শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল, সবিশেষ…

অসম আৰক্ষীত বৃহৎ ৰদ-বদল। অসম চৰকাৰৰ গৃহ (ক) বিভাগে বৃহৎ সাল- সলনি কৰি দেওবাৰে ৰাজ্যৰ কেইবাগৰাকীও আৰক্ষী বিষয়াক বিভিন্ন স্থানলৈ বদলি কৰে।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল, সবিশেষ…
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল,
trishna-kalita
Trishna Kalita | Updated On: 23 Nov 2025 21:58 PM

অসম আৰক্ষীত বৃহৎ ৰদ-বদল। ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষকক ৰদ-বদলৰ নিৰ্দেশ দিছে বিভাগে। অসম চৰকাৰৰ গৃহ (ক) বিভাগে বৃহৎ সাল- সলনি কৰি দেওবাৰে ৰাজ্যৰ কেইবাগৰাকীও আৰক্ষী বিষয়াক বিভিন্ন স্থানলৈ বদলি কৰে। ৰাজ্যৰ দুখনকৈ জিলাৰ আৰক্ষী অধীক্ষকৰ বদলি।

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ বদলি কৰা হৈছে। গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি কোকৰাঝাৰ আৰু চিৰাং আৰক্ষী বিষয়াক বদলি কৰা হয়। তলত সবিশেষ উল্লেখ কৰা হ’ল-

  1. জনসেৱাৰ স্বাৰ্থত অক্ষত গাৰ্গ, আই পি এছ (আৰ আৰ-২০১৭), চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বদলি। IPS অক্ষত গাৰ্গক কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি।
  2. কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহন্ত, APSক বদলি। নোমল মহন্ত APS (DR-2004)ক গুৱাহাটী পশ্চিম জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দ্বায়িত্ব।
  3. ধ্ৰুব বৰা, APS (DR-2004), আৰক্ষী উপ আয়ুক্ত (নিৰাপত্তা), গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি। চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দ্বায়িত্ব দিয়া হৈছে ধ্ৰুব বৰাক।
  4. অমিতাভ বসুমতাৰী, APS (DR-2004), উপ আৰক্ষী আয়ুক্ত (পশ্চিম), গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি। অমিতাভ বসুমতাৰীক SBৰ নিৰাপত্তা দ্বায়িত্ব।
  5. জ্যেষ্ঠ আৰক্ষী অধীক্ষক, এছ বি (নিৰাপত্তা), অসম মণ্টু ঠাকুৰীয়া, এ পি এছ (DR-2002)ক বদলি। গুৱাহাটী মহানগৰৰ নিৰাপত্তাৰ আৰক্ষী অধীক্ষকৰ পদলৈ বদলি কৰা হৈছে মণ্টু ঠাকুৰীয়াক।