আপোনাৰ ঘৰত থকা ফ্ৰীজটোৰো হ’ব পাৰে বিস্ফোৰণ! আঁৰত এনে কাৰণ, হওক সাৱধান
আপুনি জানেনে যে আপোনাৰ পাকঘৰত ৰখা ফ্ৰীজটোৰো বিস্ফোৰণ হ’ব পাৰে? এয়া অসম্ভৱ বুলি উলাই কৰিলে ভুল হ’ব। বহু ক্ষেত্ৰত এনেদৰে ফ্ৰীজ বিস্ফোৰণৰ ঘটনা ঘটিব পাৰে। গতিকে এনে কোনো বিপদৰ পূৰ্বে সাৱধানী পদক্ষেপ হিচাপে ফ্ৰীজ বিস্ফোৰণৰ আঁৰৰ কাৰণবোৰ জনাটো অতি প্ৰয়োজনীয়। জানো আহক এই বিষয়ে

বৰ্তমান সময়ত ফ্ৰীজটো প্ৰতিঘৰ মানুহৰে এক অপৰিহাৰ্য অংগ স্বৰূপ হৈ পৰিছে। খাদ্য সামগ্ৰী নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈকে হওক বা গ্ৰীষ্মকালত দেহ শাত পেলাব পৰাকৈ পানী শীতল কৰি ৰাখিবলৈকে হওক, ফ্ৰীজটো এতিয়া এক প্ৰয়োজনীয় সম্পদ বুলিব পাৰি। পিছে আপুনি জানেনে যে আপোনাৰ পাকঘৰত ৰখা ফ্ৰীজটোৰো বিস্ফোৰণ হ’ব পাৰে? এই কথা শুনিলে আপুনি হয়তো ভীতিগ্ৰস্ত হোৱাৰ লগতে আচৰিতো হ’ব পাৰে। কিন্তু এয়া অসম্ভৱ বুলি উলাই কৰিলে ভুল হ’ব।
বহু ক্ষেত্ৰত এনেদৰে ফ্ৰীজ বিস্ফোৰণৰ ঘটনা ঘটিব পাৰে। গতিকে এনে কোনো বিপদৰ পূৰ্বে সাৱধানী পদক্ষেপ হিচাপে ফ্ৰীজ বিস্ফোৰণৰ আঁৰৰ কাৰণবোৰ জনাটো অতি প্ৰয়োজনীয়। জানো আহক এই বিষয়ে-
কম্প্ৰেছাৰত অধিক উত্তাপঃ ফ্ৰীজত স্থাপন কৰা কম্প্ৰেছাৰটো এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ। যদি ই বেছি গৰম হয় বা বিৰতি নোহোৱাকৈ অবিৰতভাৱে কাম কৰি থাকে, তেতিয়া অতি উত্তাপৰ বাবে ইয়াৰ বিস্ফোৰণ হ’ব পাৰে।
শীতল গেছৰ লিকেজঃ ফ্ৰীজত ঠাণ্ডা কৰিবলৈ বিশেষ গেছ (যেনে- R-600a) ব্যৱহাৰ কৰা হয়। যদি এই গেছ ক’ৰবাৰ পৰা লিক হয় আৰু ওচৰতে জুই বা স্পাৰ্ক হয়, তেতিয়া বিস্ফোৰণ হ’ব পাৰে।
বৈদ্যুতিক কাৰণঃ পুৰণি বা ত্ৰুটিপূৰ্ণ প্লাগ আৰু বিদ্যুৎ পৰিবাহী কেবুলেও ফ্ৰীজত জুই বা স্পাৰ্কৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত গেছ লিক হ’লে বিস্ফোৰণ হ’ব পাৰে।
ভুল স্থানঃ যদি ফ্ৰীজটো বেৰৰ ওচৰত ৰখা হয়, বা ইয়াত অত্যধিক বস্তু ভৰোৱা হয়, তেতিয়া ফ্ৰীজটোৰ ভিতৰৰ বায়ুৰ সোঁত বন্ধ হ’ব পাৰে, যাৰ ফলত মেচিনটোৰ ওপৰত চাপ বৃদ্ধি পায় আৰু দুৰ্ঘটনা হ’ব পাৰে।
ভাৰতকে ধৰি বিশ্বৰ বহু ঠাইত ফ্ৰীজ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। কোনো কোনো ক্ষেত্ৰত লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে ঘৰতো জুই লাগিছে। এনে উদ্বেগজনক পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ সদায় ISI চিহ্ন থকা ফ্ৰীজ ক্ৰয় কৰিব লাগে। সঠিক ভল্টেজ ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰা উচিত। মাজে মাজে ফ্ৰীজটোৰ চাৰ্ভিচিং কৰাটোও অত্যন্ত প্ৰয়োজনীয়।
লগতে ফ্ৰীজটো বেৰৰ পৰা অলপ দূৰত ৰাখিব। যদি আপুনি লিক বা জ্বলি থকা গোন্ধ অনুভৱ কৰে, তেতিয়া লগে লগে প্লাগটো আঁতৰাই দিব। স্থানীয় ইলেক্ট্ৰিচিয়ানৰ জৰিয়তে মেৰামতি কৰাৰ পৰিৱৰ্তে আপোনাৰ ঘৰত থকা ফ্ৰীজৰ কোম্পানীটোৰ পৰাই পৰাপক্ষত এই সেৱা গ্ৰহণ কৰক।