9 Dec 2025
TV9 ASSAM
চাণক্যই মানুহক বিভিন্ন সমস্য়াৰ সমাধান দি গৈছে। কোৱা হয়, চাণক্যৰ নীতি মানি চলিলে জীৱনত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
সকলোকে ধনৰ প্ৰয়োজন। কিন্তু ধনৰ সমস্যা হোৱাও দেখা যায়। চাণক্যৰ মতে, ৫টা কামে আপোনাৰ জীৱনত উন্নতি আনিব পাৰে বা আপোনাক দৰিদ্ৰতাৰ পৰা দূৰত ৰাখিব পাৰে।
চাণক্যৰ মতে, দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ ইতিবাচক চিন্তা থকা প্ৰয়োজন। নকৰাত্মক চিন্তাই মানুহক সহায় দৰিদ্ৰতাৰ পিনে লৈ যায় আৰু অশান্তি দিয়ে।
চাণক্যই কয় যে, জীৱনত সফলতা লাভ কৰিবলৈ ৰিস্ক লোৱা প্ৰয়োজন। কিন্তু পূৰ্বে পৰিকল্পনা কৰা দৰকাৰ আৰু পাছত সিদ্ধান্ত লব পাৰে। কিয়নো ৰিস্কে আপোনাক সফল বা বিফল যিকোনো কৰিব পাৰে।
চাণক্যই কয় যে, কঠোৰ পৰিশ্ৰমৰ অবিহনে জীৱনত সফলতা লাভ কৰা সম্ভৱ নহয়। সদায় মানুহে ভাল কাম আৰু পৰিশ্ৰম কৰিব লাগে। এনে কৰিলে দৰিদ্ৰতা নাহে।
মানুহৰ ধৈৰ্য থকা প্ৰয়োজন। ধৈৰ্যবান হৈ লক্ষ্যৰ পাছত দৌৰা মানুহে সফলতা লাভ কৰে। গতিকে ধৈৰ্য ধৰি কাম কৰি নিজৰ লক্ষ্যৰ পিনে আগুৱাব লাগে।
মানুহে সদায় ধন জমা কৰিব লাগে। অযথা খৰচে মানুহক সমস্যাত পেলাব পাৰে। গতিকে বেয়া সময়ৰ বাবে সদায় ধন জমা কৰা আৱশ্যক।
পঢ়িবলৈ ক্লিক কৰক