ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে উত্তৰ-পূব ভাৰত দখল কৰাৰ হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াৰ
এইবাৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য দখলৰ কৰাৰ সকীয়নি দিছে এজন প্ৰাক্তন বাংলাদেশী সেনা বিষয়াই । এই বিষয়াগৰাকী দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ একেবাৰে ঘনিষ্ঠ ।

কঁকাল থৰক-বৰক হ’লেও উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্য়ৰ মোহ এৰা নাই বাংলাদেশে । এফালে ৰাজনৈতিক অস্থিৰতা, আনফালে অৰ্থনৈতিকভাৱে বিধ্বস্ত বাংলাদেশত এতিয়াও অন্তৱৰ্তীকালীন চৰকাৰে শাসন চলাই আছে । ইয়াৰ মাজতে দেশখনৰ প্ৰাক্তন সেনা বিষয়া দম্ভালিয়ে হাঁহিয়াতৰ পাত্ৰ কৰিছে বাংলাদেশক ।
কিয়নো এইবাৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য দখলৰ কৰাৰ সকীয়নি দিছে এজন প্ৰাক্তন বাংলাদেশী সেনা বিষয়াই । এই বিষয়াগৰাকী দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ একেবাৰে ঘনিষ্ঠ । তেওঁ হৈছে বাংলাদেশৰ প্ৰাক্তন মেজৰ জেনেৰেল আলম ফজলুৰ ৰহমান ।
বাংলাদেশৰ প্ৰাক্তন এইগৰাকী মেজৰ জেনেৰেলে সকীয়াই দিছে যে, ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ মুহূৰ্তত বাংলাদেশে সেই সুযোগ লৈ উত্তৰ-পূবৰ সাতখন ৰাজ্য আক্ৰমণ কৰি দখল কৰিব । বাংলাদেশে প্ৰয়োজন হ’লে চীনৰ সহায় বিচাৰিব বুলি ছচিয়েল মিডিয়াত লিখিছে এইগৰাকী ফজলুৰ ৰহমানে ।
পহলগামত পাকিস্তানী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সৰ্বনিম্ন স্তৰত আছে । প্ৰতিশোধ ল’বলৈ সাজু হৈছে ভাৰত । শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত অবিৰতভাৱে চলি আছে যুদ্ধ বিমানৰ অনুশীলন ।
ইতিমধ্যে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ভৰ্তি ভাৰতীয় নৌসেনাৰ কেইবাখনো যুদ্ধ জাহাজ আৰব সাগৰত অৱস্থান গ্ৰহণ কৰিছে । ৰাজস্থানতো দিনে নিশাই অনুশীলন চলাই আছে টেংক বাহিনীয়ে ।
এই উত্তেজনাৰ মাজতে বাংলাদেশী সেনাৰ ভিতৰৰ পৰা ধাৰাবাহিকভাৱে উচটনিমূলক মন্তব্যৰ পোহৰলৈ আহিছে । এইগৰাকী ফজলুৰ ৰহমান কেৱল এজন প্ৰাক্তন মেজৰ জেনেৰেল নহয় । যোৱা বছৰ ইউনুছ চৰকাৰে তেওঁক অতি গুৰুত্বপূৰ্ণ পদবী দিছিল । বৰ্তমানৰ ব’ৰ্ড অৱ গাৰ্ডছ বাংলাদেশৰ প্ৰাক্তন মুৰব্বী ৰহমান এতিয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে গঠন কৰা ৭ জনীয়া কমিটীৰ মুৰব্বী । এই কমিটীয়ে পিলখানা হত্যাকাণ্ডৰ তদন্ত চলাই আছে ।
অৱশ্যে বাংলাদেশ চৰকাৰে তেওঁৰ এই মন্তব্যক অস্বীকাৰ কৰিছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব ছফিকুল আলমে স্পষ্টকৈ উল্লেখ কৰিছে যে, ফজলুৰ ৰহমানৰ বক্তব্যৰ বাবে চৰকাৰ দায়ী নহয় । এয়া তেওঁৰ ব্যক্তিগত মন্তব্য । বাংলাদেশ চৰকাৰে এনে অৰ্থহীন বক্তব্যক সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিছে ছফিকুল আলমে ।
কোৱা হৈছে যে, শেহতীয়াকৈ মহম্মদ ইউনুছৰ চীন ভ্ৰমণৰ পৰা এনে মন্তব্য প্ৰকাশ কৰিবলৈ সাহস পাইছে ফজলুৰ ৰহমানে । কাৰণ ইউনুছে নিজেই বেইজিংলৈ গৈ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য ‘স্থলভূমিত আবদ্ধ’ বুলি মন্তব্য কৰি ভাৰতক ক্ষুব্ধ কৰি তুলিছিল । গতিকে এনে মন্তব্যৰ প্ৰতিক্ৰিয়া ভাৰতে কেনেদৰে কৰিব সেয়া হ’ব লক্ষণীয় ।