শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: আজি সোমবাৰে মহাদেৱৰ আশীৰ্বাদ পাবনে আপুনি? ৰাশিফলে দিছে এনে সংকেত, চাওক এতিয়াই

শিৱভক্তসকলে সোমবাৰ দিনটোত আৰাধ্য দেৱতাগৰাকীৰ আশীৰ্বাদ লাভৰ বাবে কিছুমান ৰীতি-নীতি মানি চলে। পিছে আপোনাৰ বাবে আজি মহাদেৱৰ আশীৰ্বাদ লাভেৰে দিনটো শুভ হৈ পৰাৰ সম্ভাৱনা আছেনে? চাওঁ আহক আজিৰ ৰাশিফলে ভিন্ন ৰাশিৰ বাবে কি আগজাননী কৰিছে।

Daily Horoscope: আজি সোমবাৰে মহাদেৱৰ আশীৰ্বাদ পাবনে আপুনি? ৰাশিফলে দিছে এনে সংকেত, চাওক এতিয়াই
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 24 Nov 2025 06:00 AM

আজি ২৪ নৱেম্বৰ, সোমবাৰ। হিন্দু ধৰ্মত সাধাৰণতে সপ্তাহৰ প্ৰতিটো দিন আৰাধ্য কোনো দেৱ-দেৱীৰ প্ৰতি উৎসৰ্গিত। সেই অনুসাৰে সপ্তাহৰ প্ৰথমটো দিন সোমবাৰ ভগৱান শিৱৰ দিন বুলি কোৱা হয়। শিৱভক্তসকলে এই দিনটোত আৰাধ্য দেৱতাগৰাকীৰ আশীৰ্বাদ লাভৰ বাবে কিছুমান ৰীতি-নীতি মানি চলে। পিছে আপোনাৰ বাবে আজি মহাদেৱৰ আশীৰ্বাদ লাভেৰে দিনটো শুভ হৈ পৰাৰ সম্ভাৱনা আছেনে? চাওঁ আহক আজিৰ ৰাশিফলে ভিন্ন ৰাশিৰ বাবে কি আগজাননী কৰিছে-

মেষ ৰাশিৰ ৰাশিফল

আজিৰ দিনটোত কামৰ চাপ বৃদ্ধি পাব পাৰে, ফলত মানসিক অস্থিৰতা থাকিব। ব্যৱসায়ত লাভ। স্বাস্থ্যৰ যত্ন লওক। চাকৰিৰ ক্ষেত্ৰত কথাৰ সংযম ৰাখক। অচিনাকি ব্যক্তিৰ কথাত ভৰসা নাৰাখিব। পৰিয়ালত সু-সম্পৰ্ক থাকিব। মাতৃৰ স্বাস্থ্যৰ যতন ল’ব। মনৰ ইচ্ছা পূৰণৰ বাবে মানসিক শান্তি পাব।

বৃষ ৰাশিৰ ৰাশিফল

ধন-সম্পদ আৰু সন্মান বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখী। পৰিয়ালৰ বিষয়সমূহ একেলগে আলোচনা কৰিলে উপকৃত হব। সন্তানৰ চাকৰিৰ সমস্যা দূৰ হ’ব পাৰে। সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ৰাজনৈতিক ক্ষেত্ৰত আশা কৰাৰ দৰে পদ নোপোৱা‌ৰ বাবে কিছু হতাশ হ’ব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

উপাৰ্জন বৃদ্ধিৰ বাবে আনন্দ বাঢ়িব। অংশীদাৰিত্বৰে কৰা ব্যৱসাযক্ষেতত সাৱধান হওক। আজি আপোনাৰ প্ৰভাৱ আৰু প্রতিপত্তি বৃদ্ধি পাব। ভাগ্যৰ বলত সফলতা লাভ কৰিব। নতুন সম্পত্তি, বিশেষকৈ ঘৰ-মাটি ক্ৰয়ৰ সুযোগ পাব।

কৰ্কট ৰাশিৰ ৰাশিফল

সামাজিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে শুভ। পুৰণি ধাৰ পৰিশোধ কৰিব পাৰিব। ব্যৱসায়িক কাৰণত ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। সন্তানৰ বিবাহ সংক্ৰান্তীয় বাধা দূৰ হ’ব। আপোনাৰ অহিত চিন্তকৰ দ্বাৰা ষড়যন্ত্ৰৰ আংশকা আছে।

সিংহ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো শুভ। হঠাতে ধন লাভ হ’ব পাৰে। অপ্ৰয়োজনীয় খৰচ কমাওক। পদোন্নতিৰ সম্ভাৱনা। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সংক্ৰান্তীয় সমস্যা দূৰ হ’ব। ব্যক্তিগত গুৰুত্বপূৰ্ণ তথ্য আন লোকৰ আগত প্ৰকাশ নকৰিব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাৎ পাব পাৰে। নতুন সম্পৰ্কৰ পৰা লাভ হ’ব।

কন্যা ৰাশিৰ ৰাশিফল

এই ৰাশিৰ বাবে দিনটো লাভজনক হ’ব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। পৰিয়ালত সু-সম্পৰ্ক অব্যাহত থাকিব। পত্নীগৃহৰ পৰা আৰ্থক লাভ হ’ব পাৰে। কোনো লোকক দিয়া প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰিবলৈ চেষ্টা কৰক। জীৱনসংগীক কোনো উপহাৰ দিব পাৰে। আচৰণত সংযম ৰাখক।

তুলা ৰাশিৰ ৰাশিফল

নতুন কোনো পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে। অৱশ্যে দায়িত্ব বৃদ্ধিয়ে আপোাক কিছু অসুবিধাত পেলব পাৰে। যিকোনো পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক। সামান্য কথাতে উত্তেজিত নহ’ব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আজি খৰচ নিয়ন্ত্ৰণৰ প্ৰতি মনোযোগ দিব লাগিব। চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হব। কৰ্মক্ষেত্ৰত সন্তুষ্টি। সন্তানৰ দায়িত্ব ভালদৰে পালন কৰক। মাতৃৰ সৈতে কোনো কথাত মতভেদৰ সম্ভাৱনা আছে। সৎ কৰ্মৰ প্ৰতি সদিচ্ছা থাকিলেও কোনো লোকে ভুল বুজিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত লোৱা কোনো সিদ্ধান্তৰ বাবে পৰিতাপৰ সম্ভাৱনা আছে। দীর্ঘম্যাদী বিনিয়োগৰ ক্ষেত্ৰত লাভৰ মুখ দেখিব। ওচৰৰ শত্ৰু তথা অহি চিন্তকৰ প্ৰতি সজাগ হৈ থাকক। ঘৰলৈ নতুন কোনো অতিথিৰ আগমন হ’ব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

ভাগ্যৰ সমৰ্থন পূৰ্ণৰূপে লাভ কৰিব। চাকৰিৰ সন্ধানত চেষ্টা চলাই থকাসকলে সুখবৰ লাভ কৰিব পাৰে। সন্মান বৃদ্ধি পাব। ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদত অসম্পূৰ্ণ কাম সফল হ’ব। সন্তানে শিক্ষাৰ বাবে বাহিৰলৈ যাত্ৰা কৰিব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

হঠাতে ধন লাভ হ’ব পাৰে আৰু ইয়াৰ বাবে আপুনি মানসিকভাৱে সুখী হ’ব। আয়-ব্যয়ৰ ভাৰসাম্য ৰাখি অযথা খৰচ নিয়ন্ত্ৰণ কৰক। কৰ্মক্ষেত্ৰত কাম বৃদ্ধি পাব যদিও পদোন্নতিৰ সম্ভাৱনা আছে। ক্ষমতা বা পদৰ অপব্যৱহাৰ নকৰিব। বিৰোধীৰ কৌশল বুজি সাৱধানে চলক।

মীন ৰাশিৰ ৰাশিফল

আৰ্থিকভাৱে শুভ দিন। ব্যৱসায়ত সফলতা পাব। নতুন কোনো পৰিকল্পনা কৰিব পাৰে। যিকোনো বিবাদৰ পৰা আঁতৰি থাকক। চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখক। বন্ধুৰ সৈতে আনন্দময় সময় কটাব পাৰে। বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কোনো কাম সম্পন্ন হোৱাৰ বাবে আনন্দিত হ’ব।