শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এতিয়াৰ পৰা WhatsApp ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব পানী-বিদ্যুতৰ বিল…

এতিয়াৰ পৰা হোৱাটছএপৰ জৰিয়তে বিভিন্ন বিল পৰিশোধ কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰত বিত্তীয় সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈছে হোৱাটচএপ ।

এতিয়াৰ পৰা WhatsApp ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব পানী-বিদ্যুতৰ বিল…
হোৱাটছএপ
Manas Borah
Manas Borah | Published: 10 Feb 2025 12:15 PM

ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ হোৱাটছএপে বহু নতুন ফিচাৰ প্ৰৱৰ্তন কৰিছে । ফিচাৰ আপডেটৰ ওপৰত কাম কৰি থকা সমান্তৰালভাৱে হোৱাটছএপৰ বিটা পৰীক্ষণ চলি আছে। শেহতীয়াকৈ হোৱাটছএপে এনে এটা ফিচাৰ প্ৰৱৰ্তন কৰিবলৈ গৈ আছে যাৰ জৰিয়তে ব্য়ৱহাৰকাৰীয়ে বিভিন্ন বিল পৰিশোধ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা সন্মুখীন নহয় । এতিয়াৰ পৰা হোৱাটছএপৰ জৰিয়তে বিভিন্ন বিল পৰিশোধ কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰত বিত্তীয় সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈছে হোৱাটচএপ ।

খবৰ অনুসৰি হোৱাটছএপৰ নতুন ফিচাৰৰ জৰিয়তে সহজে বিদ্যুৎ আৰু পানীৰ বিল আদি পৰিশোধ কৰিব পাৰিব। ইয়াৰ উপৰিও ফোনৰ ৰিচাৰ্জ কৰিব পাৰিব। উল্লেখ্য যে, বৰ্তমানলৈকে হোৱাটছএপৰ ইউপিআই ভিত্তিক পেমেণ্ট চিষ্টেম কেৱল হোৱাটছএপ পে’ত উপলব্ধ হ’ব।

কিন্তু হোৱাটছএপত পোৱা ফিচাৰত আপুনি কেৱল আপোনাৰ চেভড হৈ থকা নম্বৰৰ লগত হে ইউ পি আইৰ জৰিয়তে ধনৰ লেনদেন কৰিব পাৰিব। অতি সোনকালে এই বৈশিষ্ট্য আৰু অধিক সম্প্ৰসাৰিত হ’ব বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ এন পি চি আইৰ অনুমোদন লাভ কৰিছে হোৱাটছএপ পে’য়ে। ইয়াৰ পূৰ্বে মাত্ৰ ১০ কোটি ব্যৱহাৰকাৰীয়েহে ইয়াক ব্যৱহাৰ কৰিব পাৰিছিল। কিন্তু এতিয়া এই সীমা আঁতৰোৱা হৈছে। কিন্তু হোৱাটছএপ পে’য়ে এতিয়াও ১০ কোটি ব্যৱহাৰকাৰীৰ পুৰণি সীমাত উপনীত হোৱা নাই। বৰ্তমান প্ৰায় ৫.১ কোটি ব্যৱহাৰকাৰীয়েহে এই সেৱা ব্যৱহাৰ কৰে।

মনকৰিবলগীয়া যে, ভাৰতত বৰ্তমান ফোনপে প্ৰায় ৪৮ শতাংশ বজাৰ অংশীদাৰিত্বৰে আগবাঢ়ি আছে। ৩৭ শতাংশ বজাৰ অংশীদাৰিত্বৰে এই দৌৰৰ দ্বিতীয় বৃহত্তম কোম্পানী হৈছে গুগল পে।