শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
barasha-misra
Barasha Misra | Published: 29 Jun 2025 07:09 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • ৰাজ্যত পুনৰ হানী ট্ৰেপিঙৰ ঘটনা। যোৰহাটত ৰাজেশ আগৰৱাল নামৰ এজন ব্যৱসায়ীৰ পৰা ব্লেকমেইলিঙেৰে লুটিলে কোটি কোটি টকা।
  • পাকিস্তানৰ পৰা অসমত কিছু একাউন্ট চলি আছে। অসম যুৱ কংগ্ৰেছৰ ফেচবুক একাউণ্টো ছৌদি আৰৱৰ পৰা চলি আছে। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
  • প্ৰৱঞ্চনা, শাৰীৰিক-মানসিক হাৰাশাস্তি…RCBৰ তাৰকা খেলুৱৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল মহিলাৰ। ভুক্তভোগী মহিলাগৰাকীয়ে এই বিষয়ত মুখ্যমন্ত্ৰী হেল্পলাইন পৰ্টেলত এজাহাৰ দাখিল কৰি ছ’চিয়েল মিডিয়াত ইয়াৰ স্ক্ৰীণশ্বট পোষ্ট কৰে। এই পোষ্টটোত মহিলাগৰাকীয়ে দয়ালৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰিছে।
  • গৌৰৱ গগৈয়ে পত্ৰৰ জৰিয়তে বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে উদ্যোগীক সহায় (২০২২–২৩) আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। লগতে আঁচনিখন পুনৰীক্ষণৰো আহ্বান জনাইছে গৌৰৱ গগৈয়ে।
  • জৰুৰীকালীন সময়ত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা সংযোজিত হৈছিল। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে টোল প্লাজাৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে। FASTag ৰ বাবে বাৰ্ষিক পাছ আৰম্ভ কৰা হৈছে। ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। ইফালে টোল টেক্সৰ ক্ষেত্ৰত আন এক বৃহৎ পৰিৱৰ্তন আহিবলৈ গৈ আছে কেন্দ্ৰই। এই সিদ্ধান্তৰ লগে লগে টোল টেক্স আধালৈ হ্ৰাস পাব।
  • বাংলাদেশ সন্দৰ্ভত কেন্দ্ৰই লৈছে ডাঙৰ সিদ্ধান্ত। জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা। বাংলাদেশৰ স্থল পথৰ জৰিয়তে ৯ টা সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে। শুকুৰবাৰে এই নিৰ্দেশনা জাৰি কৰিছে বৈদেশিক বাণিজ্য বিভাগ তথা বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধানে।
  • আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৭৪২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৩০ আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩০৭ টকা। ইফালে ৰূপৰ মূল্য আজি গুৱাহাটীত ১০৭.৮০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০৭,৮০০ টকা।
  • NIAই কয় যে বৰ্তমান নিষিদ্ধ ঘোষিত সংগঠন পি এফ আই (পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া)ৰ সদস্য আৰু নেতাসকল বিগত কেইবাবছৰ ধৰি এক বৃহৎ ষড়যন্ত্ৰত জড়িত হৈ আছিল। তেওঁলোকৰ লক্ষ্য আছিল দেশত সন্ত্ৰাস বিয়পাই দিয়া, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন জাপি দিয়া।