শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জি-২০ শীৰ্ষ সন্মিলন: অষ্ট্ৰেলিয়া-কানাডাৰ সৈতে ভাৰতৰ নতুন অংশীদাৰিত্ব, ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

G 20 Summit: অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ আৰু কানাডাৰ মাৰ্ক কাৰ্নীৰ সৈতে সাক্ষাৎ কৰাৰ পিছত ছ’চিয়েল মিডিয়া পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি আমি অষ্ট্ৰেলিয়া-কানাডা-ভাৰত প্ৰযুক্তি আৰু উদ্ভাৱন (এচিআইটিআই) অংশীদাৰিত্বৰ কথা ঘোষণা কৰি আনন্দিত হৈছো।”

জি-২০ শীৰ্ষ সন্মিলন: অষ্ট্ৰেলিয়া-কানাডাৰ সৈতে ভাৰতৰ নতুন অংশীদাৰিত্ব, ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…
অষ্ট্ৰেলিয়া-কানাডাৰ সৈতে ভাৰতৰ নতুন অংশীদাৰিত্ব
trishna-kalita
Trishna Kalita | Updated On: 22 Nov 2025 21:58 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ সন্মিলনত অষ্ট্ৰেলিয়া আৰু কানাডাৰ সৈতে নতুন ‘এচিটিআই’ প্ৰযুক্তিৰ অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। ইয়াৰ লক্ষ্য হৈছে উদীয়মান প্ৰযুক্তি, স্বচ্ছ শক্তি, আৰু এআইৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা। প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দেশৰ ৰাষ্ট্ৰপতিৰ লগতে ব্ৰিটিছ আৰু ৰাষ্ট্ৰসংঘৰ মুৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰি অৰ্থনৈতিক আৰু বিনিয়োগৰ সম্পৰ্ক গভীৰ কৰাৰ উপায় সন্দৰ্ভত মত বিনিময় কৰে।

শনিবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত জি-২০ নেতা সন্মিলনৰ সময়ত অষ্ট্ৰেলিয়া আৰু কানাডাৰ সমকক্ষৰ সৈতে সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ত্ৰিমুখী প্ৰযুক্তি আৰু উদ্ভাৱনৰ অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ আৰু কানাডাৰ মাৰ্ক কাৰ্নীৰ সৈতে সাক্ষাৎ কৰাৰ পিছত ছ’চিয়েল মিডিয়া পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি আমি অষ্ট্ৰেলিয়া-কানাডা-ভাৰত প্ৰযুক্তি আৰু উদ্ভাৱন (এচিআইটিআই) অংশীদাৰিত্বৰ কথা ঘোষণা কৰি আনন্দিত হৈছো।”

তেওঁ লগতে কয়, “এই পদক্ষেপে তিনিখন মহাদেশ আৰু তিনিটা মহাসাগৰৰ গণতান্ত্ৰিক অংশীদাৰসকলৰ মাজত উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিব, যোগান শৃংখলৰ বৈচিত্ৰ্যতা বৃদ্ধি, স্বচ্ছ শক্তিক প্ৰসাৰিত কৰা, আৰু এআইৰ ব্যাপক ব্যৱহাৰত সহায় কৰিব।”

ইয়াৰ উপৰিও শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ সমকক্ষ কেইৰ ষ্টাৰমাৰ আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ সৈতে সাক্ষাৎ কৰে। ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “জহান্সবাৰ্গত প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক লগ পোৱাটো বৰ ভাল লাগিল।এই বছৰে ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বলৈ নতুন শক্তি কঢ়িয়াই আনিছে, আৰু আমি ইয়াক একাধিক ডমেইনত আগুৱাই লৈ যাম।”

প্ৰধানমন্ত্ৰীয়ে কয়,  “ৰাষ্ট্ৰসংঘৰ মুৰব্বী গুটেৰেছৰ সৈতে তেওঁৰ “বহু উৎপাদনশীল” কথা-বতৰা হৈছিল। জি-২০ নেতা সভাৰ উদ্বোধনী অধিবেশনত ভাষণ দি মোডী ডাঙৰীয়াই বিশ্ব উন্নয়নৰ পৰিমাপসমূহৰ ওপৰত গভীৰ পুনৰ চিন্তা কৰাৰ আহ্বান জনায় আৰু ড্ৰাগছ-টেৰ’ৰ নেক্সছৰ বিৰুদ্ধে যুঁজিবলৈ জি-২০ পদক্ষেপ আৰু গ্ল’বেল হেল্থকেয়াৰ ৰেচপন্স টিম সৃষ্টিৰ প্ৰস্তাৱ আগবঢ়ায়।”

জি-২০ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাগৰাকীও ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হয়। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, ভাৰত আৰু মালয়েছিয়াই পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি যাব।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। তেওঁ কয়,  “জোহান্সবাৰ্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি মেক্ৰনক লগ পাই ভাল লাগিল”। তেওঁ কয়,  “আমাৰ বহু বিষয়ত ভাল আলোচনা হৈছিল। ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক বিশ্বত ভালৰ বাবে শক্তি হৈ আছে।”

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, জি-২০ জোহান্সবাৰ্গ শীৰ্ষ সন্মিলনত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙৰ সৈতে তেওঁৰ অতি ভাল বৈঠক অনুষ্ঠিত হৈছিল। এই বছৰ আমাৰ এইখন দ্বিতীয়খন বৈঠক, যিয়ে আমাৰ দুয়োখন দেশৰ মাজত শক্তিশালী কৌশলগত অংশীদাৰিত্বক প্ৰদৰ্শন কৰে। দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু বিনিয়োগৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ উপায়ৰ ওপৰত আমি মত বিনিময় কৰিলোঁ।