শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গতি লাভ কৰিছে ব্ৰিকছে, পিছে কি হ’ব কোৱাডৰ? মোদীৰ জাপান ভ্ৰমণৰ ওপৰত নজৰ বহুতৰ…

আমেৰিকাৰ সৈতে উত্তেজনাময় পৰিস্থিতিৰ মাজতে ব্ৰিকছে গতি লাভ কৰিছে। কিন্তু প্ৰশ্ন হয়, কোৱাডৰ কি হ'ব। কিয়নো ই বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গতি লাভ কৰিছে ব্ৰিকছে, পিছে কি হ’ব কোৱাডৰ? মোদীৰ জাপান ভ্ৰমণৰ ওপৰত নজৰ বহুতৰ…
ভাৰত-আমেৰিকাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 27 Aug 2025 17:06 PM

বিগত সময়চোৱাত বিশ্ব ৰাজনীতিত বহু পৰিবৰ্তন হৈছে। আমেৰিকাৰ লগত ভাৰতৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হোৱাৰ বিপৰীতে চীন আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছে। যাৰ ফলত ব্ৰিকছৰ গতি ক্ষিপ্ৰ হৈ উঠিছে। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হয় যে, QUAD ৰ ভৱিষ্যত কি হ’ব?  এই QUAD ত ভাৰত-আমেৰিকাৰ লগতে জাপান আৰু অষ্ট্ৰেলিয়াও আছে। মোদীৰ জাপান ভ্ৰমণক লৈ চৰ্চা হৈ থকাৰ মাজতে এই বিষয়ত প্ৰশ্ন উত্থাপন হৈছে। ইফালে চলিত বৰ্ষৰ শেষত ভাৰতত QUAD আয়োজন কৰা হ’ব।

২০০৪ চনতে QUAD গঠন হৈছিল যদিও ২০১৭ চন পৰ্যন্ত ই এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিল। তাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত ড’নাল্ড ট্ৰাম্পে ইয়াক গতি দিছিল। পৰৱৰ্তী সময়ত ইয়াক জো বাইডেনে আগুৱাই নিছিল। বাইডেনৰ নেতৃত্বত ২০২১ চনলৈ ইয়াৰ নেতাৰ স্তৰ উন্নীত কৰা হয়।

দিল্লীয়ে কি কয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাপান ভ্ৰমণৰ পূৰ্বে নতুন দিল্লীয়ে কয় যে, QUAD ৰ অধীনত খনিজ পদাৰ্থৰ দৰে বিষয়ত জাপান আৰু ভাৰত একেলগে আগবাঢ়িব। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ভাৰতে QUAD ক বহুত গুৰুত্ব প্ৰদান কৰে। আমেৰিকাৰ সৈতে উত্তেজনাময় পূৰ্ণ পৰিস্থিতিৰ পাছতো ইণ্ডো-পেছিফিকত চীনক কাউন্টাৰ হিচাপে দেখা যাব।

তেওঁ আৰু কয় যে, শুল্ক সন্দৰ্ভত ভাৰতে এতিয়াও আমেৰিকাৰ সৈতে আলোচনা কৰি আছে আৰু কোৱাড দেশসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। কোৱাডৰ লক্ষ্য হৈছে জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা, যি ভাৰত আৰু জাপান উভয়ৰে বাবে অগ্ৰাধিকাৰৰ বিষয়।

মোদীৰ জাপান ভ্ৰমণ

২৮ আগষ্টৰ সন্ধিয়া জাপানলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে ৰাওনা হ’ব প্ৰধানমন্ত্ৰী  মোদী। জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাৰ সৈতে ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ২৯ আৰু ৩০ আগষ্টত জাপানত থাকিব তেওঁ। এই ভ্ৰমণ বহু কেইটা দিশৰ ওপৰত অতি গুৰুত্বপূৰ্ণ। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মোদীৰ এয়া প্ৰথম বাৰ্ষিক শীৰ্ষ সন্মিলন। প্ৰায় ৭ বছৰৰ ভিতৰত তেওঁৰ এয়া প্ৰথম একক জাপান ভ্ৰমণ। শেষৰবাৰৰ বাবে তেওঁ ২০১৮ চনত জাপান ভ্ৰমণ কৰিছিল।

আমেৰিকাৰ বাবে কোৱাড গুৰুত্বপূৰ্ণ

আমেৰিকাৰ বাবে কোৱাড গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। ট্ৰাম্পৰ প্ৰথম কাৰ্যকালৰ সময়ত উপ-সহায়ক আৰু দক্ষিণ-মধ্য এছিয়াৰ বাবে বিশিষ্ট নিৰ্দেশক ৰূপত কাম কৰা লিছা কৰ্টিয়ে কয় যে, শুল্ক আৰু বাণিজ্যৰ ভাৰসাম্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতিয়ে ডাঙৰ জিঅ’ পলিটিকেল পিকছাৰ আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আওকান কৰিছে।

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকাৰ স্বাৰ্থক সমৰ্থন কৰা কাৰ্যকলাপ আৰু নীতিক প্ৰসাৰিত কৰাৰ বাবে কোৱাডক এক ফলপ্ৰসূ ব্যৱস্থা বুলি অভিহিত কৰে। লগতে কয় যে যদিহে আমেৰিকা-ভাৰতৰ বাণিজ্যিক আলোচনা বিফল হয় তেন্তে চীনৰ বাবে ই এক ডাঙৰ জয়  হ’ব।

আলোচনা চলি আছে

উত্তেজনা অব্যাহত থাকিলেও ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনাও চলি আছে। কৌশলগত সিদ্ধান্তৰে দুই দেশৰ সম্পৰ্ক সঠিক পথলৈ অনাৰ বাবে চেষ্টা চলাই থকা হৈছে। বিশেষজ্ঞসকলৰ মতে আমেৰিকাৰ বাবে ভাৰত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ, আনহাতে ভাৰতৰ বাবে আমেৰিকা উচ্চ প্ৰযুক্তি, বিনিয়োগ আৰু প্ৰতিৰক্ষা সহযোগিতাৰ এক ডাঙৰ উৎস। যাৰ বাবে উত্তেজনাৰ মাজতো এই দুই দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰা দৰকাৰ।

 

 

 

অন্য খবৰ পঢ়কঃ ৭০% ভাৰতীয় পৰিব বিপদত! শুল্কৰ পাছতে আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে ট্ৰাম্প চৰকাৰ…