শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপুনিও ফোন ১০০ % চাৰ্জ কৰে নেকি? তেন্তে সোনকালে হ’ব পাৰে বেয়া, জানক সকলো…

আজিকালি প্ৰায় সকলোৰে হাতত ফোন থাকে। কিন্তু ফোন ব্যৱহাৰ কৰাৰ বিভিন্ন পদ্ধতি থাকে। সঠিকভাৱে ফোন ব্যৱহাৰ নকৰিলে বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

আপুনিও ফোন ১০০ % চাৰ্জ কৰে নেকি? তেন্তে সোনকালে হ’ব পাৰে বেয়া, জানক সকলো…
ফোন চাৰ্জImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 28 Sep 2025 18:20 PM

আজিকালি বিভিন্নজনৰ ওচৰত স্মাৰ্ট ফোন থাকে। কিন্তু এই ফোন ব্যৱহাৰ কৰাৰো কিছুমান বিশেষ পদ্ধতি থাকে। অন্য়থা সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থাকে। বহুতে ফোনটো ফুল চাৰ্জ অৰ্থাৎ ১০০% চাৰ্জ কৰি ৰাখে। আপোনাৰো আছে নেকি এই অভ্যাস? যদি আছে এই অভ্যাস ত্যাগ কৰক। কিয়নো ই আপোনাৰ ফোনৰ বেটাৰীৰ ক্ষতি কৰিব পাৰে। যদি আপুনি বাৰে বাৰে ফোনৰ ফুল চাৰ্জ কৰে তেন্তে বেটাৰী সোনকালে নষ্ট হৈ পৰিব পাৰে। গতিকে চাৰ্জ কৰাৰ সঠিক উপায় তলত উল্লেখ কৰা হ’ল-

১০০ শতাংশ চাৰ্জ কৰিলে কি হয়

যদি আপুনি বাৰে বাৰে ১০০ শতাংশ চাৰ্জ কৰে বা ১০০ শতাংশ চাৰ্জ হোৱাৰ পাছতো চাৰ্জ লৈ থাকে তেন্তে বেটাৰীৰ ভিতৰত তাপ আৰু জাপ জমা হয়। ইয়াৰ ফলত বেটাৰীৰ ক্ষমতা লাহে লাহে কমি আছে। যাৰ বাবে বহু কোম্পানীয়ে ফোন সদায় ৮০ শতাংশ চাৰ্জ কৰাৰ পৰামৰ্শ দিয়ে।

কোম্পানীয়ে কি কয়

এপল আৰু চেমচাঙৰ দৰে ব্ৰেণ্ডে বেটাৰী ভালে ৰখাৰ বিভিন্ন পৰামৰ্শ দিয়ে। সেই কোম্পানীসমূহৰ মতে, ফোন সদায় ৮০% বা ৯০% চাৰ্জ কৰিব লাগে। ইয়াৰ বাবে তেওঁলোকে ফোনত কিছুমান বৈশিষ্ট অন্তৰ্ভুক্ত কৰিছে। যাৰ সহায়ত গ্ৰাহকে ৮০ বা ৯০ শতাংশলৈ চাৰ্জ হোৱাৰ লিমিট কৰি ৰাখিব পাৰে। গ্ৰাহকে যাতে বাৰে বাৰে বেটাৰী সলনি কৰিব নালাগে তাৰ বাবে এই কাম কৰে।

সঠিক চাৰ্জৰ উপায়

  • গোটেই নিশা কেতিয়াও ফোন চাৰ্জত ৰাখিব নালাগে।
  • সদায় অৰ্জিনেল চাৰ্জাৰ ব্যৱহাৰ কৰিব লাগে।
  • গৰম ঠাইত চাৰ্জ কৰিব নালাগে।
  • ফোন গৰম হলে চাৰ্জৰ পৰা আঁতৰাই দিব।
  • ফাষ্ট চাৰ্জিং বাৰে বাৰে কৰা বন্ধ কৰক।

 

অন্য খবৰ পঢ়কঃ মোবাইল চাৰ্জ হোৱাৰ পাছত চাৰ্জাৰটো প্লাগত থৈ দিয়াৰ অভ্যাস আছে নেকি? সাৱধান, জানি লওক এই কথা…