শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ! কোন ৰাজ্যত কিমানজন লোক আক্ৰান্ত হৈছে? সবিশেষ জানক

ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰ, কেৰালা, উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে ৰাজ্যত বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা। নতুন ভেৰিয়েণ্ট LF.7, XFG, JN.1 আৰু NB.1.8.1 আদি  দেখা গৈছে যদিও বেছিভাগ ক্ষেত্ৰতে লক্ষণসমূহ মৃদু। সকলোকে আতংকিত নহ’বলৈ আহ্বান ৰাজ্য চৰকাৰে । লক্ষণ দেখা দিলে তৎক্ষণাত পৰীক্ষা কৰক।

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ! কোন ৰাজ্যত কিমানজন লোক আক্ৰান্ত হৈছে? সবিশেষ জানক
ক’ভিড
trishna-kalita
Trishna Kalita | Published: 28 May 2025 07:20 AM

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ গতি। এই পৰ্যন্ত দেশত ১০০০ৰো অধিক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে কেৰালাত ৪৩০ জন, মহাৰাষ্ট্ৰত ২১০ জন, দিল্লীত ১০৪ জন, কৰ্ণাটকত ১০০ জন আৰু মহাৰাষ্ট্ৰত ৬৬ জন আক্ৰান্ত হৈছে। ইফালে মহাৰাষ্ট্ৰত ৩ জন, কেৰালাত ২ জন আৰু কৰ্ণাটকত ১ জন লোকৰ মৃত্যু হৈছে। আইচিএমআৰৰ সঞ্চালক ড০ ৰাজীৱ বাহলে কয় যে দক্ষিণ আৰু পশ্চিম ভাৰতত ধৰা পৰা নতুন ভেৰিয়েণ্ট LF.7, XFG, JN.1 আৰু NB.1.8.1 ছিৰিজৰ।

মহাৰাষ্ট্ৰত ক’ভিড ৰোগীৰ দেহত মাত্ৰ সামান্য লক্ষণহে দেখা গৈছে। আটাইকেইজন আক্রান্তৰ চিকিৎসা চলি আছে৷ ৰাজ্যখনত  ILI  (ইনফ্লুৱেঞ্জাৰ দৰে লক্ষণ) আৰু SARI (গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ)ৰ অধীনত জৰীপ চলি আছে। এই সমীক্ষাৰ অধীনত লক্ষণ দেখা দিয়া ৰোগীসকলক ক’ভিডৰ পৰীক্ষা কৰা হৈছে।

২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা মহাৰাষ্ট্ৰত মুঠ ৮,২৮২ টা কভিড টেষ্ট কৰা হৈছে, ইয়াৰে ৪৩৫ জন ৰোগী পজিটিভ ধৰা পৰিছে। আজিলৈকে ১০৬ জন ৰোগী সুস্থ হৈ উঠিছে, আনহাতে ৩২৫ জন ৰোগী এতিয়াও সক্ৰিয় হৈ আছে। ২৭ মে’ত ৰাজ্যত মুঠ ৬৬ জন নতুন পজিটিভ ৰোগী ধৰা পৰে, যাৰ জিলাভিত্তিক সবিশেষ তলত দিয়া-

মুম্বাইঃ ৩১
পুনেঃ ১৮
থানে: ৭
নৱী মুম্বাইঃ ৪
পানভেল: ৩
সাংলি: ১
নাগপুৰঃ ২

জানুৱাৰী মাহৰ পৰা মুম্বাইত মুঠ ৩১৬ জন Covid ৰোগীৰ পঞ্জীয়ন হৈছে, ইয়াৰে মে’ মাহত সৰ্বাধিক ৩১০ জন আক্ৰান্ত হৈছে। ইয়াত জানুৱাৰী মাহত ১টা, ফেব্ৰুৱাৰী মাহত ১টা, মাৰ্চ মাহত শূন্য, এপ্ৰিল মাহত ৪টা আৰু মে’ মাহত ৩১০টা ক’ভিড কেছ পোৱা গৈছে। বৰ্তমানলৈকে পোৱা সকলো Covid ৰোগীৰ ক্ষেত্ৰত এই ৰোগৰ লক্ষণ অতি সাধাৰণ। ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা Covid ৰ বাবে ৪ জন ৰোগীৰ মৃত্যু হৈছে, আটাইকেইজনৰ আন গুৰুতৰ ৰোগো আছিল।

এজন ৰোগীৰ নেফ্ৰটিক চিনড্ৰম আৰু হাইপ’কেলচিমিক আক্ৰমণ হৈছিল। দ্বিতীয়জনৰ কেন্সাৰ হৈছিল। তৃতীয়জন ৰোগীৰ মগজুৰ ষ্ট্ৰোক আৰু মৃগীৰোগৰ আক্ৰমণ হৈছিল। চতুৰ্থজন ৰোগীৰ ডায়েবেটিক কিট’এচিড’ছিছ আৰু নিম্ন শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ (LRTI) আছিল।

উত্তৰ প্ৰদেশৰ কথা ক’বলৈ গ’লে নয়দাত নতুনকৈ ৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এতিয়া মুঠ ১০ জন ৰোগী ধৰা পৰিছে। ৰাজস্থানত এজন কৰ’না পজিটিভ ৰোগীৰ মৃত্যু হোৱাৰ খবৰ। যোৱা ৯ মে’ত অৰ্ধসচেতন অৱস্থাত ৰে’ল ষ্টেচন এলেকাৰ পৰা জয়পুৰৰ এছ এম এছ হাস্পতাললৈ অনা হৈছিল এজন অচিনাক্ত ৰোগী। ২৫ মে’ত তেওঁৰ মৃত্যু হয়।মৃতকৰ ক’ভিড নমুনা মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে লোৱাৰ সময়ত তেওঁৰ ৰিপ’ৰ্ট পজিটিভ আহে।

মধ্য প্ৰদেশতো কৰ’না আক্ৰান্তৰ সন্ধান পোৱা গৈছে। গোৱাৰ পৰা উভতি অহা এগৰাকী ৭২ বছৰীয়া মহিলাকে ধৰি দুগৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰান্ত দুয়োজনৰে কোনো গুৰুতৰ লক্ষণ দেখা নাযায়। যোৱা তিনিদিনত ইন্দোৰ জিলাত ৪ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। জানুৱাৰী মাহৰ পৰা মুঠ ১১ জন কোভিড-১৯ ৰোগী ধৰা পৰিছে, ইয়াৰে এজনৰ মৃত্যু হৈছে।

বিহাৰত এজন চিকিৎসককে ধৰি ২ জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে বিষয়াসকলে জনোৱা মতে, পাটনাত ৩১ বছৰীয়া এজন লোক Covid ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে, যিটো বিহাৰৰ এই পৰ্যন্ত প্ৰথমটো ক’ভিড কেছ। আক্ৰান্ত ব্যক্তিজনে ৰাজ্যৰ বাহিৰলৈ যোৱা তথ্য নাই। সংক্ৰমণৰ মাত্ৰা অতি মৃদু। লোকজন বৰ্তমান ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে জনোৱা মতে, এইমছ পাটনাৰ এজন চিকিৎসকো কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে।