শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Youtube Premium: এতিয়াৰ পৰা ইউটিউব ব্যৱহাৰকাৰীয়ে ভৰিব লাগিব অতিৰক্ত টকা!

ইন্দিভিজুৱেল প্ৰিপেজ (মাহেকীয়া) প্লেনৰ পুৰণি দাম ১৩৯ টকা হোৱাৰ বিপৰীতে নতুন দাম ১৫৯ টকা হৈছে। আনহাতে ৩ মাহৰ প্লেনৰ পুৰণি দাম ৩৯৯ টকাৰ বিপৰীতে নতুন দাম হৈছেগৈ ৪৫৯ টকা।

Youtube Premium: এতিয়াৰ পৰা ইউটিউব ব্যৱহাৰকাৰীয়ে ভৰিব লাগিব অতিৰক্ত টকা!
ইউটিউবৰ পৰা বেছি ধন উপাৰ্জন কৰিব বিচাৰে নেকি?
barasha-sarma
Barasha Sarma | Published: 27 Aug 2024 13:01 PM

বিভিন্ন বস্তু- সামগ্ৰীৰ হৈ থকা মূল্যবৃদ্ধিৰ মাজতে এইবাৰ ইউটিউবক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। Youtube য়ে বিজ্ঞাপনমুক্ত চাবস্ক্ৰিপশ্যন প্লেনৰ মূল্যবৃদ্ধি কৰিছে। Youtube ৰ এই সিদ্ধান্তই ছাত্ৰ, পৰিয়াল, ব্যৱসায়ী আদি সকলোধৰণৰ গ্ৰাহককে প্ৰভাৱিত কৰিছে। কিছুমান প্লেনৰ মূল্য সামান্য বৃদ্ধি পাইছে যদিও কিছুমান প্লেনৰ মূল্য ২০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে।

ইউটিউব প্ৰিমিয়াম প্লেন (Youtube Premium Plans)ৰ মূল্য ৫৮ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। ইউটিউব ব্যৱহাৰকাৰীসকলৰ বাবে বৰ্তমান ৩ মাহ আৰু ১২ মাহৰ চাবস্ক্ৰিপচন প্লেন আছে। গতিকে ক’ত কিমান দাম বাঢ়িল তলত উল্লেখ কৰা হ’ল-

YouTube Premium Price (নতুন)

নতুন দামৰ সৈতে ইউটিউব প্ৰিমিয়াম প্লেন কোম্পানীটোৰ অফিচিয়েল চাইটত উপলব্ধ কৰা হৈছে। ব্যক্তিগত (মাহেকীয়া) প্লেনৰ পুৰণি দাম ১২৯ টকা থকাৰ বিপৰীতে নতুন মূল্য হব ১৪৯ টকা। Student (monthly) plan ৰ পুৰণি মূল্য ৭৯ টকাৰ বিপৰীতে নতুন মূল্য ৮৯ টকা। আনহাতে Family (Monthly) plan ৰ পুৰণি মূল্য ১৮৯ টকাৰ বিপৰীতে নতুন মূল্য ২৯৯ টকা হৈছেগৈ।

ইন্দিভিজুৱেল প্ৰিপেজ (মাহেকীয়া) প্লেনৰ পুৰণি দাম ১৩৯ টকা হোৱাৰ বিপৰীতে নতুন দাম ১৫৯ টকা হৈছে। আনহাতে ৩ মাহৰ প্লেনৰ পুৰণি দাম ৩৯৯ টকাৰ বিপৰীতে নতুন দাম হৈছেগৈ ৪৫৯ টকা।

কোম্পানীটোৰ ব্যৱহাৰকাৰীসকলৰ বাবেও বাৰ্ষিক প্লেনো আছে। ইন্দিভিজুৱেল প্ৰিপেইড (বাৰ্ষিক) প্লেনৰ পুৰণি মূল্য আছিল ১২৯০ টকা কিন্তু এতিয়া এই  প্লেনৰ দা্ম ২০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। মূল্যবৃদ্ধিৰ পিছত এতিয়া এই প্লেনৰ বাবে বাবে ১৪৯০ টকা ভৰিব লাগিব।

উল্লেখ্য যে, ইউটিউব ব্যৱহাৰকাৰীসকলে বিজ্ঞাপনমুক্ত ভিডিঅ’ চাবলৈ ইউটিউব প্ৰমিয়া্ম ল’ব লাগে। ইউটিউব প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলে কোনো ভিডিঅ’ৰ মাজত কোনো বাধ্যতামূলক বিজ্ঞাপন চাব নালাগে। ইয়াৰ লগতে ইউটিউব প্ৰিমিয়াম ব্যৱহাৰকাৰী সকলে বেকগ্ৰাউণ্ডত আন ভিডিঅ বা গান শুনিব পাৰে। ইউটিউব প্ৰিমিয়ামৰ সহায়ত ব্যৱহাৰকাৰীয়ে ছবি-ইন-পিকচাৰ মোড আৰু উন্নত হাই ডেফিনিশ্যন ভিডিঅ’ ষ্ট্ৰীমিংৰ সুবিধা লাভ কৰে। আনহাতে যি সকলৰ ইউটিউব প্ৰিমিয়াম নাই তেওঁলোকে বাধ্যতামূলক বিজ্ঞাপন চাব লগাৰ লগতে আন সুবিধা সমূহো নাপায়।