশৰ ইউনিক আইডেন্টিফিকেশন অথৰিটি বা UIDAI ৰ এই নতুন নিয়মৰ ফলত বিভিন্ন হোটেল, ইভেণ্ট অৰ্গেনাইজাৰ আৰু আপোনাৰ পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড বিচৰা কেইবাটাও সংস্থাই এতিয়াৰে পৰা UIDAI ৰ অধীনত পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ উপৰিও এই পৰিচয় ডিজিটেল পদ্ধতিৰে পৰীক্ষা কৰিব লাগিব।
অতি ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰা হৈছে এই নতুন নিয়ম। এই কাৰ্যকৰীকৰণৰ আঁৰত এটাই মূল লক্ষ্য আছে। কাগজভিত্তিকৰ পৰা ডিজিটেললৈ স্থানান্তৰিত কৰিবলৈ হাতত লোৱা হৈছে এই পৰীক্ষণ প্ৰক্ৰিয়াটো। আচলতে আমি বিভিন্ন ক্ষেত্ৰত আধাৰৰ জেৰক্স কপি জমা দিয়াটোৱে আধাৰৰ তথ্যৰ অপব্যৱহাৰৰ আশংকা বৃদ্ধি কৰে। আপুনি বা মই প্ৰৱঞ্চনাৰ বলি হ’ব পাৰো। আৰু বৰ্তমানৰ আধাৰ আইন অনুসৰি এই প্ৰথা শুদ্ধ নহয়।
