শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৫ জুলাইৰ পৰা সলনি হ’ব YouTubeৰ এইসমূহ নিয়ম, উপাৰ্জনৰ ওপৰটো পৰিব প্ৰভাৱ…

২০২৫ চনৰ ১৫ জুলাইৰ পৰা নিজৰ অংশীদাৰ কাৰ্যসূচীৰ নিয়ম সলনি কৰিবলৈ সাজু হৈছে YouTube। ইয়াৰ বাবে ক্ৰিয়েটৰছৰ উপাৰ্জনত কি প্ৰভাৱ পৰিব আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কেনেকৈ প্ৰস্তুতি চলাব পাৰি জানক।

১৫ জুলাইৰ পৰা সলনি হ’ব YouTubeৰ এইসমূহ নিয়ম, উপাৰ্জনৰ ওপৰটো পৰিব প্ৰভাৱ…
YouTubeৰ নতুন নিয়ম
trishna-kalita
Trishna Kalita | Published: 14 Jul 2025 20:50 PM

বৰ্তমানৰ ডিজিটেল যুগত ইউটিউব এতিয়া কেৱল ভিডিঅ’ চোৱাৰ মঞ্চ নহয়, ই লাখ লাখ মানুহৰ উপাৰ্জনৰ মাধ্যম হৈ পৰিছে। বিশেষকৈ ইউটিউব শ্বৰ্টছৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই সৰু আৰু নতুন ক্ৰিয়েটৰছসকলক নাম আৰু ধন উপাৰ্জনৰ সুযোগ দিছে।

কিন্তু এতিয়া নিজৰ এই ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন কৰিবলৈ ওলাইছে ইউটিউবে, যিটো ২০২৫ৰ ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।এই পৰিৱৰ্তনে ইউটিউবৰ পৰা উপাৰ্জন কৰা বা উপাৰ্জন কৰিব বিচৰা সকলৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। যদি আপুনিও ভিডিঅ’ বনাই টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এই তথ্য আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

উপাৰ্জনৰ নিয়মৰ পৰিৱৰ্তন

ইউটিউবে এতিয়া নিজৰ Partner Program (YPP)ত নতুন নিয়ম আনিছে। ইয়াৰ ফলত ক্ৰিয়েটৰছসকলৰ বাবে Ad Revenueৰ লগতে অন্যান্য উপায়েৰেও উপাৰ্জন কৰাৰ দুৱাৰ মুকলি হ’ব। কিন্তু ইয়াৰ বাবে কিছু নতুন চৰ্ত পূৰণ কৰিব লাগিব।

YPPত যোগদান কৰিবলৈ অত্যাৱশ্যকীয় চৰ্ত

যোৱা ৯০ দিনত কমেও ৫০০ টা চাবস্ক্ৰাইবাৰ, ৩ টা ভিডিঅ’ আপলোড কৰা হৈছে বা ১২ মাহত ৩০০০ ঘণ্টা ৱাচ টাইম। ইয়াৰ বাহিৰেও ৯০ দিনত ৩০ লাখ শ্বৰ্টছ ভিউ হ’ব লাগে।

ইউটিউবে এতিয়া এআই-জেনেৰেটেড কন্টেন্ট, ফেক নিউজ, আৰু ঘৃণামূলক ভাষণ কঠোৰভাৱে নিৰীক্ষণ কৰিব। যদি কোনো সৃষ্টিকৰ্তাই এই নিয়ম ভংগ কৰে তেন্তে তেওঁলোকৰ ভিডিঅ’ বিমুদ্ৰাকৰণ কৰিব পাৰে। অথবা YPP ৰ পৰা চেনেলটো আঁতৰাব পাৰিব। লগতে উপাৰ্জন বন্ধ কৰিব পাৰি।

কাৰ কাৰ ওপৰত প্ৰভাৱ পৰিব?

যিসকলে কেৱল চুটি ভিডিঅ’ বনায় কিন্তু এংগেজমেণ্ট কম। যাৰ বিষয়বস্তু বাৰে বাৰে কপিৰাইট বা পুনৰ ব্যৱহাৰ কৰা দেখা যায়। যিসকলে ইউটিউবৰ নীতি ভংগ কৰি কেৱল AI-generated ভিডিঅ’ বনাই, তেন্তে ইয়াৰ ফলত তেওঁলোকৰ উপাৰ্জনত প্ৰভাৱ পৰিব পাৰে।

এই পৰিৱৰ্তনৰ লোকচানৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

মৌলিক আৰু মানসম্পন্ন বিষয়বস্তু সৃষ্টি কৰক। চৰ্ত আৰু নিয়মবোৰ ভালদৰে পঢ়ক। AI কন্টেন্ট বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। কপিৰাইট ফ্ৰী সংগীত, ভিডিঅ’ আৰু ফটো ব্যৱহাৰ কৰক। লগতে ইউটিউবৰ কমিউনিটি গাইডলাইন অনুসৰণ কৰক।