শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Headline: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

আজি ২৩ নৱেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ
barasha-misra
Barasha Misra | Updated On: 23 Nov 2025 06:53 AM

আজি ২৩ নৱেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসম চুক্তি ৰূপায়ণক লৈ সম্পন্ন হ’ল চৰকাৰ-আছুৰ বৈঠক। মুখ্যমন্ত্ৰীৰ উপস্থিতিত দিছপুৰত অনুষ্ঠিত হৈছিল এই বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী অতুল বৰাই। তেওঁ কয়, ‘আজি এক ঐতিহাসিক দিন। অসম চুক্তি ৰূপায়ণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি হৈছে।’
  2. পুনৰ সীমান্তত নিশা ১২.১৫ বজাত ৭ অবৈধ অনুপ্ৰৱেশকাৰী। সীমান্তৰ পৰাই ওভতাই পঠিয়ালে সুৰক্ষা বাহিনীয়ে। সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  3. জি-২০ শীৰ্ষ সন্মিলনত অষ্ট্ৰেলিয়া-কানাডাৰ সৈতে ভাৰতৰ নতুন অংশীদাৰিত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ সন্মিলনত অষ্ট্ৰেলিয়া আৰু কানাডাৰ সৈতে নতুন ‘এচিটিআই’ প্ৰযুক্তিৰ অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। ইয়াৰ লক্ষ্য হৈছে উদীয়মান প্ৰযুক্তি, স্বচ্ছ শক্তি, আৰু এআইৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা।
  4. মণিপুৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে বিশ্ববাসীক হিন্দু সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে, হিন্দু সমাজ অমৰ, আৰু ভাৰতে সেই চিৰন্তন সভ্যতাক প্ৰতিনিধিত্ব কৰে। হিন্দু বিলুপ্ত হ’লে পৃথিৱীখন স্বয়ংক্ৰিয়ভাৱে বিনষ্ট হ’ব।
  5. সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আজিও বৈ আছে অনুৰাগীৰ সোঁত। প্ৰাণৰ জুবিনৰ বাবে বহুতে লগত আনিছে বহু উপহাৰ। ইয়াৰ মাজতে দেখা গৈছিল আন কিছুমান ভাললগা দৃশ্য। জুবিন ক্ষেত্ৰ চাফ-চিকুণ কৰাত নামি পৰিছিল বহু লোক। কোনো পাৰিশ্ৰমিক অবিহনে সেৱা আগবঢ়াইছিল এইসকল লোকে।
  6. কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্য হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে SR বিতৰ্কক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে, বাবু আঁচনিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
  7. শিল্পী জুবিন গাৰ্গৰ নামত চৰম অসভ্যালি একাংশৰ। গৌৰীপুৰৰ ঝালেৰ আলগা অঞ্চলত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ নামত চলিল অশ্লীল নৃত্য।
  8. ভয়ংকৰ দুৰ্ঘটনাত শ্বহীদ হয় বিমানখনৰ পাইলট উইং কমাণ্ডাৰ নমাংশ শ্যাল। শ্বহীদ নমাংশ হিমাচল প্ৰদেশৰ কাংগৰাৰ বাসিন্দা আছিল। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ দেশে শ্বহীদ জোৱানজনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। শোকস্তব্ধ হৈ পৰিছে দেশ।
  9. অসমৰ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত এবিভিপিৰ প্ৰতিবাদ। মহাবিদ্যালয়খনৰ দুজন শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এটা ডাঙৰ অভিযোগ। যাৰ বাবে ছাত্র-ছাত্রীয়ে দাহ কৰিলে শিক্ষক দুজনৰ পুত্তলিকা।