শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুৰ্গা মন্দিৰৰ ওপৰত চলিল ইউনুছ প্ৰশাসনৰ বুলডজাৰঃ চাফাইৰ নামত এনে মিথ্যাচাৰিতা…

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত প্ৰত্যক্ষ আঘাত হানি এইবাৰ ইউনুছ প্ৰশাসনে ঢাকাৰ দুৰ্গা মন্দিৰৰ ওপৰত চলালে বুলডজাৰ। ইউনুছ চৰকাৰৰ এই কাৰ্যক ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰে আগবঢ়াইছে নিজৰ মন্তব্য। পিছে নিজ কাৰ্যৰ সমৰ্থনত বাংলাদেশ চৰকাৰে দিয়া মন্তব্যত কাৰ্যতঃ মিথ্যাচাৰিতাহে প্ৰকাশ পাইছে।

দুৰ্গা মন্দিৰৰ ওপৰত চলিল ইউনুছ প্ৰশাসনৰ বুলডজাৰঃ চাফাইৰ নামত এনে মিথ্যাচাৰিতা…
বাংলাদেশত দুৰ্গা মন্দিৰ ভাঙিলে প্ৰশাসনে
monjit-dutta
Monjit Dutta | Updated On: 29 Jun 2025 14:15 PM

বাংলাদেশত এতিয়া ঐক্য-সম্প্ৰীতিৰ ধাৰণা সুদূৰপৰাহত। মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ক্ৰমাৎ দেশখনত হিন্দু সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত প্ৰত্যক্ষ আঘাত হানি এইবাৰ ইউনুছ প্ৰশাসনে ঢাকাৰ দুৰ্গা মন্দিৰৰ ওপৰত চলালে বুলডজাৰ। ইউনুছ চৰকাৰৰ এই কাৰ্যক ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰে আগবঢ়াইছে নিজৰ মন্তব্য। পিছে নিজ কাৰ্যৰ সমৰ্থনত বাংলাদেশ চৰকাৰে দিয়া মন্তব্যত কাৰ্যতঃ মিথ্যাচাৰিতাহে প্ৰকাশ পাইছে।

মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বৃহস্পতিবাৰে ঢাকাৰ খিলখেট অঞ্চলৰ দুৰ্গা মন্দিৰ বুলডজাৰেৰে ভাঙি পেলায়। স্থানীয় হিন্দু বাসিন্দাসকলে এনে কাৰ্যৰ প্ৰতিবাদ কৰিলেও আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে আঁতৰাই পেলায়। এই ঘটনাক লৈ তীব্ৰ গৰিহণাৰ সন্মুখীন হোৱাৰ পিছত শুকুৰবাৰে বাংলাদেশে ৰে’লপথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান-মন্দিৰ এইদৰে ভাঙি পেলোৱা হৈছে বুলি নিজৰ চাফাই দিয়ে।

মন্দিৰকেইটা ভঙাৰ পূৰ্বে ওচৰৰ এখন নদীত মূৰ্তি বিসৰ্জন কৰা হৈছিল বুলিও বাংলাদেশ চৰকাৰে উল্লেখ কৰে। ইউনুছ চৰকাৰৰ দাবী, যোৱা বছৰ দুৰ্গা পূজাৰ সময়ত স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকে বাংলাদেশ ৰে’লৱেৰ ভূমিত অনুমতি অবিহনে পূজা মণ্ডপ নিৰ্মাণ কৰিছিল। দুৰ্গা পূজা শেষ হোৱাৰ পিছত মণ্ডপসমূহ আঁতৰাই নিব লাগিব বুলি চৰ্ত আৰোপ কৰি ৰেলৱেই অনুমতি প্ৰদান দিছিল।

কিন্তু পিছত পূজা আয়োজকসকলে মণ্ডপ খুলিবলৈ অস্বীকাৰ কৰাৰ লগতে মণ্ডপত কালি দেৱীৰ প্ৰতিমাও স্থাপন কৰে বুলি বাংলাদেশ চৰকাৰে দাবী কৰে। ইফালে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বাংলাদেশ ৰে’লৱে কৰ্তৃপক্ষই স্থানীয় প্ৰতিনিধি আৰু পূজা আয়োজকৰ সৈতে আলোচনাত মিলিত হৈছিল। আলোচনামৰ্মে এশৰো অধিক দোকান আৰু এটা ৰাজনৈতিক দলৰ দলীয় কাৰ্যালয়কে ধৰি অবৈধ নিৰ্মাণসমূহ আঁতৰোৱাৰ বাবে জাননী প্ৰদান কৰিছিল। সেই অনুসাৰে বাংলাদেশ ৰে’লৱেই ২৪ জুনৰ পৰা উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বুলি উল্লেখ কৰে।

মন্দিৰ ভাঙি পেলোৱা কাৰ্যক লৈ তীব্ৰ গৰিহণাৰ সন্মুখীন হৈ বাংলাদেশ চৰকাৰে এক বিবৃতিত দাবী কৰিছে যে মণ্ডপ ভাঙি পেলোৱাৰ পূৰ্বে বালু নদীত মন্দিৰৰ মূৰ্তি বিসৰ্জন দিয়া হৈছিল। কিন্তু ছ’চিয়েল মিডিয়াত প্ৰকাশিত ছবিত ভাঙি পেলোৱা মণ্ডপৰ কাষতে ভগ্নপ্ৰায় মূৰ্তিসমূহো পৰি থকা স্পষ্টকৈ দেখা গৈছে। এনে পৰিস্থিতিত বাংলাদেশ প্ৰশাসনে নিজৰ চাফাইৰ নামত মিথ্যাচাৰিতা হে প্ৰকাশ কৰা বুলি পুনৰ সমালোচিত হৈছে।