শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

একেবাৰে নোহোৱা হ’ব আপোনাৰ চিন্তা! যিকোনো স্থানত এই কাম কৰোঁতে ব্যৱহাৰ কৰক ইউএছবি কণ্ডম

ৰাজহুৱা স্থানত, ভ্ৰমণৰ সময়ত আপোনাক যথেষ্ট উপকৃত কৰিব পাৰে ইউএছবি কণ্ডমে। কাৰণ এনে স্থানত বিপদৰ আশংকা বেছি থাকে। গতিকে এই বিপদৰ পৰা আপোনাক ই ৰক্ষা কৰিব। ইউএছবি কণ্ডমৰ ব্যৱহাৰৰ বিষয়ে সঠিকভাৱে জানি লওক-

একেবাৰে নোহোৱা হ’ব আপোনাৰ চিন্তা! যিকোনো স্থানত এই কাম কৰোঁতে ব্যৱহাৰ কৰক ইউএছবি কণ্ডম
ইউ এছ বি কণ্ডমৰ ব্যৱহাৰ জানেনে?
Raj Saikia
Raj Saikia | Published: 12 Jan 2026 18:12 PM

আজিৰ ডিজিটেল জগতত স্মাৰ্টফোন সকলোৰে বাবে এক অপৰিহাৰ্য সম্পত্তি। আমি প্ৰায়ে ৰেলৱে ষ্টেচন, বিমানবন্দৰ, মলৰ দৰে ঠাইত ৰাজহুৱা ইউএছবি পৰ্ট ব্যৱহাৰ কৰি আমাৰ ফোন চাৰ্জ কৰো। কিন্তু এই সুবিধাই যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে। এই পৰ্টসমূহ ব্যৱহাৰৰ ফলত আপোনাৰ বেংক ডাটা, পাছৱৰ্ড, আৰু ব্যক্তিগত তথ্য চুৰিৰ সম্ভাৱনা থাকে। এই বিপদৰ পৰা ৰক্ষা পাবলৈ ইউএছবি কণ্ডম অতি প্ৰয়োজনীয়। এই ডিভাইচটোৰ বিষয়ে বিতংভাৱে জানো আহক।

ইউএছবি কণ্ডম কি?

ইউএছবি কণ্ডম মূলতঃ এটা সৰু ইউএছবি ডাটা ব্লকাৰ যিটো চাৰ্জ কৰাৰ সময়ত ফোন আৰু চাৰ্জিং পৰ্টৰ মাজত সুমুৱাই দিয়া হয়। ৰাজহুৱা স্থানত মোবাইল চাৰ্জ কৰাৰ সময়ত এই ডিভাইচটো অতি গুৰুত্বপূৰ্ণ। ই আপোনাৰ ফোনটো চাৰ্জ কৰে কিন্তু ডাটা ট্ৰেন্সফাৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখে। অৰ্থাৎ আপোনাৰ ফোনটো চাৰ্জ হ’ব যদিও জুচ জেকিং ৰোধ কৰে। ইয়াৰ অৰ্থ হ’ল কোনো ফাইল, পাছৱৰ্ড, বা তথ্য আপোনাৰ ফোনৰ পাৰ চুৰি কৰিব নোৱাৰিব। ই অতি সৰু, পকেট বা বেগত কঢ়িয়াই নিয়াটো সহজ। ভাৰতত ইয়াৰ দাম ৫০০ৰ পৰা ১০০০ টকাৰ ভিতৰত।

জুচ জেকিং কি?

জুচ জেকিং হৈছে এটা চাইবাৰ আক্ৰমণ য’ত হেকাৰে ৰাজহুৱা ইউএছবি প’ৰ্ট বা কেবলত মেলৱেৰ সুমুৱাই দিয়ে। আপুনি আপোনাৰ ফোন প্লাগ ইন কৰাৰ লগে লগে, আপোনাৰ বেংক ডাটা, OTPs, ইমেইল ঠিকনা, আৰু পাছৱৰ্ড চুৰি হ’ব পাৰে। এই সন্দৰ্ভত আৰ বি আইয়েও সতৰ্কবাণী জাৰি কৰিছে। বহু ক্ষেত্ৰত ফোনটো সম্পূৰ্ণৰূপে লক হ’ব পাৰে বা আপোনাৰ সমগ্ৰ সঞ্চয়ৰ ধন হেৰুৱাব পাৰে। এই বিপদ অদৃশ্য যদিও ক্ষতি যথেষ্ট হ’ব পাৰে।

ইউএছবি কণ্ডমে কেনেকৈ কাম কৰে?

এটা ইউএছবি কণ্ডমে আপোনাৰ চাৰ্জাৰ আৰু আপোনাৰ ফোনটোৰ মাজত এখন চাকনি হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে কেৱল বিদ্যুৎ পাৰ হ’ব পাৰে আৰু ডাটা লাইন কাটি পেলায়। ইয়াৰ অৰ্থ হ’ল চাৰ্জিং হ’ব, কিন্তু কোনো এপ, হেকাৰ, বা চফ্টৱেৰে আপোনাৰ ফোনত সংযোগ কৰিব নোৱাৰিব। ই কেৱল স্মাৰ্টফোনতে নহয়, টেবলেট, লেপটপ, আৰু ইউএছবি-চি ডিভাইচতো কাম কৰে। আনকি কিছুমান কেবলত ডাটা ব্লকিং বিল্ট-ইন থাকে।

সঁচাকৈয়ে ইউএছবি কণ্ডমৰ প্ৰয়োজন আছেনে?

যদিও জুচ জেকিঙৰ ক্ষেত্ৰত সঘনাই ৰিপৰ্ট পোৱা নাই, আৰু এণ্ড্ৰইড বা আইফোন ডিভাইচত বিল্ট-ইন প্ৰটেকচন আছে, তথাপিও এই বিপদ সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই। যদি আপুনি সঘনাই ভ্ৰমণ কৰে বা ৰাজহুৱা চাৰ্জিং পৰ্ট ব্যৱহাৰ কৰে, তেন্তে ইউএছবি কণ্ডম এটা ভাল সুৰক্ষা হ’ব পাৰে। কিন্তু আটাইতকৈ নিৰাপদ পদ্ধতি হ’ল নিজৰ চাৰ্জাৰ বা পাৱাৰ বেংক ব্যৱহাৰ কৰা।

ভ্ৰমণকাৰীৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ?

যিসকলে ৰেল, বাছ বা বিমানেৰে সঘনাই যাত্ৰা কৰে তেওঁলোকৰ বাবে ইউএছবি কণ্ডম এটা অপৰিহাৰ্য আনুষংগিক হ’ব পাৰে। ই সস্তা আৰু সহজে পকেটত সোমাব পাৰে। যেতিয়াই আপুনি আপোনাৰ ফোনটো ৰাজহুৱা চাৰ্জিং ষ্টেচনত প্লাগ কৰে, তেতিয়াই ইয়াক প্লাগ ইন কৰক আৰু চিন্তা নকৰাকৈ চাৰ্জ কৰক। এই সৰু ডিভাইচটোৱে আপোনাৰ ধন, পৰিচয় আৰু ব্যক্তিগত জীৱন সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।